নিয়মীয়া বাৰ্তা - নিয়মীয়া বাৰ্তা

মৰাণত সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ শেষকৃত্য সম্পন্ন, ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: জ্যেষ্ঠ সাংবাদিক, ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃত্যু ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই৷ মঙলবাৰে পুৱা হাতীগাঁৱৰ লখিমী নগৰৰ নামঘৰ পথত এটি নলাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকীৰ মৃতদেহ৷ দেওবাৰে নিশাৰে পৰা নিখোজ হৈ থকা সাংবাদিক পূর্বজ্যোতি চুতীয়াক সোমবাৰে পুৱা বাসগৃহৰ পৰা কিছু আঁতৰত নলা এটাত তলমূৰকৈ পৰি থকা প্রত্যক্ষ কৰিছিল স্থানীয় লোকে৷ এই ঘটনাই জোকাৰি যায় সমগ্র মহানগৰ৷

পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰাত বিষয়টো অধিক ৰহস্যৰ আৱর্তত সোমাই পৰে৷ প্রয়াত সাংবাদিকগৰাকীক ধন বিচাৰি ভাবুকি প্রদান কৰা হাতীগাঁৱৰ জুলফিকৰ আলী নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে কালি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷

আদালতে ধৃত জুলফিকৰ আলীক দুদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি তেওঁক সোধা–পোছা অব্যাহত আছে৷

ইপিনে, মহানগৰ আৰক্ষীয়ে নামঘৰ পথৰ কেইবাটাও বাসগৃহৰ পৰা চিচি টিভি ফুটেজ সংগ্রহ কৰে৷ এটা চিচি টিভি ফুটেজত স্পষ্ট হৈ পৰিছে যে দেওবাৰে নিশা প্রায় ১০.২০ বজাত পূর্বজ্যোতি চুতীয়া বাসগৃহৰ পৰা পথলৈ ওলাই আহিছিল৷ পথত কিছু সময় ইফাল–সিফাল কৰাৰ দৃশ্যও দেখা যায়৷ কিন্তু তাৰ পিছত ঘৰৰ সন্মুখৰ পথটোত তেওঁৰ কোনো আহ–যাহ দেখা পোৱা নগ’ল৷ ইয়াৰ পিছদিনা পুৱাই নলাত উদ্ধাৰ হয় সাংবাদিকগৰাকীৰ মৃতদেহ৷ এয়া আর্থিক লেনদেন সম্পর্কীয় হত্যাকাণ্ড নে অন্য কোনো কাৰণত ঘাতকে তেওঁক আক্রমণৰ লক্ষ্য কৰি ল’লে, এই সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

ইফালে, প্রয়াত সংবাদিকগৰাকীৰ নশ্বৰদেহ সোমবাৰে নিশাই লৈ যোৱা হয় তেওঁৰ জন্মস্থান মৰাণলৈ৷ মঙলবাৰে পুৱা মৰাণ ঊষাপুৰস্থিত সাংবাদিকগৰাকীৰ পিতৃগৃহত বিভিন্ন দল–সংগঠনে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰীয়ে আঁত ধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত মৰাণ মহকুমা সাংবাদিক মঞ্চ, মৰাণ প্রেছ ক্লাব, এলপাইন বয়জ ক্লাব, মৰাণ জিলা ক্রীডা সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, মিলিত শিল্পী সমাজ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰাণ শাখা, চুতীয়া উন্নয়ন সমিতি, চুতীয়া জাতি সন্মিলন আদি অনুষ্ঠান–প্রতিষ্ঠানে মৃতদেহত পুষ্পাঞ্জলিৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উচিত তদন্ত কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰে৷

অনুষ্ঠানত সাংবাদিকগৰাকীৰ কর্ম আৰু জীৱনৰ বিষয়ে আলোকপাত কৰে জ্যেষ্ঠ সাংবাদিক, মৰাণ প্রেছ ক্লাবৰ মুখ্য উপদেষ্টা শোভিত কুমাৰ ছেত্রীয়ে৷ ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ মৃতদেহ জন্মস্থান মৰাণৰ ডোমৰদলং গাঁৱলৈ নিয়া হয় আৰু তাতেই একমাত্র জীয়াৰী ৰিয়াই মুখাগ্নিৰে শেষকৃত্য সম্পন্ন কৰে৷ মৰাণ সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত তৰুণ চুতীয়াৰ পুত্র পূর্বজ্যোতিয়ে পত্নী, একমাত্র কন্যা, জ্যেষ্ঠ ভাতৃ, কেইবাগৰাকীও ভগ্নীসহ আত্মীয়–স্বজনক এৰি গৈছে৷

The post মৰাণত সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ শেষকৃত্য সম্পন্ন, ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ first appeared on নিয়মীয়া বাৰ্তা.

ক’ৰোনাৰ কাল ৰূপ; বিবাহশূণ্য বহাগ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অৱশেষত ৰাহি যোৰা আহিছিল । বহু দিন পূৰ্বেই বিয়াৰ দিন বাৰো থিক হৈছিল । বিয়াৰ বাবে সকলো প্ৰস্তুতিয়ে যেন সম্পূৰ্ণ হৈ উঠিছিল । কিন্তু সকলোৰে আশাত যেন চেচা পানী ঢালিলে ক’ৰোনাই । দীৰ্ঘদিনৰ পৰা বহাগতেই পাতিম পাতিম বুলি একাংশই ভাবি থকা বিয়াখন শেষত ক’ৰোনা প্ৰতিৰোধৰ বাবে বলবৎ হোৱা লকডাউনৰ বাবে বাতিল হ’বলগীয়া হ’ল ।

অসমীয়া সমাজত সৰ্বাধিক বিবাহকাৰ্য সম্পাদনা হোৱা মাহ হৈছে বহাগ । এই মাহতে সৰ্বাধিক ভাল কাম কৰাৰ বাবে সকলোৱে আগবাঢ়ি আহে । কিন্তু ত্ৰাস সৃষ্টি কৰা ক’ৰোনাৰ বাবে এইবাৰ যেন বহাগ মাহটো বিবাহশূণ্য হৈ ৰ’ল ।

বিবাহত বিঘিনি ঘটালে ক’ৰোনাই । উপায়ো নাই ! কিয়নো সমগ্ৰ বিশ্বতে ক’ৰোনাৰ কাল ৰূপে এতিয়া চানি ধৰিছে । বিধস্ত হৈছে বহু উন্নত দেশৰ অৰ্থনীতি । চীনৰ য়ুহানত প্ৰাদুৰ্ভাৱৰ সময়ত হয়তো কোনেও এবাৰলৈ ভবা নাছিল ক’ৰোনা ভাইৰাছৰ সংহাৰে মানৱ সভ্যতাক সংকটৰ গৰাহলৈ ঠেলি দিব । বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা এই ভাইৰাছৰ প্ৰকোপত জনস্বাস্থ্যৰ সমান্তৰালকৈ সামাজিক, অৰ্থনৈতিক প্ৰতিটো খণ্ডই সম্প্ৰতি বিপৰ্যস্ত । ক’ৰোনাৰ তাণ্ডৱে আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশতো বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে । কিন্তু ভাৰতত লকডাউনৰ ঘোষণাই এই সংহাৰী ৰূপত অলপ হ’লেও বাধা দিবলৈ সক্ষম হৈছে । কিন্তু ২১ দিনীয়া প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশত ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোহোৱাত পুনৰ ৩ মে’ লৈ এই লকডাউনৰ সীমা বৃদ্ধি কৰা হয় ।

