নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্রৰ শিহৰণকাৰী হোটেল ফ্রায়িং পেন

সমুদ্রৰ তর্জন–গর্জন ৷ আনফালে মুক্ত আকাশ৷ ইফালে নীলিম জলৰাশি৷ তাৰ মাজত আপুনি ৷ এক ৰোমাঞ্চকৰ পৰিৱেশ ৷ অৱশ্যে এই পৰিৱেশটোৰ সৈতে সহাৱস্থান কৰিবলৈ লাগিব এক দুঃসাহসিক মন৷ কাৰণটো হৈছে এনেধৰণৰ প্রকৃতিৰ কোলাত নৈশ উদ্যাপনৰ স্বপ্ণত বিভোৰ হোৱাৰ বাবে লাগিব মনত সাহস ৷ দুঃসাহসিকতা যদি আপোনাৰ সহযাত্রী হয়, তেনেহ’লে এই পৰিৱেশে দিব এক অনন্য সোৱাদ ৷ এই যে উল্লেখ কৰা পৰিৱেশটো যথেষ্ট ৰোমাঞ্চকৰ হ’লেও ভালদৰে চিন্তা কৰিলে সাধাৰণ মানুহৰ বুকু কঁপি উঠিব ৷ কিয়নো এনে পৰিৱেশত নৈশ যাপনৰ স্বপ্ণ যথেষ্ট কষ্টসাধ্য৷ ইফালে পূব আকাশৰ সূৰুয দেৱতাই যেতিয়া পশ্চিম আকাশলৈ ঢ়াপলি মেলি এটা সময়ত নিশাৰ আন্ধাৰ ছটিয়াই দিব, সেই সময়তেই এনে এখন সমুদ্রৰ মাজত অকলশৰে থকাৰ কথা কল্পনাই কৰিব পৰা নাযাব৷ পিছে আমি যিসমূহ কথা নাভাবোঁ, সেইসমূহৰ প্রতিয়েই আকৌ এক অজান আগ্রহ পশ্চিমীয়া দেশসমূহত৷ তেওঁলোকৰ মনত সদায় কিবা এক অদ্ভুত তথা শিহৰণকাৰী–ৰোমাঞ্চ চিন্তা–চর্চাই সদায় আগস্থান পাই আহিছে৷ এনে এক শিহৰণকাৰী চিন্তা উদ্রেককাৰী স্থানেই হৈছে ফ্রায়িং পেন৷ এখন বিশেষ হোটেল৷ বিশেষ এইবাবেই যে এই হোটেলখন অৱস্থিত সমুদ্রৰ মাজত৷ সেয়াও যথেষ্ট দুর্গম স্থানত৷ সমুদ্রত হোটেল বৰ বিশেষ এটা নতুন বিষয়বস্তু নহয় যদিও এই হোটেলখন অৱশ্যে বিশেষত্বৰে ভৰা৷ এই হোটেলত থাকিবলৈ এলা–পেচা বিধৰ লোক হ’লে নহ’ব৷ এই হোটেলত থাকিবলৈ লাগিব দেহ–মনত অফুৰন্ত সাহস৷ স্থলপথেৰে নিকটৱর্তী ঠাইৰ পৰা কাষৰতেই যদি এই হোটেলত গৈ এৰাতি নৈশ যাপন কৰিম বুলি ভাবিছে, সেয়া অলীক কল্পনা কৰা যেন হ’ব৷ কাৰণটো হৈছে স্থলপথেৰে এই হোটেল যাবলৈ কোনোধৰণৰ সু–ব্যৱস্থাই নাই৷ তদুপৰি এই হোটেললৈ যোৱাৰ সম্বল হৈছে জলপথ অথবা আকাশী পথ৷ উত্তৰ কেৰিলোনাৰ বল্ডহেড আইলেণ্ডৰ দক্ষিণে ৩২ মাইল সমুদ্রৰ দূৰত্বত অৱস্থিত এই ফ্রায়িং পেন হোটেল৷ এই হোটেলৰেই আকৌ ফ্রায়িং পেন নামটোৰো এক বিশেষত্ব আছে৷ উল্লেখ্য, ফ্রায়িং পেন য’ত নেকি সমুদ্রৰ গভীৰতা অলপ কম৷ ফ্রায়িং পেন যিদৰে চেপেটা আকাৰৰ আৰু কম গভীৰতাৰ হয়, ঠিক একেদৰেই এই হোটেলৰ কাষৰ পৰিৱেশটো ঠিক এনেধৰণৰ৷ সেইবাবেই হোটেলখনৰ নাম ৰখা হয় ফ্রায়িং পেন৷ প্রকৃততে সমুদ্রৰ মাজত এনেধৰণৰ কম পৰিসৰত বিপজ্জনক তথা শিহৰণকাৰী ঠাইত এনে এখন হোটেলৰ নির্মাণ কিদৰে হ’ল? এনে এক প্রশ্ণই সকলোকে ভবাই তুলিব পাৰে৷ স্থলপথৰ সৈতে কোনোধৰণৰ সংযোগ নোহোৱাকৈ কিদৰে এনে দুর্গম স্থানত এই হোটেলৰ নির্মাণ কৰা হ’ল, সেয়াও চিন্তা কৰিবলগীয়া বিষয়েই৷ কিন্তু এই ফ্রায়িং পেন পূর্বতে হোটেল নাছিল৷ আছিল আমেৰিকাৰ কোষ্ট গার্ডৰ লাইট হাউছ৷ ১৮৫৪ চনত সমুদ্রত চলাচল কৰা জাহাজক দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ এই লাইট হাউছৰ নির্মাণ কৰা হৈছিল৷ ঠিক এইদৰে নির্মাণ কৰা এই লাইট হাউছকে পুনৰ এবাৰ ১৯৬০ চনত নতুনকৈ মেৰামতি কৰা হয়৷ পূর্বতে কাঠেৰে তৈয়াৰী এই লাইট হাউছে ক্রমান্বয়ে আধুনিকতাৰ পৰশ পায়৷ ফলত এই লাইট হাউছকেই ষ্টীলেৰে অধিক নিৰাপদভাৱে নির্মাণ কৰা হয়৷ এইদৰেই ষ্টীলেৰে নির্মিত লাইট হাউছটোতে আমেৰিকাৰ কোষ্ট গার্ডসকলে কাম–কাজ চলাই লৈ গৈছিল বছৰ বছৰ ধৰি৷ পিছে অত্যাধুনিক প্রযুক্তিবিদ্যাৰ এই দৌৰত সংযোজন হয় এক নতুন আহিলাৰ৷ ১৯৭০ চনত অত্যাধুনিক জি পি এছ প্রযুক্তিৰে সমৃদ্ধ হৈ পৰে জাহাজসমূহ৷ ফলত এই প্রযুক্তিৰ জৰিয়তে জাহাজৰ নাৱিকে অতি সহজতেই সমুদ্রৰ গভীৰতাৰ সঠিক মাপ অনুমান কৰিবলৈ সক্ষম হয়৷ সেইবাবেই ক্রমান্বয়ে এই লাইট হাউছৰ ব্যৱহাৰ কমি আহে৷ শেষত এটা সময়ত এই লাইট হাউছটো পৰিত্যক্ত হৈ পৰে৷ এইদৰে সময় বাগৰাৰ লগে লগেই এই লাইট হাউছ পাহৰণিৰ গর্ভলৈ গুচি যায়৷ কিন্তু ২০১০ চনত উত্তৰ কেৰোলিনাৰ বাসিন্দা ৰিচার্ড মিলে ক্রয় কৰে ৮০ ফুট উচ্চতাৰ এই লাইট হাউছ৷ ৰিচার্ডে এই লাইট হাউছক শক্তিশালী ৰূপত পুনৰ নির্মাণেৰে দেখনিয়াৰ হোটেলৰ দৰে কৰি তোলে৷ সেইদৰে আটলাণ্টিকৰ বিশাল ঢ়ৌ আৰু সমুদ্রৰ সেই তর্জন–গর্জন কৰি অহা ধুমুহা–বতাহৰ পৰা ৰক্ষা পাবলৈ এই