নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত সংঘর্ষঃ শাস্তিৰ সন্মুখীন হ’ব পাঁচগৰাকীকৈ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ১৯ বছৰ অনূর্ধ্ব আই চি চি বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ পিছত বাংলাদেশৰ খেলুৱৈসকলে আক্রমণাত্মক আনন্দ উৎসৱত মত্ত হোৱাৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে৷ ক্রিকেটৰ আচৰণবিধি ভংগৰ এনে ঘটনাক আই চি চিয়ে কেতিয়াও সহ্য নকৰে বুলি সকীয়াই দি আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে কালি কয় যে এই ঘটনাৰ সৈতে জড়িত ৫ গৰাকী খেলুৱৈক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক শাস্তি বিহা হ’ব৷ আই চি চিৰ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপিত এই খেলুৱৈকেইগৰাকী হ’ল বাংলাদেশৰ তৌহিদ হূদয়, ছামিন হুছেইন, ৰকিবুল হাছান আৰু ভাৰতৰ আকাশ সিং, ৰবি বিষ্ণৈ৷

মন কৰিবলগীয়া যে ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ পিছতো একাংশ বাংলাদেশী ক্রিকেটাৰে বিভিন্ন আক্রমণাত্মক অংগী–ভংগীৰে ভাৰতীয় ক্রিকেটাৰসকলক প্রৰোচিত কৰিছিল৷ এটা সময়ত দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটাৰ উপক্রম হৈছিল যদিও শেষ মুহূর্তত আম্পায়াৰে হস্তক্ষেপ কৰি পৰিস্থিতি শান্ত কৰে৷

You might also like