বিবাহশূণ্য বহাগ

যি কি নহওক পূৰ্বতে বিয়াৰ দিন থিক হৈ থকাৰ পাছতো বিবাহ অনুষ্ঠান সম্ভৱ নোহোৱাত সৰহসংখ্যকৰ মন ভাঙি পৰিলেও তাৰ মাজতে একাংশ বিবাহ প্ৰাৰ্থীয়ে আকৌ দেখুৱাইছে মানৱতাৰ নিদৰ্শন । এনে সংকটকালত সহায়ৰ বাবে আগবাঢ়ি আহি অসম আৰোগ্য নিধিলৈ বিয়াৰ বাবে সাচতীয়া ধনখিনি আগবঢ়াইছে একাংশ সচেতন লোকে ।

এক সাক্ষাৎকাৰত এগৰাকী জ্যোতিষীয়ে কোৱা মতে, জেঠ আৰু আহাৰ মাহটো আছে হেনো বিবাহৰ শুভ দিন । সেয়ে এই মাহত বিয়া পাতিব নোৱাৰাসকলে লকডাউন খুলিলে সামাজিক দূৰত্ব বজাই ৰাখি বহু পৰিকল্পিত বিয়াখন পাতিব পাৰিব ।

সকলোৰে মনবোৰ সেমেকা যদিও সকলোৱে এতিয়া পৃথিৱী সুস্থ হোৱালৈ অধিৰ আগ্ৰহেৰে যেন বাট চাইছে । আমিও বিচাৰো ক’ৰোনা মুক্ত দেশ, ক’ৰোনা মুক্ত পৃথিৱী ।

প্ৰণৱ জ্যোতি মহন্ত

The post ক’ৰোনাৰ কাল ৰূপ; বিবাহশূণ্য বহাগ first appeared on নিয়মীয়া বাৰ্তা.

ক’ৰোনাক তৃতীয় স্তৰৰ পূর্বেই ৰুধিব লাগিব
তৃতীয়টো স্তৰত ক’ৰোনা ভাইৰাছৰ ধ্বংসলীলা কিমান ভয়াৱহ আৰু হূদয়বিদাৰক হ’ব পাৰে, তাৰ অন্যতম উদাহৰণ হ’ল ইটালী৷ দেশখনত বুধবাৰে ৪৭৫গৰাকী লোকৰ মৃত্যু হয়৷ দেশখনত এতিয়ালৈকে প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হৈছে৷ আজিৰ তাৰিখত ক’ৰোনা ভাইৰাছে তাণ্ডৱলীলা চলোৱা দেশৰ তালিকাত চীনৰ পিছতে ইটালীৰ নামটো আহে৷ ক’ৱিড–১৯ৰ ওচৰত একপ্রকাৰ অসহায় হৈ পৰিছে বিশ্বৰ অন্যতম উন্নত ৰাষ্ট্রখন৷ ইয়াৰ কাৰণ হ’ল, দ্বিতীয় স্তৰতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধত দেশখনৰ ব্যর্থতা৷ দেশখনে সর্বতোপ্রকাৰে চেষ্টা চলায়ো দ্বিতীয় স্তৰত ভাইৰাছবিধৰ সংক্রমণ ৰোধত বাধা দিব নোৱাৰিলে৷ ইয়ে ভাৰতৰ দৰে ৰাষ্ট্র এখনৰ ভৱিষ্যতলৈ ভয়ানক অশনি সংকেত কঢ়িয়াই আনিলে৷ ভাৰতবর্ষ এতিয়া ক’ৰোনাৰ দ্বিতীয় স্তৰত আছে৷ আই এম চি আৰৰ সঞ্চালকৰ মতে, ভাৰতবর্ষই তৃতীয় স্তৰক ৰুধিবলৈ দেশখনৰ হাতত এমাহো সময় নাই৷ এই সময়ছোৱাত দেশখনে প্রয়োজনীয় ব্যৱস্থা গ্রহণ নকৰিলে ক’ৰোনা ভাইৰাছে ভাৰতবর্ষত কি ধৰণৰ তাণ্ডৱলীলা চলায়, সেয়া কল্পনা কৰাটোও কঠিন৷ সেয়ে এতিয়া সমগ্র দেশবাসীৰ সন্মুখত এটাই পথ খোলা আছে, সতর্কতামূলক ব্যৱস্থাৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৱলী আৰু সময়ে সময়ে স্বাস্থ্য বিভাগে দি থকা পৰামর্শাৱলী আখৰে আখৰে পালন কৰা৷ দেশখনৰ সন্মুখত ইয়াৰ বিকল্প নাই৷ চৰকাৰে দ্বিতীয়টো স্তৰতে ক’ৰোনা ভাইৰাছক ৰুধিবলৈ ইতিমধ্যে যথেষ্ট সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ মূলতঃ জনসাধাৰণৰ সামাজিক দূৰত্ব সৃষ্টিৰ প্রয়াসেৰে লোৱা হৈছে পদক্ষেপসমূহ, যাতে এজনৰ পৰা আনজনলৈ ভাইৰাছবিধ সংক্রমিত হ’ব নোৱাৰে৷ তাৰ বাবে জনসমাগম ঘটা যিকোনো ধৰণৰ অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শিক্ষানুষ্ঠান, পৰীক্ষা আদি বাতিল কৰা হৈছে৷ শ্বপিং মল, আনকি ছেলুনো বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ৰে’লৰ চলাচলৰ দৰে যাতায়াতৰ প্রাণস্বৰূপ ব্যৱস্থাতো বাধা আৰোপৰ প্রক্রিয়া আৰম্ভ হৈছে৷

এই মুহূর্তত দেশখনৰ বাবে জৰুৰী– নিজকে জনসমাগমৰ পৰা নিলগাই ৰখা৷ আনকি ১৫ দিনলৈ সকলোৱে নিজ নিজ ঘৰতে কটাব পাৰিলে ক’ৰোনা ভাইৰাছক দ্বিতীয়টো স্তৰতে বাধা দিয়াটো সম্ভৱ হ’ব পাৰে৷ কিন্তু ভাৰতবর্ষত এই কামটো ইমান সহজ নহয়৷ দেশখনত কোটি কোটি এনে লোক আছে, যাৰ প্রতিদিনৰ আয়ৰ ওপৰত নির্ভৰ কৰে দিনটোত চৌকা জ্বলিবনে নাই৷ এনে অৱস্থাত ১৫ দিনৰ বাবে নিজ গৃহত আবদ্ধ হৈ থকাটো দেশখনৰ গৰিষ্ঠসংখ্যক লোকৰ বাবেই কঠিন আৰু তীব্র প্রত্যাহ্বানজনক হৈ পৰিব৷ তদুপৰি, দেশখনৰ ৰাজনীতিও বহু পৰিমাণে স্বার্থসিদ্ধিৰ নীতিত চলে৷ চৰকাৰে তেনে ধৰণৰ নির্দেশ অথবা পৰামর্শ দিলে ৰাজনৈতিক মুনাফা আদায়ৰ সুযোগ আৰু অপেক্ষাত থকা বিৰোধী পক্ষই দেশৰ পৰিস্থিতিয়েই আনফালে লৈ যাব পাৰে৷ কিন্তু ৰোগবিধৰ সৈতে যুঁজাৰ ক্ষেত্রত শিথিলতাৰ স্থান তেনেই সীমিত৷ নাই বুলিয়েই ক’ব পাৰি৷ ক’ৰোনাৰ সৈতে এই মুহূর্তত দেশখনে সফলতাৰে যুঁজিবলৈ হ’লে জনসাধাৰণে সম্পূর্ণৰূপে সামাজিক যোগাযোগ বন্ধ কৰি দিব লাগিব৷ অৱশ্যেই ই অনন্ত কাললৈ নহয়৷ নহ’লে দেশখন কঠিন সংকটত পৰিব পাৰে৷ ক’ৰোনা ভাইৰাছ নামৰ মহামাৰীবিধ তৃতীয়টো স্তৰত উপনীত হ’লে কি হ’ব পাৰে? আমাৰ দেশখনৰ গ্রামাঞ্চলত স্বাস্থ্য সেৱাৰ বুনিয়াদী সুবিধা তেনেই সীমিত৷ বহু অঞ্চলত শূন্যপ্রায় বুলিব পাৰি৷ চহৰাঞ্চলতো সুবিধা সীমিত৷ পর্যাপ্ত ভেণ্টিলেটৰৰ অভাৱ৷ এনে অৱস্থাত ভাইৰাছবিধৰ ত্রাস আৰম্ভ হোৱাটো ভয়ংকৰ কথা হৈ পৰিব৷ দেশখনৰ গ্রামাঞ্চলত স্বাস্থ্যৰ যতন ল’ব পৰা সেৱাৰ প্রসাৰ ইমানেই সীমিত যে ক’ৰোনাই অতি সহজে মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হ’ব পাৰে৷ ইতিমধ্যে ভাৰতবর্ষৰ ভৱিষ্যতক লৈ বিশেষজ্ঞৰ মাজত শংকাৰ সৃষ্টি হৈছেই৷ দেশখনৰ জনঘনত্ব এইক্ষেত্রত প্রধান বাধা হিচাপে থিয় দিয়াৰ সম্ভাৱনা আছে৷ দেশখনত প্রতি বর্গ কিলোমিটাৰত ৪২০গৰাকী লোক বসবাস কৰে৷ ইয়াৰ অর্থ এইটোৱেই হ’ল যে দেশখনত কার্যতঃ সামাজিক বিচ্ছিন্নতা অসম্ভৱ৷ মধ্যবিত্ত আৰু উচ্চবিত্তৰ মাজত এই কার্যকৰী ব্যৱস্থাটো ফলপ্রসূ হ’লেও নিম্নবিত্ত তথা দৰিদ্র লোকৰ ক্ষেত্রত তেনেই অসম্ভৱ কথা৷ এই প্রত্যাহ্বান দেশখনৰ জনসাধাৰণে নিজেই গ্রহণ নকৰিলে, সমাগত দিনকেইটা ভাৰতবর্ষৰ বাবে সুখকৰ নহ’বও পাৰে৷ সেয়ে এই মুহূর্তত সজাগতাৰ অতি আৱশ্যক৷ দেশখনে তৃতীয় স্তৰৰ পূর্বেই ক’ৰোনা ভাইৰাছক পৰাভূত কৰিব লাগিব৷ ইয়াৰ বাবে দৰবৰ লগতে সচেতনতা–সতর্কতা অতি জৰুৰী৷

