নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামছেদপুৰৰে ড্র নর্থ–ইষ্ট এফ চিৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ চলিত আই এছ এলত অপৰাজয়ৰ ধাৰা অব্যাহত ৰাখিছে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে৷ জামছেদপুৰত সোমবাৰে অনুষ্ঠিত এখন মেচত দলটোৱে ঘৰুৱা দল জামছেদপুৰ এফ চিৰ সৈতে ১–১ গ’লত ড্র খেলে৷ অন্তিম ক্ষণলৈ নর্থ–ইষ্ট ইউনাইটেড এফ চি ০–১ গ’লত পিছ পৰি আছিল যদিও ৯০ মিনিটত ট্রিয়াডিছে এটা দর্শনীয় গ’লেৰে আলহী দলটোৰ পৰাজয় ৰোধ কৰিবলৈ সক্ষম হয়৷ জামছেদপুৰ এফ চিয়ে মেচখনৰ ২৮ মিনিটত ছার্জি’ কাষ্টেলৰ গ’লৰ সহায়ত অগ্রগতি অর্জন কৰিছিল৷

You might also like