অসম প্রদেশ কংগ্রেছ - নিয়মীয়া বাৰ্তা

ৰিপুণ–ৰকিবুলৰ লবীকেন্দ্রিক ৰাজনীতিত ফ্লপ ‘কা’বিৰোধী আন্দোলন
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ কা’বিৰোধী আন্দোলন–প্রতিবাদত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কংগ্রেছত তুংগত উঠিছে ক্ষমতাকেন্দ্রিক সংঘাত৷ নেতৃত্বক কেন্দ্র কৰি দলটোৰ ভিতৰচ’ৰাত চলা এনে সংঘাতময় পৰিস্থিতিৰ বাবেই কংগ্রেছ দলে ৰাজ্যখনত চলি থকা ‘কা’বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়াত ব্যর্থ হোৱা বুলি খোদ দলৰ অভ্যন্তৰতে গুৰুতৰ অভিযোগ উঠিছে৷

যোৱা কেইটামান দিনৰ ভিতৰত একাংশ কংগ্রেছীয়ে দলৰ হাইকমাণ্ডলৈ এই সম্পর্কত জাপে জাপে অভিযোগ–পত্র প্রেৰণ কৰিছে৷ দলীয় এক সূত্রই জানিবলৈ দিয়া মতে যোৱা বছৰৰ নৱেম্বৰ মাহৰ প্রথম সপ্তাহতে অসমৰ পর্যবেক্ষকৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে এই মুহূর্তত প্রদেশ কংগ্রেছৰ সভাপতি আৰু বিৰোধী দলপতি সলনি কৰা নহয় বুলি স্পষ্ট কৰি দি সকলো কংগ্রেছ নেতা–কর্মীক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়৷

পিছে ইমানৰ পিছতো কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিৰ অৱসান নঘটিল৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক অপসাৰণৰ বাবে একাংশ কংগ্রেছীয়ে তৎপৰতা অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিৰোধী দলপতি দেৱব্রত শইকীয়াকো আঁতৰোৱাৰ লবীকেন্দ্রিক ৰাজনীতি অব্যাহত আছে৷ বিৰোধী দলপতি শইকীয়াক আঁতৰোৱাৰ নেতৃত্ব লৈছে স্বয়ং সভাপতি ৰিপুণ বৰাৰ ঘনিষ্ঠৰূপে পৰিচিত ৰকিবুল হুছেইন, অজন্তা নেওগ, ৱাজেদ আলী চৌধুৰীকে ধৰি দলৰ ১২গৰাকীকৈ বিধায়কে৷ দেৱব্রত শইকীয়াৰ নেতৃত্বৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই যোৱা ৩ জানুৱাৰীত বিৰোধী দলপতিগৰাকীয়ে হাইকমাণ্ডৰ নির্দেশত ‘কা’ৰ বিৰুদ্ধাচৰণ কৰা সম্পর্কত ৰাজনীতি যুগুতোৱাৰ বাবে আয়োজন কৰা বিধায়িনী দলৰ বৈঠকো বর্জন কৰে৷

যোৱা দুটা দিনত এই বিষয়টো ক্ষুব্ধ কংগ্রেছীয়ে হাইকমাণ্ডক জাপে জাপে অভিযোগ দিছে৷ দলীয় সূত্রটোৱে অভিযোগ কৰা অনুসৰি দলৰ নেতৃত্ব ঐক্যবদ্ধ হ’ব নোৱাৰাৰ বাবেই কংগ্রেছে ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়াত ব্যর্থ হৈছে৷ দলে নিজাববীয়াকৈ ‘কা’ৰ বিৰুদ্ধে জনজাগৰণ অনাৰ বাবে যোৱা ২২ ডিচেম্বৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ অস্তিত্ব ৰক্ষাৰ সংগ্রাম নামেৰে যি পদযাত্রা কার্যসূচী গ্রহণ কৰিছে, সেয়াও বহু সময়ত ফ্লপ শ্ব’ত পৰিণত হৈছে৷

লবীকেন্দ্রিক ৰাজনীতিৰ বাবেই সেই পদযাত্রাত সীমিতসংখ্যক লোকেহে অংশগ্রহণ কৰা দেখা হৈছে৷ দলৰ বর্তমানৰ নেতৃত্বই নিজৰ লবীৰ আধিপত্য অক্ষুণ্ণ ৰখাৰ বাবে অতি কৌশলেৰে নিজৰ পছন্দৰ নেতাসকলকহে সেই কার্যসূচীত জড়িত কৰাইছে৷ বিৰোধীসকলক অতি কৌশলেৰে নিলগাই ৰাখিছে৷ ‘কা’ৰ বিৰুদ্ধে স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ ওলাই অহা জনগণক কংগ্রেছে এতিয়ালৈ তেওঁলোকৰ কার্যসূচীত সামৰি ল’ব পৰা নাই৷ সূত্রটোৰ স্পষ্ট অভিযোগ এই মুহূর্তত কংগ্রেছে সন্মুখৰ পৰা ৰাইজক নেতৃত্ব দিব নোৱাৰাৰ বাবেই প্রতিবাদী জনতাই বিজেপিৰ বিকল্প হিচাপে নতুন দল গঠনৰ প্রসংগ উত্থাপন কৰিছে৷ এয়া কংগ্রেছৰ বাবে চূড়ান্ত ব্যর্থতা৷

কংগ্রেছৰ এনে ব্যর্থতাৰ বাবেই বিজেপি দলে ২০২১ চনত পুনৰ ৰাজ্যৰ শাসনভাৰ দখল কৰিব বুলি সদম্ভে ঘোষণা কৰিব পাৰিছে বুলি অভিযোগ কৰে৷ মন কৰিবলগীয়া এয়ে যে ২০২১ চনত হ’বলগীয়া বিধানসভা নির্বাচনৰ বাবে বিজেপি দলে গ্রহণ কৰা তৎপৰতাৰ বিপৰীতে কংগ্রেছৰ তৎপৰতা তেনেই দুর্বল বুলি দুমাহ পূর্বে নগাঁৱৰ সাংসদ তথা এ আই চি চিৰ সম্পাদক প্রদ্যুৎ বৰদলৈয়ে এ আই চি চিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটক স্পষ্টভাৱে অভিযোগ কৰিছিল৷ তেওঁ আনকি হাইকমাণ্ডে সিদ্ধান্ত দিওঁতে যথেষ্ট পলম কৰে বুলিও অভিযোগ কৰিছিল৷ এতিয়া অসমৰ জনসাধাৰণ ‘কা’ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ পাছতো কংগ্রেছে সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সমর্থ নোহোৱাত ২০২১ত দলটোৰ অস্তিত্ব থাকিবনে নাই তাক লৈ কংগ্রেছৰ অভ্যন্তৰত প্রশ্ণ উত্থাপন হৈছে৷

The post ৰিপুণ–ৰকিবুলৰ লবীকেন্দ্রিক ৰাজনীতিত ফ্লপ ‘কা’বিৰোধী আন্দোলন first appeared on নিয়মীয়া বাৰ্তা.