The post ক’ৰোনাক তৃতীয় স্তৰৰ পূর্বেই ৰুধিব লাগিব first appeared on নিয়মীয়া বাৰ্তা.

বিজেপিৰ নির্বাচনী অংক বিপিএফৰ ভৱিষ্যৎ
নৰেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত দিল্লী দখল কৰাৰ পিছত অসমত অনুষ্ঠিত প্রতিটো নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰা বিজেপিয়ে এইবাৰ বি টি চিৰ পৰিষদীয় নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰিব৷ দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত দলটোৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গৃহীত হোৱা বুলি সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৱে দুই মিত্রদল বি পি এফ আৰু অগপক এৰি নির্বাচনত অৱতীর্ণ হোৱাৰ খবৰটো নিঃসন্দেহে পৰিষদীয় অঞ্চলৰ ৰাজনীতিত নতুন মাত্রা প্রদান কৰিব৷ বিশেষকৈ বি পি এফক একাষৰীয়া কৰি বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্তটোৱে হাগ্রামা মহিলাৰীৰ নির্বাচনী অংকত আউল লগোৱাৰ সম্ভাৱনা আছে৷ এইটো কথা সর্বজনবিদিত যে বি টি চি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অনুষ্ঠিত কেউটা সাধাৰণ নির্বাচনত বি পি এফ জয়ী হৈ আহিছে৷ দলটোৱে প্রথমটো কার্যকালত পৰিষদীয় অঞ্চলৰ ঠায়ে ঠায়ে ৰাস্তা–ঘাট, দলং আদি নির্মাণ কৰি বি টি এ ডিৰ জনসাধাৰণৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ তাৰেই সুবাদত দলটো পৰিষদীয় অঞ্চলত একপ্রকাৰ অপ্রতিদ্বন্দ্বী হৈ পৰিছিল৷ অৱশ্যে অন্তিমটো নির্বাচনত বি পি এফে কাণে কাণ মাৰিহে বি টি চিৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, বি পি এফে কংগ্রেছৰ মিত্র দল হিচাপে পৰিষদীয় জিলাকেইখনত ৰাজনীতি আৰম্ভ কৰিছিল৷ দিছপুৰত কংগ্রেছৰ ১৫ বছৰীয়া শাসন অন্ত পৰাৰ পিছত দলটোৱে মিত্রদল সলনি কৰি বিজেপিৰ কাষ চাপে৷ এইবাৰ নতুন মিত্র দলৰ সৈতে হাগ্রামা মহিলাৰীৰ দলটোৱে পৰিষদীয় নির্বাচনত অৱতীর্ণ হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰি আহিছিল৷ বিজেপিৰ নেতৃত্বয়ো এই ইংগিতকে দি আহিছিল৷ কিন্তু তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে বি টি এ ডিৰ ৰাজনৈতিক প্রেক্ষাপট সলনি হৈ পৰে৷ এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোটে এবছুকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনৰ সৈতে মিলি চুক্তিখন সম্পাদিত কৰাৰ পিছতে বিজেপিয়ে স্থিতি সলনি কৰিবলৈ লয়৷ প্রথমাৱস্থাত বি পি এফৰ লগতে বি টি চিৰ প্রধান বিৰোধী দল ইউ পি পি এলৰ বাবেও মিত্রতাৰ দুৱাৰ মুকলি কৰি ৰখা বুলি বিজেপিয়ে ঘোষণা কৰিছিল৷ ইয়াৰ মাজতে মিত্রতাৰ ধর্ম পালন কৰি দিছপুৰত শাসনাধিষ্ঠিত দলটোৱে বি পি এফৰ বাবে এখন আসন এৰি দিয়া দল দুটাৰ মাজত পুনৰ নির্বাচনী মিত্রতা হ’ব বুলি ৰাজনৈতিক মহলত চর্চিত হ’বলৈ ধৰে৷ কিন্তু সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত বৈঠকখনে একপ্রকাৰ চমকপ্রদ সিদ্ধান্ত গ্রহণ কৰে৷ বিজেপিৰ এই সিদ্ধান্তই বি পি এফক ক্ষুণ্ণ কৰি তোলাৰ সম্ভাৱনা আছে৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে বড়ো চুক্তিৰ লগতে এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ ইউ পি পি এল গমনে বি পি এফৰ বাবে সমাগত বি টি চিৰ নির্বাচন ইতিমধ্যে কঠিন কৰি তুলিছে৷ বড়োভাষী জনসাধাৰণৰ বুজনসংখ্যকে ইউ পি পি এলক সমর্থন জনোৱাৰ বাতাৱৰণ এটা সৃষ্টি হৈছে৷ ইয়াৰে পৰিপ্রেক্ষিতত বি পি এফৰ বাবে কোকৰাঝাৰ দখলৰ পথ কণ্টকাকীর্ণ হৈ পৰা বুলি ক’ব পাৰি৷ দলটোৱে সাংগঠনিক শক্তিৰ জৰিয়তে অজনজাতীয় লোকৰ মাজত প্রৱেশ কৰিবলৈ সক্ষম হ’লেও নির্বাচনটোত সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠিত দলটোৱে হাগ্রামা মহিলাৰীৰ স্বপ্ণ পূৰণত হেঙাৰৰ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ পৰিষদীয় অঞ্চলত বি টি আৰৰ বিৰুদ্ধে অজনজাতীয় লোকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটি থকা সময়তে নির্বাচন অনুষ্ঠিত হ’বলৈ যোৱাত ইউ পি পি এলৰ লগতে বি পি এফেও অজনজাতীয় ভোটাৰৰ বিৰোধিতাৰ সন্মুখীন হ’ব বুলি পৰিষদীয় অঞ্চলত ইতিমধ্যে ব্যাপক চর্চা হৈছে৷ সাংসদ নৱ কুমাৰ শৰণীয়াই সেই ক্ষোভৰ পৰা ৰাজনৈতিক মুনাফা আদায়ৰ বাবে চেষ্টা চলাই আছে৷ আনহাতে, পৰিষদীয় অঞ্চলত বিজেপিয়ে আন ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ তুলনাত সাংগঠনিকভাৱে যথেষ্ট শক্তি অর্জন কৰিছে৷ এনে অৱস্থাত মিত্রদল বিজেপিয়ে বি টি চি নির্বাচনত সংগ এৰি বি পি এফৰ সমস্যা আৰু সংকট বৃদ্ধি কৰা বুলি ক’ব পাৰি৷ কিয়নো, বি টি এ ডি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনক সমর্থন জনোৱা লোকৰ ভোট বি পি এফৰ সপক্ষে পৰাৰ সম্ভাৱনা আছিল৷ বিজেপিৰ বর্তমানত বি পি এফে সেই ৰাজনৈতিক সুবিধা আশা কৰা ধৰণে লাভ কৰিবলৈ সক্ষম নহ’ব পাৰে৷ যদি সেয়াই হয়, সমাগত পৰিষদীয় নির্বাচনটো বি পি এফৰ বাবে যথেষ্ট প্রত্যাহ্বানজনক হৈ পৰিব৷ বি টি চিত পৰিষদীয় চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ২১খন আসন লাভ কৰিবলৈ হাগ্রামা মহিলাৰী আৰু বি পি এফে এতিয়া নতুন ৰণকৌশল হাতত ল’বলৈ বাধ্য হ’ব৷

