নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীলৈ অপেক্ষা কৰিবলৈ আহ্বান ধোনীৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ধোনীয়ে কেতিয়ালৈ খেলপথাৰত পুনৰ অৱৰ্তীৰ্ণ হব, ইয়াক লৈ অনুৰাগীৰ মাজত চলি থকা চিন্তা-চৰ্চাৰ মাজত বুধবাৰে টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে অহা বৰ্ষৰ জানুৱাৰী মাহলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছে অনুৰাগীসকলক। বুধবাৰে মুম্বাইত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটছমেনগৰাকীয়ে কয় যে অহা জানুৱাৰী মাহলৈকে তেওঁক যাতে কোনোও প্ৰশ্ন নকৰে, কেতিয়ালৈকে তেওঁ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিব। উল্লেখ্য যে যোৱা জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ ক্ৰিকেক ছেমিফাইনেলত পৰাস্ত হোৱাৰ পিছৰে পৰা ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে।

You might also like