নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাই–ছেপ্টেম্বৰত সম্পূর্ণ আই পি এল অনুষ্ঠিত কৰাৰ লক্ষ্য ব’ডৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ চীনৰ য়ুহানৰ পৰা সম্প্রসাৰিত ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি স্থবিৰ হৈ পৰিছে বিশ্বৰ ক্রীড়াক্ষেত্র৷ এই মহামাৰী ভাইৰাছবিধৰ প্রভাৱ ভাৰততো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ যাৰ ফলত দেশখনৰ সকলোধৰণৰ ক্রীড়া প্রতিযোগিতা বাতিল কৰিবলগীয়া হৈছে৷ এই মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোও ১৫ এপ্রিললৈ স্থগিত কৰা হৈছে৷ কিন্তু দিনকদিনে ক’ৰোনাৰ আতংক বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত আই পি এলখনক লৈ অনিশ্চয়তা আহি পৰিছে যদিও অহা জুলাই–ছেপ্টেম্বৰ মাহত এই ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন সম্পূর্ণ সূচী অনুযায়ী অনুষ্ঠিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে বি চি চি আয়ে৷ যদি ক’ৰোনা ভাইৰাছৰ আতংক কমে, তেন্তে জুলাই–ছেপ্টেম্বৰত আই পি এলখন অনুষ্ঠিত হোৱাটো প্রায় খাটাং৷

কিয়নো, ফিউচাৰ ট্যুৰছ প্রগ্রেমৰ ২০২০ বর্ষৰ সূচীয়ে বি চি চি আইলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ জুলাই–ছেপ্টেম্বৰত কোনো বিশেষ শৃংখলা নাই৷ ছেপ্টেম্বৰত ইউ এ ইত এছিয়া কাপ টি–২০ আৰু ইংলেণ্ডে পাকিস্তানৰে ঘৰুৱা শৃংখলাত মুখামুখি হোৱাৰ বাহিৰে আন কোনো শৃংখলা নোহোৱা হেতুকে উক্ত সময়ছোৱাত আই পি এলখন সম্পূর্ণ সূচীমতে অনুষ্ঠিত কৰিব পাৰিব বুলি আশাবাদী বি চি চি আই৷

You might also like