কিতাপ আৰু অধ্যয়ন - নিয়মীয়া বাৰ্তা

কিতাপ আৰু অধ্যয়ন
যোৱা কেইটামান দিনৰ পৰা অসমত কিতাপৰ উৎসৱ আৰম্ভ হৈছে আৰু উৎসৱমুখৰ পৰিবেশক বিভিন্ন মহলে অসমীয়া সাহিত্যৰ মতান্তৰে কিতাপৰ ব্যৱসায়ৰ বাবে উৎসাহজনক খৱৰ হিচাপে বিবেচনা কৰিছে। গ্ৰন্থমেলাৰ আঁতধৰিয়েই অসমৰ ভালেমান ঠাইত নতুন নতুন কিতাপ ছপা হৈছে, উন্মোচিত হৈছে আৰু সেই কিতাপবোৰৰ প্ৰশংসাত বহু সময় ব্যয় কৰা হৈছে। কিতাপ প্ৰকাশন ব্যবসায়ৰ দিশৰ পৰা এই ভাল সংখ্য়াৰ কিতাপৰ প্ৰকাশ ভাল খবৰ কাৰণ ই ছপাশাল ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে কিছু অৰ্থ উপাৰ্জনৰ পথ মুকলি কৰে। লেখকৰ স্ৱপ্ৰকাশনৰ লগত জড়িত হৈ থকা কিছু লোকেও পোনপটীয়াকৈ কিছু ধনৰ মুখ দেখে আৰু তেওঁলোকৰ লগতে সেই অৰ্থৰ ভাগ আন কিছুমানলৈও যায়। কিন্তু মূল কথা হ’ল এনেবোৰ কিতাপে পাঠক আৰু বিক্ৰেতাৰ পৰা কিমান আদৰ পায় আৰু কিতাপৰ জগতত ই কিমানখিনি প্ৰভাৱ বিস্তাৰ কৰে। অকল বিক্ৰীৰ দিশৰেই সকলো কথা বিবেচনা কৰিব নোৱাৰি বা কৰাটো উচিত নহয়। কিতাপ একোখনৰ গুণগত মান বিশ্লেষণ কৰা, পাঠকক সেই কিতাপৰ ওচৰলৈ লৈ যোৱা আদি কথাবোৰো ৰৈ যায় আৰু এইবোৰৰ অবিহনে কিতাপ এখনৰ স্থিতি বিচাৰ কৰাটো সম্ভৱ নহয়। সাধাৰণতে এটা ধাৰণা আছে যে যিবোৰ কিতাপে প্ৰকাশক নাপায় অথবা বজাৰত যিবোৰ কিতাপৰ চাহিদা নাই বুলি ভৱা হয় তেনে কিতাপবোৰকেই লেখকে নিজেই ছপাবলৈ ইচ্ছা কৰে। এয়াও কোনো অপৰাধমূলক কথা নহয়। নিজে প্ৰকাশ কৰা মানেই কিতাপখন গুৰুত্ৱহীন হ’ব সেই ধাৰণা কৰাটোও কোনো ধৰণে প্ৰশংসনীয় কাম নহয়। স্ৱপ্ৰকাশনক হেয়ভাৱে চোৱা মানসিকতা এতিয়া দূৰ কৰিব হল। মূল কথা হল কিতাপ প্ৰকাশ হোৱাটোৱেই শেষ কথা নহয়, সেই কিতাপখনে উচিত স্থানলৈকে নিজকে নিব পাৰিছে নে নাই সেয়াহে গুৰুত্ৱপূৰ্ণ কথা। বহু প্ৰতিষ্ঠিত লেখকৰ কিতাপেও পাঠকৰ আদৰ নাপাই অৱহেলিত হৈ পৰি থাকে নতুন প্ৰকাশকে প্ৰকাশ কৰা কিতাপেও পাঠকৰ সমাদৰ লাভ কৰে। পাঠকে গ্ৰহণ নকৰালৈকে কিতাপ এখনৰ প্ৰকাশ-বিকাশ সম্পূৰ্ণ নহয়।

কিতাপ প্ৰকাশৰ এই আয়োজনৰ লগতে কিতাপ পঢ়াৰ আন্দোলন এটিও সমান্তৰালভাৱে চলি আছে আৰু এই আন্দোলনে অসমীয়া মানুহৰ কিতাপ পঢ়া অভ্যাসক পুনৰ জগাই তুলিব বুলি আশা কৰা হৈছে এগৰাকী বয়স্ক পাঠকে কি কিতাপ পঢ়িব সেই কথা নিৰ্ভৰ কৰে তেওঁৰ শিক্ষা ৰুচিবোধ আৰু সাংস্কৃতিক বিকাশৰ ওপৰত। এনে পাঠকক অইনে বিশেষ প্ৰভাৱিত নকৰাৰ সম্ভাবনাই অধিক। অৱশ্যে কিছুমান পাঠকক বিজ্ঞাপন আৰু প্ৰচাৰ বা লেখকৰ গ্লেমাৰেও প্ৰভাবিত কৰে। কিন্তু কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ ক্ষেত্ৰত কিছু পৰামৰ্শ দিয়াৰ প্ৰয়োজন থাকে। বিজ্ঞাপনৰ মায়াজালত বন্দী হৈ বা সহজ পাঠ্যৰ লোভত পৰি তেওঁলোকে যাতে নিজৰ অধ্যয়ন সংক্ৰান্তীয় ৰুচিবোধক নিম্ন খাপতেই আবদ্ধ কৰি থবলগীয়া নহয়, উচ্চ স্তৰৰ সাহিত্য ৰস গ্ৰহণৰ পিনে তেওঁলোক আগবাঢ়িব পাৰে তাৰবাবে প্ৰয়োজনীয় পৰামৰ্শদাতা হব পাৰে বিদ্যালয়ৰ শিক্ষকসকলৰ। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰ পৰা পাই থাকে আৰু কিছু দায়িত্ৱ পালনৰ মনোভাৱৰে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ নিৰ্বাচনৰ ক্ষেত্ৰত সহায় কৰাটো প্ৰয়োজনীয়। অকল অসমীয়া সাহিত্যই নহয়, বিশ্ব সাহিত্যৰ উৎকৃষ্ট আৰু প্ৰয়োজনীয় ৰচনাবোৰৰ প্ৰতিও তেওঁলোকক উৎসাহিত কৰাৰ দায়িত্ব শিক্ষকসকলেই লব পাৰে। অকল সাহিত্যই নহয়, ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ণৰ স্পৃহা বঢ়োৱা আৰু চিন্তাৰ জগতখনৰ পৰিধি বহল কৰাৰ বাবে আন কিছুমান কিতাপৰো প্ৰয়োজন থাকে। তেনে কিতাপৰ সংখ্যা বঢ়োবাটোও প্ৰকাশকসকলৰ দায়িত্ৱ। এচাম ৰুচিবান পাঠকৰ জন্ম হ’লেহে সাহিত্যই বিকাশ লাভ কৰিব। কিতাপ পঢ়াৰ আন্দোলনৰ গুৰি ধৰোতাসকলে এইবোৰ দিশেৰে কথাবোৰ বিবেচনা কৰি লেখক প্ৰকাশকসকলক কিতাপ পঢ়া আন্দোলনৰ অংশীদাৰ কৰি ল’বই লাগিব এয়া সময়ৰ দাবী।

The post কিতাপ আৰু অধ্যয়ন first appeared on নিয়মীয়া বাৰ্তা.