নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নায়ুতন্ত্রৰ ৰোগ নিৰাময়ৰ উপায়

ধনেশ্বৰ হুজুৰী

আমাৰ মানৱ দেহৰ বিভিন্ন অংগ–প্রত্যংগত কিছুমান সুষম আৰু তেলযুক্ত পদার্থৰে পৰিপূর্ণ নলী থাকে৷ এইবোৰ বগা সূতাৰ আঁহৰ দৰে দেখা যায় আৰু ইয়াক স্নায়ু বুলি কোৱা হয়৷ এই স্নায়ুবোৰে আমাৰ দেহৰ অংগ–প্রত্যংগৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা বিভিন্ন অংগ–প্রত্যংগলৈ বার্তা বহন কৰি লৈ যায়৷
যি স্নায়ুৰ দ্বাৰা আমাৰ দেহটো বা অংগ–প্রত্যংগবোৰ পৰিচালিত হয়, এই স্নায়ুবোৰ বিভিন্ন কাৰণত দুর্বল হৈ পৰে৷ যেতিয়া মানুহৰ এই স্নায়ুবোৰ দুর্বল হয় তেতিয়া আমি আমাৰ কাম–কাজবোৰ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱৰা হওঁ ৷
স্নায়ু দুর্বলতাৰ লক্ষণবোৰ –

হাত–ভৰি জিনজিনায়৷ প্রায়ে অকামিলা হৈ পৰে৷

হাত–ভৰি কঁপিবলৈ ধৰে ৷ ভৰিৰ কলাফুলত তেজ গোট মাৰি ধৰে

হাত–ভৰিৰ সিৰাবোৰ টানি ধৰে৷ কেতিয়াবা কোঁচ খুৱাই আনে

লাহে লাহে শৰীৰ দুর্বল হয়৷ মানুহজন খিংখিঙীয়া হয়

প্রায়ে যোৱাৰ পৰা উঠিলে বা বহু সময় বহি থাকিলে মূৰ ঘূৰণি হয়

মগজুৰ ভাৰসাম্য নোহোৱা হয় 

ভৰি–হাতৰ বিষ হয়৷ হাত–ভৰিৰ কঁপনি হয়

একাংগী হৈ বিছনাত পৰি থাকিবলগীয়া হ’ব পাৰে

কথাবোৰ পাহৰি যায়৷ স্মৰণশক্তি হ্রাস হয়

বিশেষকৈ শৌচ–প্রস্রাৱ নিয়ন্ত্রণ কৰিব নোৱৰা হয়

মগজুৰ বিকাৰ হৈ মানুহ পাগল পর্যন্ত হ’ব পাৰে

ইয়াৰ উপৰি এই স্নায়ু দুর্বলতা ৰোগটো কিয় হয়? ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ উপায়? ইয়াৰ উপৰি এই স্নায়ু দুর্বলতা ৰোগৰ প্রাদুর্ভাৱ হ’ব ধৰিছে৷ প্রায় শতকৰা ৬৫জন লোকৰে স্নায়ুৱিক ৰোগৰ বৃদ্ধিয়ে মানুহক আজিও ব্যতিব্যস্ত কৰি তুলিছে৷ আজি আমি আলোচনা কৰিম।

 

এই স্নায়ৱিক ৰোগ হোৱাৰ কাৰণ কি?

দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ৷ বিশেষকৈ ফছফৰাছ, কার্ব’হাইড্রেট, খনিজ পদার্থযুক্ত খাদ্যৰ অভাৱ হ’লে হয়৷ অতিপাত খং–ৰাগ কৰিলে স্নায়ুবিলাক দুর্বল হৈ পৰে ৷ আনকি অতিপাত ক্রোধত স্নায়ু কোষবোৰ ধ্বংসপ্রাপ্ত হৈ মানুহজন একাংগী ৰোগত আক্রান্ত হ’ব পাৰে৷ বায়ু প্রদূষণৰ ফলতো স্নায়ুবোৰ দুর্বল আৰু অকামিলা হয় ৷ নিচাজাতীয় দ্রব্য, মদ, ভাং আদি সেৱন কৰিলে স্নায়ু ৰোগ হ’ব পাৰে৷ টোপনি খতি কৰিব নালাগে৷ টোপনি খতি কৰিলে স্নায়ৱিক ৰোগ হ’ব পাৰে৷
ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ কৰা শাক–পাচলি খোৱাৰ ফলতো স্নায়ৱিক ৰোগত আক্রান্ত হয়৷ দুশ্চিন্তা, হতাশা, অৱসাদ আদি হ’লেও মানুহৰ স্নায়ু দুর্বল হৈ পৰিব পাৰে৷
গতিকে এই স্নায়ৱিক ৰোগৰ পৰা পৰিত্রাণ পোৱাৰ বাবে কিন্তু আমাৰ জীৱনশৈলী সুন্দৰ হ’ব লাগিব৷ বিশেষকৈ খাদ্যাভ্যাস, ব্যায়াম, যোগ, ইতিবাচক চিন্তাৰে মন ভৰাই তুলিব লাগিব৷ সদায় নিয়মিত ব্যায়াম, থেৰাপী, খোজকঢ়া আদি কৰি থাকিলে স্নায়ৱিক ৰোগৰ পৰা পৰিত্রাণ পোৱা যাব৷
স্নায়ৱিক দুর্বলতা দূৰ কৰি সুস্থ–সবল হোৱাৰ খাদ্যবোৰ এনেধৰণৰ–
মানিমুনি, টেঙেচী, ব্রাহ্মী আৰু মৰিচা শাক খাব লাগে ৷

পদিনা টেঙা দি বটা, খুতুৰা শাকৰ আঞ্জা উপকাৰী

বিলাহী, আমলখি, ৰঙা লাউৰ আগ স্নায়ৱিক ৰোগৰ বনৌষধ৷

নহৰু, পিঁয়াজ, আদা অতি উপকাৰী বুলি কোৱা হয়৷

পুৱাৰ জলপান খোৱাৰ পিছত এটা আপেল খালে স্নায়ৱিক দুর্বলতা ৰোগৰ উপশম পাব বুলি কোৱা হয়৷ 

এগিলাচ গাখীৰ অশ্বগন্ধাৰ গুড়া, এডোখৰ গুৰৰ সৈতে খালে স্নায়ু দুর্বলতা দূৰ হয়৷

ব্রাহ্মী শাক সৰু সৰুকৈ কুটি ঘিউত ভাজি খালে স্নায়ু সবল হৈ উঠিব৷

মানিমুনিৰ পাত আৰু চাৰি কোঁহ নহৰুৰ সৈতে চাটনি কৰি ডেৰ মাহমান খালে আৰোগ্য হ’ব৷
 কোমোৰাৰ আঞ্জা সপ্তাহত দুদিন খালেও স্নায়ু সবল হৈ উঠিব৷

টেঙেচী টেঙা আৰু হেলচী শাক বটি চাটনি কৰি এসপ্তাহমান খালেও স্নায়ু সবল হৈ উঠিব৷
 সদায় ভাল সংগ, ভাল চিন্তা–চর্চা, ভালকর্ম–আধ্যাত্মিক চিন্তাৰে মন ভৰাই ৰাখক৷ বিভিন্ন ৰোগৰ পৰা পৰিত্রাণ পাব৷

সাত্ত্বিক আহাৰ, বতৰৰ ফলমূল, শাক–পাচলি খোৱাৰ ওপৰত গুৰুত্ব দিয়ক৷ দেহ–মন সুস্থ হৈ থাকিব৷

You might also like