The post বিজেপিৰ নির্বাচনী অংক বিপিএফৰ ভৱিষ্যৎ first appeared on নিয়মীয়া বাৰ্তা.

নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক ‘সংবাদ প্রহৰী’ বঁটা প্রদান
নিয়মীয়া বার্তা, ৩ মার্চঃ বঁটা-বাহনৰ উদ্দেশ্যে কাম কৰিলে সমাজৰ ক্ষতি হয় । কিন্তু বঁটা বাহনে উৎসাহিত কৰে ।– ৰাজ্যৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত সংবাদ প্ৰহৰী বঁটা ২০২০ গ্ৰহণ কৰি এই মন্তব্য কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই৷

জ্যেষ্ঠ সাংবাদিক কলিতাই বঁটা গ্রহণ কৰি আৰু কয়– অকল পাঠ্যপুঠিৰ শিক্ষাৰ দ্বাৰা অসমীয়া ভাষা, অসমীয়া সাহিত্য–সংস্কৃতি ৰক্ষা নপৰে৷ গ্রন্থ অধ্যয়ন কাকত–আলোচনী অধ্যয়নৰ আমি এক অভ্যাস গঢ়ি তুলিব লাগিব৷ তেতিয়াহে এটা সুস্থ–সবল জাতি গঢ়ি উঠিব৷ বিৰিণা গোষ্ঠীয়ে পঢ়ুৱৈৰ সৃষ্টি, জাতিৰ মহীৰূহক স্মৰণ, সাহিত্য সৃষ্টিৰ ক্ষেত্রত যি পদক্ষেপ লৈছে সেয়া নিঃসন্দেহে প্রশংসনীয়৷

উল্লেখ্য যে বিৰিণা গোষ্ঠীৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান কালি নলবাৰী জিলাৰ দৌলাশালত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হয়৷ বিগত বছৰবোৰৰ দৰে এইবেলিও গোষ্ঠীটোৱে বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্রহৰী বঁটা প্রদান কৰে৷ আনহাতে গোষ্ঠীটোৰ ‘বিৰিণা সাহিত্য বঁটা–২০২০’ প্রদান কৰা হয় বিশিষ্ট সাহিত্যিক, অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া থানেশ্বৰ মালাকাৰক৷ সাহিত্য বঁটা গ্রহণ কৰি তেওঁ কয়–বিৰিণা গোষ্ঠী আমাৰ কাৰণে ষ্ট্রীট লাইট৷ ৰাজ্যৰ ভিন্ন প্রান্তত গোষ্ঠীটোৱে সাহিত্য চর্চাৰ জৰিয়তে এক সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ অনুবাদ সাহিত্য সৃষ্টিৰ কামো হাতত ল’বলৈ গোষ্ঠীটোক তেওঁ আহ্বান জনায়৷ ভাষণ প্রসংগত পুনৰ কয় যে বঁটা প্রদানে মানুহক অনুপ্রাণিত কৰে, দায়িত্ব বঢ়ায়৷ লেখক একমাত্র শিল্পী– যিয়ে আনৰ অনুগ্রহ নোহোৱাকৈ একমাত্র কলমেৰেই পাব পাৰে স্বীকৃতি৷

উল্লেখ্য যে প্রতিবছৰে বর্ষপূর্তি অনুষ্ঠানত বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্রহৰী বঁটা গোষ্ঠীটোৱে প্রদান কৰি আহিছে৷ প্রতিটো বঁটাত আছে নগদ ধনৰ লগতে বিৰিণাৰ নামাংকিত এখন গামোচা, চেলেং চাদৰ, অভিনন্দন পত্রসহ এটা ফাইল, বিৰিণাৰ দ্বাৰা প্রকাশিত কিতাপৰ টোপোলা, এখনকৈ ‘হেমকোষ’, গঁডৰ প্রতীকযুক্ত এখন পিতলৰ ফলক, এটি স্মাৰক, জাপি, আৰু এখন মানপত্র৷

The post নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক ‘সংবাদ প্রহৰী’ বঁটা প্রদান first appeared on নিয়মীয়া বাৰ্তা.

