নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত নিয়মীয়াকৈ হ’ব দিবা–নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ভাৰতৰ মাটিত শেহতীয়াকৈ অনুষ্ঠিত প্রথমখন দিবা–নৈশ টেষ্টলৈ দর্শকৰ অভূতপূর্ব সঁহাৰিয়ে উৎসাহিত কৰিছে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীক৷ মুম্বাইত কালি অনুষ্ঠিত ব’ডৰ বহু প্রত্যাশিত বার্ষিক সাধাৰণ সভাৰ পিছত সাংবাদিকৰে হোৱা মত–বিনিময়ত প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে যোৱা মাহত ইডেন গার্ডেনত হৈ যোৱা দিবা–নৈশ টেষ্ট এতিয়া ভাৰতৰ ঘৰুৱা ক্রিকেট সূচীৰ নিয়মীয়া অংশ হ’ব৷ দেশৰ ভিন্ন প্রান্তত দিবা–নৈশ মেচসমূহ আয়োজন কৰা হ’ব বুলিও গাংগুলীয়ে উল্লেখ কৰে৷ ‘টেষ্ট ক্রিকেটৰ জনপ্রিয়তা পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে দেশৰ সৰু–বৰ সকলো চহৰত দিবা–নৈশ টেষ্টৰ আয়োজন কৰা হ’ব৷ বিভিন্ন ক্রিকেট সন্থাসমূহে ইতিমধ্যে দিবা–নৈশ টেষ্ট মেচ আয়োজন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ কলকাতাত যোৱা মাহত হৈ যোৱা ভাৰত–বাংলাদেশৰ দিবা–নৈশ টেষ্টখনৰ প্রতি দর্শকৰ ব্যাপক সঁহাৰিয়ে সকলোকে উৎসাহিত কৰিছে৷

এতিয়া আমি ভাৰতৰ ঘৰুৱা ক্রিকেট সূচীত দিবা–নৈশ টেষ্ট নিয়মীয়াকৈ সন্নিৱিষ্ট কৰিম৷ গাংগুলীয়ে এইদৰে কয়৷ বি চি চি আয়ে উপার্জন কৰা ৰাজহৰ ধন দেশৰ ক্রিকেটৰ আন্তঃগাঁথনি উন্নয়নত ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰি ব’ডৰ মুৰব্বীগৰাকীয়ে পুনৰ কয় যে দেশৰ ক্রিকেটৰ সামগ্রিক উন্নয়নৰ বাবে ব’র্ডে কেইবালানিও অভিলাষী আঁচনি হাতত লৈছে৷ বিশেষকৈ অনাগত দিনত উত্তৰ–পূবকে ধৰি ৯খন নতুন ৰাজ্যত ক্রিকেটৰ আন্তঃগাঁথনি নির্মাণত বি চি চি আয়ে গুৰুত্ব প্রদান কৰিব৷ নতুনকৈ ৰাষ্ট্রীয় ক্রিকেট একাডেমী স্থাপন কৰা হ’ব বুলিও গাংগুলীয়ে আজি ঘোষণা কৰে৷ ইফালে, এম এছ কে প্রসাদে দেওবাৰে চাৰি বছৰীয়া কার্যকাল অন্ত পেলোৱাৰ পিছত ৰাষ্ট্রীয় নির্বাচক মণ্ডলী নতুনকৈ গঠন কৰিবলৈ প্রস্তুত বুলি ব’ডৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিয়ে৷ নতুন নির্বাচক মণ্ডলীৰ এক নির্দিষ্ট কার্যকাল নির্ধাৰণ কৰা হ’ব বুলিও তেওঁ কয়৷

You might also like