নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু প্রদূষণে বিপদ মাতিছে মাতৃ গর্ভৰ শিশুৰ মস্তিষ্কলৈ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ বায়ু প্রদূষণ যিমানেই বৃদ্ধি পাইছে সিমানেই হ্রাস পাইছে গর্ভস্থ শিশুসকলৰ মস্তিষ্কৰ বিকাশ৷ গুৰুতৰভাৱে ক্ষতি হৈছে মাতৃ গর্ভত থকা শিশুসকলৰ হাঁওফাঁও আৰু যকৃতৰ৷ চহৰাঞ্চলত দূষিত জলবায়ুৰ বাবে মাতৃ গর্ভত থকা শিশুসকলৰ জীৱনলৈ ভয়াৱহ পৰিস্থিতি নামি আহিব পাৰে বুলি এক গৱেষণা–পত্রত আশংকা কৰা হৈছে৷ অর্থাৎ গর্ভস্থ শিশুৰ শৈশৱ বিপন্ন হ’ব পাৰে অত্যধিক প্রদূষণযুক্ত চহৰবোৰত৷ বেলজিয়ামৰ হেছেল্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক টিম নৌৰত আৰু তেওঁৰ সহযোগীসকলৰ এই গৱেষণাৰ সবিশেষ তথ্য প্রকাশ পাইছে ব্রিটেইনৰ সংবাদ–পত্র ‘দ্য গার্ডিয়ান’ত৷

এই গৱেষণা–পত্রত উল্লেখ কৰা হৈছে যে প্রদূষণৰ কবলত পৰা অঞ্চলবোৰত ভ্রূণৰ মস্তিষ্ক, হাঁওফাঁও আৰু যকৃতত দূষিত কণাৰ উপস্থিতি পোৱা গৈছে৷ ২০১৮ চনত লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক জনাথন গ্রিগ আৰু তেওঁৰ সহকর্মীসকলে প্রথম চহৰাঞ্চলৰ মানৱ ভ্রূণত বায়ুত ভাহি অহা দূষিত কণাৰ উপস্থিতিৰ কথা সদৰী কৰিছিল৷ হেছেল্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে স্কটলেণ্ড আৰু বেলজিয়ামৰ তুলনামূলকভাৱে কম প্রদূষিত চহৰৰ ধূমপান নকৰা প্রসূতিসকলৰ ওপৰত পৰীক্ষা চলাই ভ্রূণত উদ্বেগজনকভাৱে কার্বনসহ বিভিন্ন প্রদূষণ কণাৰ উপস্থিতি পোৱা বুলি ঘোষণা কৰিছে৷ অতি দূষিত অঞ্চলবোৰৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি গৱেষণা–পত্রত সতর্কবাণী কৰা হৈছে৷

You might also like