দিল্লীৰ ৰক্তক্ষয়ী সংঘর্ষ
নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী বিক্ষোভ–প্রতিবাদে এতিয়া ৰক্তক্ষয়ী সংঘর্ষৰ ৰূপ লৈছে দেশৰ ৰাজধানী নতুন দিল্লীত৷ ‘কা’বিৰোধী বিক্ষোভ বিগত দুমাহতকৈ অধিককাল ধৰি অব্যাহত আছে দিল্লীৰ শ্বাহিনবাগ অঞ্চলত৷ শ্বাহিনবাগৰ এই বিক্ষোভে দেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰিছে ‘কা’বিৰোধী আন্দোলন৷ শ্বাহিনবাগৰ অনুপ্রেৰণাতেই কেইবাখনো ৰাজ্যত ধাৰাবাহিক বিক্ষোভ কার্যসূচী গ্রহণ কৰি আহিছে বিভিন্ন দল–সংগঠনে৷ তথাপি শ্বাহিনবাগৰ ‘কা’বিৰোধী আন্দোলন তুলনামূলকভাৱে শান্তিপূর্ণ বুলি বিভিন্ন মহলে উল্লেখ কৰিছে৷ কিন্তু শেহতীয়াকৈ পূর্বোত্তৰ দিল্লীৰ জাফ্রাবাদত গ্রহণ কৰা বিক্ষোভ কার্যসূচীয়ে দিল্লীজুৰি বিস্তাৰ ঘটাইছে সংঘর্ষ৷ ‘কা’বিৰোধী আৰু ‘কা’ সমর্থক লোকৰ মাজত আৰম্ভ হৈছে সংঘাত৷ ইতিমধ্যে এই সংঘাতৰ বলি হৈছে ২২গৰাকী লোক৷ আনকি পূর্বোত্তৰ দিল্লীৰ বিভিন্ন স্থানত এই বিক্ষোভে হিন্দু–মুছলমানৰ মাজৰ সাম্প্রদায়িক সংঘর্ষৰ ৰূপ ধাৰণ কৰা বুলিও আশংকা কৰিছে প্রশাসনে৷ লক্ষণীয়ভাৱে দেশৰ হূদপিণ্ডস্বৰূপ দিল্লীত সংঘটিত এই নজিৰবিহীন সংঘর্ষৰ ঘটনাই আন্তর্জাতিক সংবাদ মাধ্যমতো বিশেষ চর্চা লাভ কৰিছে৷ কিন্তু প্রশাসনে তৃতীয় দিনাও এই সংঘর্ষৰ জুই নির্বাপণ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে সমগ্র বিষয়টোক লৈ সৃষ্টি হৈছে সন্দেহ৷ দিল্লীৰ বিক্ষোভৰ জুইত কোনে অৰিহণা যোগাইছে তাক লৈও বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷ ইফালে কংগ্রেছ–বিজেপি আদি ৰাজনৈতিক দলবোৰে পৰস্পৰৰ বিৰুদ্ধে বোকা ছটিওৱা খেল খেলি আছে দিল্লীৰ এই ঘটনাৰ গইনা লৈ৷ কংগ্রেছ দলে বিক্ষোভৰ জুই নির্বাপিত কৰিব নোৱাৰা বাবেই গৃহমন্ত্রী অমিত শ্বাহক জগৰীয়া কৰি তাৎক্ষণিকভাৱে মন্ত্রীগৰাকীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছে৷ একে সময়তে দিল্লীৰ কেইবাগৰাকীও বিজেপি নেতাই শ্বাহিনবাগৰ দৰে আন্দোলন জাফ্রাবাদত হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে৷ এই সকলোবোৰ ঘটনাই কিন্তু পৰিস্থিতি অধিক জটিলহে কৰি তুলিছে৷ লক্ষণীয়ভাৱে দিল্লী উচ্চ ন্যায়ালয়ে ১৯৮৪ৰ শিখ নিধন কাণ্ডৰ পুনৰাবৃত্তি দিল্লীত কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে৷

এই সম্পাদকীয় স্তম্ভ যুগুতোৱাৰ পৰলৈ দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন চিন্তা–চর্চা চলাইছে যদিও কার্যতঃ এইক্ষেত্রত কোনোধৰণৰ সুফল দেখিবলৈ পোৱা নাই৷ আনকি ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ ওপৰত ন্যস্ত কৰা হৈছে দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণৰ দায়িত্ব৷ দোভালে কালি পুৱতিনিশাৰ পৰা সংঘর্ষ জর্জৰিত অঞ্চলসমূহ পৰিদর্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্রহণৰ প্রচেষ্টা চলাইছে যদিও আজি পুৱাৰ ভাগতে ন ন অঞ্চলত সূত্রপাত ঘটিছে সংঘর্ষৰ৷ এই সংঘর্ষৰ লগতে উন্মত্ত লোকে সাম্প্রদায়িক শ্লোগান দি পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ অৱশ্যে ন্যায়পালিকাই সমগ্র ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে৷ দেশৰ ৰাজধানী চহৰখনত যাতে এই ৰক্তক্ষয়ী সংঘর্ষত অধিক লোকে প্রাণ দিবলগীয়া নহয় সেইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷ ইফালে জাফ্রাবাদৰ পৰিস্থিতি জটিল নহওক বুলিয়েই উচ্চতম ন্যায়ালয়ে শ্বাহিনবাগৰ আন্দোলন সন্দর্ভত মধ্যস্থতাকাৰীয়ে দাখিল কৰা প্রতিবেদন সন্দর্ভত কোনোধৰণৰ পৰীক্ষা নচলোৱাৰ সিদ্ধান্ত লৈছে৷ আনকি শ্বাহিনবাগ গোচৰৰ শুনানি পর্যন্ত পিছুৱাই দিছে শীর্ষ আদালতখনে৷ কিন্তু ন্যায়পালিকাই দেশৰ ৰাজধানী চহৰখনৰ ভয়াৱহ সংঘর্ষৰ ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি এনে পদক্ষেপবোৰ গ্রহণ কৰিছে যদিও কেন্দ্রীয় তথা দিল্লী চৰকাৰে পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত সফল নোহোৱাটোৱে দেশৰ অন্যান্য প্রান্তত সৃষ্টি কৰিছে আশংকা৷ ‘কা’বিৰোধী আন্দোলনৰ স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্ণিত বহু চহৰলৈ দিল্লীৰ জুই ব্যাপিত হোৱাৰ আশংকা আছে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কেন্দ্রীয় গৃহ বিভাগক দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেনাক দায়িত্ব প্রদান কৰাৰ দাবী জনাইছে৷ দিল্লী আৰক্ষীয়ে সংঘর্ষত লিপ্ত উন্মত্ত লোকক দেখিলেই গুলীওৱাৰ নির্দেশো দিছে৷ তথাপি পৰিস্থিতি সলনি হোৱা নাই জাফ্রাবাদকে ধৰি পূর্বোত্তৰ দিল্লীৰ৷ গতিকে প্রতিটো মুহূর্ত এতিয়া হৈ পৰিছে অধিক আশংকাৰ৷ এই পৰিস্থিতিৰ অৱসান ঘটিব কেনেকৈ? দিল্লীৰ সংঘর্ষৰ জুইকুৰা যিমান সোনকালে নির্বাপিত হয় সিমানেই দেশবাসীৰ বাবে মংগল বুলি চিহ্ণিত হ’ব৷ তাৰ বাবে চৰকাৰে গ্রহণ কৰিব লাগিব সম্ভাব্য সকলো ব্যৱস্থা৷

The post দিল্লীৰ ৰক্তক্ষয়ী সংঘর্ষ first appeared on নিয়মীয়া বাৰ্তা.

ট্রাম্পৰ প্রতি বৃদ্ধি আস্থা
বিশ্বৰ সর্বশ্রেষ্ঠ গণতন্ত্র খ্যাত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বিগত ৰাষ্ট্রপতি নির্বাচনত অভাৱনীয়ভাৱে ড’নাল্ড ট্রাম্প নির্বাচিত হোৱাৰ পাছত দেশৰ বিদ্বৎ মহলৰ লগতে প্রগতিশীল সংগঠনসমূহে আশ্চর্য প্রকাশ কৰিছিল৷ ড’নাল্ড ট্রাম্পৰ দৰে ৰাজনৈতিক ক্ষেত্রখনত অনভিজ্ঞ এগৰাকী নেতাই কেনেদৰে সর্বশ্রেষ্ঠ গণতন্ত্র আখ্যা পোৱা আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’বলৈ সক্ষম হয় তাক লৈ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজতো চলিছিল ব্যাপক আলোচনা৷ বহু বিতর্কৰ মাজেৰে ড’নাল্ড ট্রাম্পে এটা কার্যকাল সম্পূর্ণ কৰিবলৈ ওলাইছে৷ আমেৰিকাৰ ইতিহাসত এগৰাকী অদক্ষ আৰু ৰাজনৈতিক জ্ঞানশূন্য নেতা হিচাপে চিহ্ণিত হৈছে ড’নাল্ড ট্রাম্প৷ তথাপি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ বিশ্বজুৰি চলি থকা যি নীতি তাক তিলমানো সলনি কৰিব পৰা নাই৷ বিশ্বৰ সাম্রাজ্যবাদী তথা প্রভুত্ববাদী শক্তিসমূহৰ চৰিত্র হৈছে এনেধৰণৰ৷ শীর্ষ নেতা যিয়েই নহওক, আমেৰিকাৰ যি দৃষ্টিভংগী, দেশখনৰ যি নীতি তাক সলনি কৰাটো সম্ভৱ নহয়৷ ট্রাম্পে ক্ষমতালৈ অহাৰ পাছৰে পৰা আমেৰিকাজুৰি শীর্ষ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগৰ পিছত অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি মুকলিকৈ ড’নাল্ড ট্রাম্পক হোৱাইট হাউছৰ শীর্ষ পদবীৰ পৰা উৎখাত কৰাৰ কুচকাৱাজো চলিছিল৷ শেহতীয়াকৈ ট্রাম্পৰ বিৰুদ্ধে বিৰোধী ডেম’ক্রেটিক পার্টীয়ে মহাভিযোগ আনিছে৷ আনকি ডেম’ক্রেটিক প্রতিনিধিৰ নিয়ন্ত্রণাধীন কংগ্রেছত এই মহাভিযোগ প্রক্রিয়াত ব্যর্থ হৈছে ড’নাল্ড ট্রাম্প৷ কিন্তু ৰিপাব্লিকান নেতৃত্বাধীন উচ্চ সদন ছিনেটত ড’নাল্ড ট্রাম্প মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ সন্মুখীন হৈছে যদিও ইয়াৰ পৰা মুক্ত হোৱাৰ পথ প্রায় নিশ্চিত৷ লক্ষণীয় বিষয়টো হৈছে আমেৰিকাৰ ইতিহাসত তৃতীয়গৰাকী শীর্ষ নেতা হিচাপে ড’নাল্ড ট্রাম্প মহাভিযোগৰ সন্মুখীন হৈছে৷ তথাপি দেশখনৰ গণতান্ত্রিক প্রক্রিয়ালৈ লক্ষ্য কৰিলে দেখা যায় যে আগন্তুক নির্বাচনত ডেম’ক্রেটিক পার্টীৰ যিয়েই প্রার্থী নহওক কিয় ট্রাম্পৰ সৈতে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷

শেহতীয়াকৈ ৰাষ্ট্রপতি নির্বাচনৰ অংশ হিচাপে আৰম্ভ হোৱা কোকাছ বা ৰাজনৈতিক দলীয় সমাৱেশত ট্রাম্পৰ প্রতিয়েই ৰিপাব্লিকানসকলে একতা প্রদর্শন কৰিবলৈ লৈছে৷ প্রথম প্রদেশ হিচাপে আমেৰিকাৰ আইওৱাত অনুষ্ঠিত হোৱা এই কোকাছত সকলো ৰিপাব্লিকান নেতা তথা কর্মীয়ে আগন্তুক নির্বাচনৰ বাবে ট্রাম্পৰ প্রতি একতা প্রদর্শন কৰিছে৷ ট্রাম্পৰ প্রতি এই একতা প্রদর্শনৰ জৰিয়তে সচেতন আমেৰিকান নাগৰিকসকলে গণতন্ত্রৰ কি মর্যাদা ৰক্ষা কৰিবলৈ ওলাইছে সেয়া সন্দেহৰ বিষয়৷ কিন্তু আমেৰিকাবাসীৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ট্রাম্পে শেহতীয়া কেইটামান কর্মৰ জৰিয়তে৷ প্রথম কথা হৈছে আমেৰিকাৰ পৰীক্ষাগাৰতেই জন্ম লাভ কৰা কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ মুৰব্বী আবু বক্কৰ–আল–বাগদাদী হত্যাৰ জৰিয়তে দেশখনৰ ৰাজনীতিত এক নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ট্রাম্পে৷ কুখ্যাত জেহাদী সংগঠনৰ নেতাগৰাকীক ট্রাম্পে হত্যা কৰিবলৈ সক্ষম হোৱাটো আমেৰিকাবাসীৰ সন্মুখত এক গর্বৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ কাৰণ ইছলামিক ষ্টেটৰ বিৰুদ্ধে আমেৰিকাই বহু ক্ষতি স্বীকাৰ কৰিবলগীয়া হৈছে৷ বহু আমেৰিকান সৈনিকে প্রাণ আহুতি দিছে এই যুদ্ধত৷ গতিকে বৈদেশিক নীতিৰ ক্ষেত্রত ট্রাম্প সফল হোৱা বুলি আমেৰিকাবাসীয়ে ধাৰণা কৰিছে বাগদাদীৰ হত্যাৰ পাছত৷ ইয়াৰ পাছতে মধ্যপ্রাচ্য সন্দর্ভত আমেৰিকাৰ নীতিক লৈ চলি থকা সন্দেহৰ ইতি মাৰিছে ট্রাম্পে৷ প্রথম কথা হৈছে ইৰানৰ সৈতে মতানৈক্য বৃদ্ধি, দ্বিতীয়তে পেলেষ্টাইনৰ স্বাধীনতাৰ প্রস্তাৱ৷ ৰাষ্ট্রসংঘৰ সৈতে মতানৈক্য থাকিলেও ট্রাম্পে মধ্যপ্রাচ্যৰ শান্তিৰ ক্ষেত্রত নতুন আঁচনি আগবঢ়াইছে৷ এই আঁচনিক পোনছাটেই নাকচ কৰিছে মধ্যপ্রাচ্যৰ বিভিন্ন দেশৰ উপৰি পেলেষ্টাইনে৷ কিন্তু আমেৰিকাবাসীয়ে ইয়াক আদৰণি জনাইছে৷ কাৰণ ইজৰাইল সন্দর্ভত আমেৰিকাৰ যি স্থিতি তাক স্পষ্ট কৰিছে ড’নাল্ড ট্রাম্পে৷ মধ্যপ্রাচ্যত ইজৰাইলক মিত্র ৰাষ্ট্র হিচাপে লৈ আগবাঢ়িব লাগে বুলি অধিক সংখ্যক আমেৰিকানে ধাৰণা কৰে৷ গতিকে ট্রাম্পে পূর্বসূৰীসকলতকৈ এখোজ আগবাঢ়ি ইজৰাইলপ্রীতিৰ নতুন নজিৰ গঢ়িছে৷ আনকি বিশ্ববাসীৰ অসন্তুষ্টি সত্ত্বেও জেৰুজালেমক ইজৰাইলৰ ৰাজধানী ৰূপে অনুমোদন জনাইছে ট্রাম্পে৷ ছিৰিয়াৰ গোলান হাইট ইজৰাইলৰ সার্বভৌমত্বৰ অধীনস্থ অঞ্চল বুলিও ট্রাম্পে ঘোষণা কৰিছে৷ গতিকে এই সকলোবোৰে ট্রাম্পৰ সপক্ষে নির্বাচনী পৰিৱেশ সৃষ্টি কৰিছে আমেৰিকাত৷

The post ট্রাম্পৰ প্রতি বৃদ্ধি আস্থা first appeared on নিয়মীয়া বাৰ্তা.

