নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবর্ষৰ মিনি ছাউথ আফ্রিকা

কিশোৰ কলিতা

           ভাৰতবর্ষৰ প্রতিটো কোণতে অনেক ৰহস্য লুকাই আছে আৰু এই ৰহস্যৰ ভাণ্ডাৰ সম্পূর্ণ অতুলনীয়৷ ৰহস্যৰে ভৰপূৰ ভাৰতবর্ষৰ বিভিন্ন গাঁও–চহৰে আজিও সমগ্র বিশ্বত এক সুকীয়া স্থান লাভ কৰি আছে৷ এই গাঁও–চহৰবোৰ ভিন্ন বিশেষত্বৰ বাবে সমগ্র বিশ্বতে জনপ্রিয়৷ ইয়াৰ ভিতৰত গুজৰাটৰ জম্বুৰ গাঁওখনো অন্যতম৷ ভাৰতবর্ষৰ এই বিশেষ গাঁওখনত আফ্রিকাৰ লোকৰ জনবসতি দেখিবলৈ পাওঁ৷ যদিও শুনিবলৈ আচৰিত, এয়া চিৰসত্য৷ গুজৰাটত অৱস্থিত এই গাঁওখন গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা প্রায় ৪৩০ কিঃমিঃ নিলগত আৰু গিৰ আন্তঃৰাষ্ট্রীয় অভয়াৰণ্যৰ সমীপত অৱস্থিত৷ সাম্প্রতিক সময়ছোৱাত বহুসংখ্যক লোকে এই গাঁওখন সম্পর্কে জ্ঞাত নহয়৷ এই লোকসকল সাধাৰণতে সিদ্দি সম্প্রদায়ৰ বুলি পৰিচিত৷

ইতিহাস তথা বিভিন্ন লোকৰ বক্তব্য অনুসৰি প্রাচীন কালতেই ভাৰতবর্ষত এই লোকসকলৰ আগমন হোৱা বুলি উমান পোৱা যায়৷ যদিও এওঁলোকৰ পূর্বপুৰুষ আফ্রিকাৰ আছিল, কিন্তু বহু বছৰ ধৰি বর্তমানলৈকে ভাৰতবর্ষৰ বাসিন্দা হিচাপে থকাৰ বাবে এওঁলোকৰ মুখত বিশেষকৈ আমি গুজৰাটী আৰু হিন্দী ভাষা শুনিবলৈ পাওঁ৷ এই সম্প্রদায়ৰ অধিকাংশ লোকে শিক্ষাৰ ক্ষেত্রত যথেষ্ট পিছপৰা আৰু প্রায়ভাগেই দিন হাজিৰাৰ যোগেৰে জীৱন নির্বাহ কৰা দেখা যায়৷ এই গাঁওখন আর্থিক দিশত যথেষ্ট পিছপৰা৷ নিবনুৱা সমস্যা হৈছে এই গাঁওখনৰ এক প্রধান সমস্যা৷ সেই গতিকে এই গাঁওখনৰ বেছিসংখ্যক লোকেই কৃষিকেই নিজৰ জীৱিকা হিচাপে লোৱা পৰিলক্ষিত হয়৷বর্তমান এই সম্প্রদায়ৰ কিছুসংখ্যক লোকে চৰকাৰী চাকৰি কৰাৰ উপৰি সামৰিক সেৱাৰ সদস্য হৈছে৷ এওঁলোকৰ এক জনপ্রিয় নৃত্য হৈছে ধামাল নৃত্য৷ এই ধামাল নৃত্য পুৰুষসকলেহে পৰিৱেশন কৰা দেখা যায়৷ বিভিন্ন উৎসৱ–পার্বণত তেওঁলোকে এই জনপ্রিয় ধামাল নৃত্য পৰিৱেশন কৰে৷ কেৱল নিজৰ ঠাইতে সীমাবদ্ধ নাথাকি এওঁলোকে আন আন ঠাইসমূহতো এই ধামাল নৃত্য পৰিৱেশন কৰে৷ এওঁলোকে নিজকে ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে৷ বুৰঞ্জীৰ পাত যদি আমি লুটিয়াই চাওঁ তেন্তে বিদেশী শাসকসকলৰ সৈতে আফ্রিকাৰ এই লোকসকলে ভাৰতবর্ষত প্রৱেশ কৰিছিল বুলি উমান পোৱা যায়৷

