নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াঃ তিনি ভিন্ন খেলত ৰাজ্যক প্রতিনিধিত্ব কৰিছে ৩ সন্তানে

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়া য়ুথ গেমছত তিনি ভিন্ন খেলত অসমক প্রতিনিধিত্ব কৰিছে এগৰাকী মাতৃৰ তিনিটাকৈ সন্তানে৷ পূর্ণিমা মণ্ডল নামৰ এইগৰাকী মাতৃৰ তিনি ক্রীড়াবিদ সন্তান হ’ল সুজিত মণ্ডল, প্রদীপ মণ্ডল আৰু মালবিকা মণ্ডল৷

গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত সুজিতে খো খো, প্রদীপে হকী আৰু মালবিকাই ফুটবলত ৰাজ্যক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছে৷ এটা সময়ত আর্থিক দুৰৱস্থাৰ বাবে ক্রীড়াৰ সামগ্রী ক্রয় কৰিব নোৱাৰা

পূর্ণিমা মণ্ডলে যথেষ্ট পৰিশ্রম আৰু কষ্টেৰে সুজিত, প্রদীপ আৰু মালবিকাক ৰাজ্যিক খেলুৱৈ হিচাপে গঢ়ি তুলিছে৷ নিজৰ তিনিওটি সন্তানক খেলৰ জৰিয়তে প্রতিষ্ঠিত কৰোৱাৰ সপোন দেখা পূর্ণিমাই আজি কয় যে আৰম্ভণিতে তেওঁ সুজিত, প্রদীপ আৰু মালবিকাক খেলপথাৰত নমোৱাৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু তিনিওটি সন্তানে প্রতিভাৰ বলত বিভিন্ন প্রতিযোগিতাত সুন্দৰ প্রদর্শনেৰে ৰাজ্যিক দলত স্থান লাভ কৰে আৰু ইয়াৰ পিছতে তেওঁলোকৰ আর্থিক স্থিতি সলনি হয়৷

অসমৰ তিনিটা ভিন্ন ক্রীড়া দলত স্থান লাভ কৰা পূর্ণিমা মণ্ডলৰ তিনিওটি সন্তানে খেলৰ জৰিয়তে উপার্জন কৰা ধনেৰে এতিয়া তেওঁলোকে স্বাচ্ছন্দ্যৰে চলিব পাৰে৷ ‘পঢ়া–শুনাৰ মাজত লাভ কৰা আজৰি সময়খিনিৰ উপযুক্ত ব্যৱহাৰৰ বাবে মই তিনিওটি সন্তানক খেলাৰ সুযোগ দিছিলোঁ৷ তেওঁলোকে স্কুলৰ পৰা ঘৰলৈ আহি খেলপথাৰলৈ দৌৰে আৰু ইয়াৰ ফলত মোৰ সন্তানকেইটা বেয়া সংগৰ পৰা আঁতৰি থাকিব পাৰিলে৷ এতিয়া মই তেওঁলোকক লৈ গৌৰৱান্বিত৷ এটা সময়ত মই দোকান দি তেওঁলোকক প্রতিষ্ঠিত কৰাৰ সংগ্রাম চলাইছিলোঁ৷’– তিনি খেলুৱৈ সন্তানৰ মাতৃ পূর্ণিমা মণ্ডলে গৌৰৱেৰে এইদৰে কয়৷

You might also like