প্রাণঘাতী ভাইৰাছ
১৮ বছৰৰ ব্যৱধানত চীনত পুনৰ প্রাণঘাতী মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ৷ ২০০২ চনত অতি কম দিনৰ ভিতৰতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ‘ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রম’ (ছার্ছ) নামৰ ভাইৰাছবিধে দেশখনত ৮ শতাধিকৰ প্রাণ কাঢ়িছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতিৰেই সূচনা হৈছে৷ নতুন প্রাণঘাতী ভাইৰাছবিধৰ নামকৰণ কৰা হৈছে ‘নোভেল ক’ৰোনা ভাইৰাছ’ nCoV) ৰূপে৷ বিগত ডিচেম্বৰ মাহত হুবেই প্রদেশৰ ৰাজধানী য়ুহান চহৰত চিকিৎসকে এই ভয়ংকৰ ভাইৰাছবিধ প্রথমবাৰৰ বাবে ধৰা পেলায়৷ তাৰ পাছতেই ইয়াৰ ত্বৰিৎ গতিত সংক্রমণ ঘটিবলৈ ধৰে৷ সম্প্রতি সমগ্র বিশ্বতেই ক’ৰোনা ভাইৰাছে তীব্র আতংক সৃষ্টি কৰিছে৷ চীনৰ উপৰি ১৮খন দেশলৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হৈছে৷ উদ্বেগজনক কথাটো হ’ল– প্রাণঘাতী ভাইৰাছবিধৰ সংক্রমণ ঘটা দেশৰ তালিকাত আছে ভাৰতো৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জনস্বাস্থ্য সংক্রান্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই ঘোষণাৰ সমান্তৰালভাৱে ক’ৰোনা ভাইৰাছ সংক্রমণৰ আশংকাত চীন ভ্রমণকাৰী বিদেশী পর্যটকসকলৰ প্রৱেশত সীমান্তত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে ৰাছিয়া, জাপান, পাকিস্তান, ইটালী, আমেৰিকা, অষ্ট্রেলিয়া আদি দেশে৷ কিন্তু এনেধৰণৰ পদক্ষেপে বিৰূপ প্রভাৱ পেলোৱাৰ সম্ভাৱনাহে প্রকট৷ খোদ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কোৱা হৈছে যে এনে ব্যৱস্থাই ভালৰ পৰিৱর্তে বেয়াহে কৰিব৷ বিশেষকৈ তথ্য আদান–প্রদানত প্রতিবন্ধকতা সৃষ্টি কৰিব৷ চিকিৎসা সামগ্রী সৰবৰাহ বন্ধ হোৱাৰ লগতে অর্থনীতিতো মাধমাৰ শোধাব পাৰে৷ সীমান্তৰ প্রৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ পৰিণতিত পর্যটকসকলে বে–আইনী পথেৰে প্রৱেশৰ চেষ্টা চলাব৷ পৰিণতিত ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপত সংক্রমণ ঘটিব পাৰে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ চীনত মৃত্যু হোৱা লোকৰ সংখ্যা তিনি শতাধিক হৈছেগৈ৷ তদুপৰি চৰকাৰী তথ্য অনুসৰি শনিবাৰপর্যন্ত চীনত এই ভাইৰাছত আক্রান্তৰ সংখ্যা হৈছে প্রায় ১৪,০০০৷ মুঠৰ ওপৰত চীনৰ পৰিস্থিতি সম্প্রতি বর্ণনাতীত, বিশেষকৈ হুবেই প্রদেশ তথা য়ুহান চহৰত৷ তৎসত্ত্বেও চীন চৰকাৰ বিচলিত হোৱা নাই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ তেওঁলোকে সকলো ধৰণৰ প্রচেষ্টা গ্রহণ কৰিছে৷ তাৎক্ষণিকভাৱে ৪০০ কোটি ডলাৰৰ পুঁজি আবণ্টন দিয়াৰ সমান্তৰালভাৱে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ বিশেষজ্ঞৰ দল গঠনৰ লগতে মাত্র ৪৮ ঘণ্টাৰ ভিতৰতে ৩খনকৈ মাল্টী স্পেচিয়েলিটী হাস্পতাল নির্মাণ কৰি আক্রান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ প্রেক্ষাপটতে পর্যটকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ নকৰি মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ৰোধত তথা সংকটকালত বিশ্বৰ প্রতিখন দেশে চীনক সহায়ৰ হাত আগবঢ়োৱাটোহে সময়ৰ আহ্বান হ’ব৷

ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ বা উৎপত্তিৰ নির্দিষ্ট কাৰণ বর্তমানপর্যন্ত চিকিৎসক তথা চিকিৎসা বিজ্ঞানীসকলে বিচাৰি উলিয়াব পৰা নাই৷ সমগ্র বিষয়টো ৰহস্যৰ আৱর্তত আছে৷ ইয়াৰ মাজতে এক চর্চাই বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷ ইজৰাইলী সেনাৰ এজন প্রাক্তন চোৰাংচোৱা বিষয়াই দাবী কৰা মতে, য়ুহানস্থিত চীনৰ জৈৱিক অস্ত্র নির্মাণৰ এটা গৱেষণাগাৰৰ পৰা এই মাৰাত্মক প্রাণঘাতী ভাইৰাছ বিয়পি পৰে৷ এই কথাৰ সত্যাসত্য বর্তমানপর্যন্ত নিৰূপণ হোৱা নাই যদিও ‘চাইনিজ চেণ্টাৰ ফ’ৰ ডিজিছ কণ্ড্র’ল এণ্ড প্রিভেনচন’ৰ তৰফৰ পৰা এক গুৰুত্বপূর্ণ ইংগিত দিয়া হৈছে৷ সংস্থাটোৰ তৰফৰ পৰা স্থানীয় সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি য়ুহানৰ ছি–ফুড বজাৰৰ বিপণীত বিক্রী হোৱা বন্যপ্রাণীৰ মাংসই ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র হ’ব পাৰে৷ সেয়া যি কি নহওক কিয়, বর্তমান পৰিস্থিতিত অতি উদ্বেগজনক কথাটো হৈছে– ক’ৰোনা ভাইৰাছৰ কোনোধৰণৰ প্রতিষেধক নাই৷ এই ভাইৰাছৰ পৰা বচাৰ একমাত্র উপায়টোৱেই হৈছে প্রতিৰোধমূলক ব্যৱস্থা৷ অধ্যয়ন বা কর্মসূত্রে য়ুহানকে ধৰি চীনৰ বিভিন্ন স্তৰত বহু ভাৰতীয়ই বাস কৰে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ইয়াৰে কিছুসংখ্যক লোকক দেশলৈ বিমানযোগে ঘূৰাই আনি অহা ১৪ দিনপর্যন্ত বিশেষভাৱে ৰখাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ মাজতে ভাৰততো দুগৰাকী লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ কেৰালাৰ এই দুয়োগৰাকী ব্যক্তিয়েই চিকিৎসাধীন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে চীন ভ্রমণকাৰীসকলৰ কাৰোবাৰ যদি জ্বৰ, কাহ আৰু শ্বাস–প্রশ্বাসত কষ্ট আদি উপসর্গই দেখা দিয়ে, তেন্তে তাৎক্ষণিকভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনাইছে৷ এনে পৰিস্থিতিত আতংকিত নহৈ সকলোৱে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰক সহযোগিতা আগবঢ়োৱা উচিত৷

The post প্রাণঘাতী ভাইৰাছ first appeared on নিয়মীয়া বাৰ্তা.

মই গান্ধীজীক দেখিছিলো
মোৰ বয়স তেতিয়া খুব বেছি হ’লে দহ বছৰমান হ’ব । এদিন আমাৰ ঘৰলৈ দুজন ভদ্ৰলোক আহিল । চাফ-চিকুণ সাজ-পোছাক দেখিয়েই বুজিলো যে তেওঁলোক চহৰৰ মানুহ; মূৰত গান্ধী টুপী দেখি বুজিলোঁ যে তেওঁলোক কংগ্ৰেছী ভলণ্টিয়াৰ । দেউতাৰ লগত বহু সময় কথা পাতি এসময়ত তেওঁলোক গ’লগৈ । তেওঁলোক যোৱাৰ পাছত মই দেউতাক সুধিলোঁ । তেওঁলোক ক’ৰ পৰা আহিছিল ?