সেইসময়ত এওঁলোকে সেনা তথা দেহৰক্ষক হিচাপে ভাৰতবর্ষত প্রৱেশ কৰিছিল৷ এওঁলোকক পূব আফ্রিকাৰ পৰা ভাৰতবর্ষলৈ অনা হৈছিল৷ আনুমানিকভাৱে প্রায় ৭৫০ বছৰ পূর্বে পর্তুগীজসকলে এই লোকসকলক গোলাম কৰি ভাৰতবর্ষলৈ আনিছিল৷ কিছুসংখ্যক ইতিহাসবিদে বিশ্বাস কৰে যে ৭ শতিকাত আৰব সদাগৰৰ সৈতে এওঁলোকে ভাৰতবর্ষত প্রৱেশ কৰিছিল৷ এই জাম্বুৰ গাঁওখন ভাৰতবর্ষৰ অন্য গাঁওবোৰৰ তুলনাত যথেষ্ট পৃথক আৰু সুকীয়া৷ এই গাঁওখন ‘মিনি ছাউথ আফ্রিকা’ বুলিও অভিহিত৷ আনুমানিকভাৱে এই গাঁওখনত প্রায় ২,০০০তকৈও অধিক আফ্রিকাবাসীৰ বসবাস দেখিবলৈ পোৱা যায়৷ ভাৰতবর্ষত প্রায় ৫৫,০০০ সিদ্দি লোকে বসবাস কৰে৷ গুজৰাটৰ উপৰি কর্ণাটক, মহাৰাষ্ট্র, গোৱাত এই সিদ্দি লোকসকলৰ জনবসতি দেখিবলৈ পোৱা যায়৷ ৮০ দশকত বহু বছৰ ধৰি জংঘলত বাস কৰা এই সিদ্দিসকলৰ অনুসন্ধান আৰম্ভ কৰা হৈছিল৷ কাৰণ সেই সময়ত চৰকাৰে দেখিছিল ক্রীডাৰ ক্ষেত্রত আফ্রিকাৰ খেলুৱৈসকলে এক অভূতপূর্ব পাৰদর্শিতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল আৰু সেই গতিকেই ক্রীডাৰ ক্ষেত্রত নিজৰ দেশ ভাৰতবর্ষক আগবঢ়াই নিয়াৰ উদ্দেশ্যেই ইয়াত বাস কৰা সিদ্দি লোকসকলক বিশেষভাৱে প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷

অলিম্পিকৰ বাবে এওঁলোকক সাজু কৰিবলৈSAI (Sports Authority of India)special area gamesৰ আয়োজন কৰিছিল৷ এইক্ষেত্রত ভাৰতত বাস কৰা আফ্রিকাৰ এই লোকসকলে তেওঁলোকৰ নিজৰ পাৰদর্শিতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এটা সময়ত এইArea Gamesৰ অনুষ্ঠান বন্ধ হৈ পৰে আৰু এওঁলোকৰ বহুতৰে সপোন আধৰুৱা হৈ পৰিল৷ কিন্তু বর্তমান সময়ত ক্রীডাৰ ক্ষেত্রত অপাৰ স্পৃহা থকা এই সিদ্দি লোকসকলক তেওঁলোকৰ সোণালী স্বপ্ণবোৰ পূৰণৰ ক্ষেত্রত বিভিন্ন অনুষ্ঠানে পদক্ষেপ লোৱা বুলি শুনিবলৈ পোৱা গৈছে৷ গুজৰাটৰ এই সিদ্দি সম্প্রদায়ৰ লোকসকলৰ অধিকাংশই ইছলাম ধর্ম অনুসৰণ কৰে৷ জাম্বুৰ গাঁওখনৰ স্থানীয় বাসিন্দাৰ মতে ইয়াৰ বর্তমানৰ ল’ৰা–ছোৱালীবোৰে তেওঁলোকৰ পূর্বপুৰুষৰ বিষয়ে জ্ঞাত নহয় আৰু যিসকলে এই সম্পর্কে জ্ঞাত আছিল তেওঁলোক বর্তমান এই পৃথিৱীত নাই৷ এই সম্প্রদায়ৰ লোকসকলে নিজ সম্প্রদায়ৰ মাজতে বিবাহপাশত আবদ্ধ হয় আৰু সেই কাৰণে ৭৫০ বছৰ ভাৰতবর্ষত বসবাস কৰা সত্ত্বেও তেওঁলোকৰ দেহৰ প্রকৃতি আৰু বৈশিষ্ট্য হুবহু আফ্রিকান লোকসকলৰ দৰে৷ এই গাঁওখনৰ লোকসকলে নির্বাচনত ভোট প্রদান কৰাও দেখা যায়৷ সদৌ শেষত এয়াই ক’ব বিচাৰোঁ জম্বুৰ গাঁও যাক আমি মিনি ছাউথ আফ্রিকা বুলিও কওঁ, এই গাঁওখনে কেৱল ভাৰতবর্ষতেই নহয়, সমগ্র বিশ্বতে এক সুকীয়া স্থান অধিকাৰ কৰি আছে৷ এওঁলোকৰ জীৱন প্রণালী জনাৰ উদ্দেশ্যে আজিও এই গাঁওখনত বিভিন্ন পর্যটকৰ আগমন ঘটা দেখা যায়৷

You might also like