লাইট হাউছক যথেষ্ট শক্তিশালীকৈ তৈয়াৰ কৰে ৰিচার্ডে৷ ইফালে ৰোমাঞ্চকৰ তথা শিহৰণকাৰী মাদকতা লাভ কৰিব বিচৰা পর্যটকৰ বাবে এই হোটেল হৈ পৰে স্বর্গপুৰীৰ দৰেই৷ সমুদ্রৰ মাজত থকা এই হোটেলৰ চৌপাশৰ নির্ভেজাল বিনন্দীয়া প্রাকৃতিক পৰিৱেশে পর্যটকক বাৰুকৈয়ে আকর্ষিত কৰে৷ এনেদৰেই এই হোটেল অতি কম দিনৰ ভিতৰতেই জনপ্রিয় হৈ পৰে পর্যটকৰ মাজত৷ অৱশ্যে সীমিত কিন্তু সকলোধৰণৰ সা–সুবিধা উপলব্ধ মাথোঁ কেইবাটাও কোঠাবিশিষ্ট এই হোটেলৰ প্রতি পর্যটকৰ উৎসুকতা আৰম্ভণিৰ পৰাই যথেষ্ট আছিল৷ আনহাতে এই হোটেল অর্থাৎ নির্দিষ্ট গন্তব্যস্থানলৈ যাবলৈ হ’লে পর্যটকে নিজস্ব নাও ব্যৱহাৰ কৰিব পাৰে৷ আকৌ হোটেল কর্তৃপক্ষই যোগান ধৰা স্পীড বোটেৰে নিকটৱর্তী আইলেণ্ডৰ পৰাও এই হোটেললৈ অহাৰ বাবে আছে সু–ব্যৱস্থা৷ তদুপৰি কোনো পর্যটকে আকাশমার্গেৰে আহি এই হোটেলত প্রৱেশ কৰিম বুলি ভাবিলেও হোটেল কর্তৃপক্ষই তাৰ সু–ব্যৱস্থা কৰি ৰাখিছে৷ সেইদৰে ফ্রায়িং পেন হোটেলৰ কোঠাৰ সংখ্যা হৈছে আঠটা৷ প্রত্যেকটো কোঠাৰ পৰাই সমুদ্র দেখা পোৱা যায়৷ একোগৰাকী পর্যটকৰ দুই ৰাতি তিনি দিনৰ খোৱা আৰু থকাৰ বাবদ হোটেল কর্তৃপক্ষক আদায় দিব লাগে ৪২,৮৯৮ টকা৷ যাৰ ভিতৰত যাতায়াত ব্যয় অন্তর্ভুক্ত৷ উল্লেখ্য যে ফ্রায়িং পেন হোটেললৈ হেলিকপ্ঢাৰেৰে আহিব বিচাৰিলে অৱশ্যে পর্যটকে ব্যয় কৰিব লাগিব সামান্য উচ্চ হাৰৰ অর্থ৷ একোগৰাকী পর্যটকে দুৰাতি আৰু তিনি দিন থকা আৰু খোৱাৰ বাবদ খৰচ কৰিব লাগিব ৯২, ৮৯৮ টকা৷ তাৰ ভিতৰত হেলিকপ্ঢাৰেৰে অহাৰ ব্যয় অন্তর্ভুক্ত হৈ আছে৷ এই ফ্রায়িং পেন হোটেলৰ ৯% কাম–কাজ সৌৰশক্তিৰ দ্বাৰা চালিত হোৱাৰ উপৰি বৰষুণৰ পানী সংৰক্ষণ তথা তাৰ উচিত ব্যৱহাৰ কৰি আহিছে কর্তৃপক্ষই৷ শেষত বহিঃজগতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ কোলাহলপূর্ণ পৰিৱেশৰ পৰা দূৰত অৱস্থান গ্রহণৰ শান্তিপূর্ণ অথচ শিহৰণকাৰী নৈশ যাপনৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভৰ বাবে এই ফ্রায়িং পেন হোটেল হৈছে উপযুক্ত ৷

You might also like