নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় ক্রিকেটত দশকটোত সর্বাধিক উইকেট দখল অশ্বিনৰ

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ আন্তঃৰাষ্ট্রীয় ক্রিকেটত চলিত দশকত সর্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে অভিলেখ ৰচিছে টীম ইণ্ডিয়াৰ তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে৷ এই দশকটোত তেওঁ ক্রিকেটৰ আটাইকেইটা সংস্কৰণ মিলাই মুঠ ৫৬৪টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷

অশ্বিনৰ পিছতে এই তালিকাত স্থান লাভ কৰিছে ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জেমছ এণ্ডাৰছন আৰু ষ্টুৱার্ট ব্রডে৷ চলিত দশকত এণ্ডাৰছনে আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৫৩৫ আৰু ব্রডে ৫২৫টা উইকেট লাভ কৰিছে৷

উল্লেখ্য যে ২০১৩ত ভাৰতে আই চি চি চেম্পিয়নছ ট্রফীত খিতাপ জয় কৰাত মুখ্য ভূমিকা গ্রহণ কৰা ৩৩ বছৰীয়া অশ্বিনে চলিত দশকত ৩৬৪টা টেষ্ট, ১৫০টা এদিনীয়া আৰু ৪৬টা টি–২০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ তেওঁ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত ১৫টা উইকেট দখল কৰিছিল৷

ইফালে, এই বিৰল অভিলেখ ৰচা ৰবিচন্দ্রন অশ্বিনক ভূয়সী প্রশংসা কৰিছে ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে৷

You might also like