দেউতাই মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল, সকলো কৌতুহল নিবৃত্ত কৰিবলৈ চেষ্টা কৰিছিল । মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে- তেওঁলোক যোৰহাটৰ পৰা আহিছে, কংগ্ৰেছ নেতা । আমাৰ ইয়াত তেওঁলোকে কংগ্রেছৰ সংগঠন কৰিব৷’ এই বুলি কৈ তেওঁ মোক কংগ্রেছৰ বিষয়ে নানা কথা বুজাবলৈ ধৰিলে৷

পিছদিনাৰ কথা৷ পুৱাৰ পৰা বৰষুণ দিছিল৷ আবেলি পৰত বৰষুণ এৰাত দেউতাই কোৰ এখন লৈ পদূলিৰ ফালে ওলাই গ’ল৷ সুবিধা পালেই দেউতাৰ পিছে পিছে ঘূৰি–ফুৰা মোৰ এটা অভ্যাস আছিল৷ অসময়ত কোৰ এখন লৈ পদূলিৰ ফালে ওলাই যোৱা দেখি দেউতাইনো কি কৰিব খুজিছে চাবলৈ বুলি মই দৌৰ মাৰি গৈ তেওঁৰ পিছ ল’লোঁ৷ মই আচৰিত হৈ দেখিলোঁ–দেউতাই আমাৰ পদূলি মূৰত নৰৈ আমাৰ ঘৰৰ কাষৰে মানুহঘৰৰ পদূলিৰ ফালে আগবাঢ়ি গ’ল আৰু খন্তেক পিছতে সিহঁতৰ পদূলিৰ সিপাৰৰ আলি খাৱৈৰ ময়লা চাফা কৰিবলৈ আৰম্ভ কৰিলে৷ দেউতা আজি পাগল হৈছে নেকি? মই মনে মনে ভাবিলোঁ৷ এসময়ত আমাৰ গাঁও–ভূঁইবোৰ বৰ লেতেৰা আছিল৷ গাঁৱৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰে পদূলিটো পাৰ হৈয়েই আলিৰ কাষতে শৌচ কৰে, তিৰোতাবোৰে সকলো জাবৰ–জোঁথৰ আলিৰ কাষতে দ’ম কৰে৷ খৰালি যহন–তহন, বাৰিষা সেইবোৰ পানীত গেলি–পচি নৰককুণ্ডৰ সৃষ্টি হয়৷ সি যি নহওক, দেউতাই কোৰখন লৈ কোনোবা ল’ৰাই অলপ আগতে আলিৰ কাষতে কৰি শৌচখিনি চাফা কৰিবলৈ ধৰিছে, মই এই নাভূত–নাশ্রুত ঘটনা অবাক হৈ চাই আছোঁ, এনেতে কোনোবাই খিলখিলকৈ হাঁহি মাৰি হঠাতে কৈ উঠিল ‘দেখিলো দেখিলো গোহাঁইদেউ, একেবাৰে হাতে হাতে ধৰা পৰিল৷ আমি দূৰৰ পৰাই লক্ষ্য কৰি আহিছো–আপুনি এইমাত্র কাম আৰম্ভ কৰিছে…৷’

মাতটো অহাৰ ফালে চাই মই দেখিলোঁ–কালি আমাৰ ঘৰলৈ অহা কংগ্রেছী ভদ্রলোক দুজন৷

খন্তেক পাছতে এটা নাটকীয় কাণ্ড আৰম্ভ হ’ল৷ ভদ্রলোক দুজনেও কোৰ দুখন যোগাৰ কৰি লৈ আঁঠুৰ ওপৰলৈকে চুৰিয়া কোচাই দেউতাৰ লগত সমানে ময়লা চাফা কৰিবলৈ লাগি গ’ল৷ ময়লা মানে কি–বছৰৰ পিছত বছৰ ধৰি পুঞ্জীভূত হোৱা পূতিগন্ধ নৰক–কুণ্ড৷ অলপ পাছতে গাঁওখনৰ প্রায় প্রত্যেকটো ঘৰৰ পৰা পিল্পিলকৈ মানুহবোৰ ওলাই আহিল, হাতে হাতে একোখন কোৰ বা দা– সকলোৱেই নীৰৱে ময়লা চাফা কৰিবলৈ লাগি গ’ল৷

গোটেই দিনটো বৰষুণ দিয়াৰ পিছত আবেলি ৰ’দ ওলাইছিল৷ সোণালী ৰ’দত পৃথিৱীখন জল–মল কৰিছিল৷ স্বর্গৰ আশীর্বাদৰ দৰে সেই পুণ্যপ্রভাত স্নান কৰি মানুহবোৰে দা–কোৰ লৈ ময়লাৰ পাহাৰ চাফা কৰিছে, আৰু তেওঁলোকৰ মুখবোৰত কি এটা আনন্দৰ উজ্জ্বলতা, কি এটা পৱিত্রতাৰ দীপ্তি ফুটি উঠিছে সেই দৃশ্যটো চিৰকালৰ কাৰণে মোৰ মনত খোদিত হৈ গ’ল জীয়াই থকালৈকে তাক পাহৰিব নোৱাৰোঁ৷

গধূলি দেউতাৰ পৰা গোটেই কথাবোৰ বুজি পালোঁ৷ যোৰহাটৰ পৰা যি দুজন কংগ্রেছ নেতা আমাৰ গাঁৱলৈ কংগ্রেছৰ সংগঠন কৰিবলৈ আহিছে, তেওঁলোকৰ সর্বপ্রথম কামেই হ’ল চাফাই কাম৷ কংগ্রেছ সংগঠন মানে এখন শাখা সভা গঠন কৰি সভাপতি–সম্পাদক নির্বাচন কৰা আৰু কাকতত খবৰটো প্রকাশ কৰা নহয়,–কংগ্রেছৰ সংগঠন মানে হ’ল পায়খানা চাফা কৰা

মই গান্ধীজীক সোঁ–শৰীৰেৰে কেতিয়াও দেখা নাই কিন্তু সেইদিনা, মোৰ জীৱনৰ দহ বছৰ বয়সতে মই গান্ধীজীক নিচেই ওচৰৰ পৰা চকুৰ আগতে জীৱন্ত ৰূপত দেখা পালোঁ৷ তেওঁক দেখা পালোঁ মোৰ জকাইচুকীয়া গাঁৱৰ আলি–খাৱৈৰ পূতিগন্ধ নৰক চাফা কৰি থকা সেই অতি সৰু অতি নগণ্য মানুহবোৰৰ পুণ্যপ্রভাদীপ্ত মুখবোৰত৷

তেওঁতকৈ আৰু মানুহৰ ডাঙৰ নায়ক, ডাঙৰ শিক্ষক, ডাঙৰ পথপ্রদর্শক কোন আছে–যিজনে কেৱল নিজৰ জীৱনৰ আদর্শেৰে নিজৰ অনুগামীসকলক আনৰ ঘৰৰ পায়খানা চাফা কৰিবলৈ অনুপ্রাণিত কৰিব পাৰে? এই কথা মনত পৰিলে মই শিহৰিত হৈ উঠোঁ যে গান্ধীজীৰ ৰাজনীতি মানে আছিল কেৱল দেশ স্বাধীন কৰা বা চৰকাৰ চলোৱাৰ ৰাজনীতি নহয়–সি আছিল মানুহক স্বাধীন কৰাৰ ৰাজনীতি৷ দেশ মুক্ত হোৱাৰ আগতে মানুহ প্রথমতে মুক্ত হ’ব লাগিব ভয়ৰ পৰা, লোভৰ পৰা, অসত্যৰ পৰা মানুহ মুক্ত হ’ব লাগিব অজ্ঞতাৰ পৰা, অপৰিচ্ছন্নতাৰ পৰা, ৰোগ–ব্যাধিৰ পৰা, কু–সংস্কাৰৰ পৰা মুক্ত হ’ব লাগিব তিৰোতা, মুক্ত হ’ব লাগিব অস্পৃশ্য৷ গান্ধীজীৰ ৰাজনীতি আছিল জীৱনক সুন্দৰতৰ আৰু পৱিত্রতৰ কৰাৰ ৰাজনীতি৷ আৰু সেই সমস্ত সৌন্দর্য আৰু পৱিত্রতাৰ উৎস আছিল গান্ধীজী নিজে– যাৰ ফলত তেওঁক কোনোদিন চকুৰে নেদেখা কাণেৰে নুশুনা মানুহেও বতাহতেই তেওঁৰ নির্দেশ শুনা পাই এই বিশাল দেশৰ প্রতিখন গাঁৱতে সূতা কাটিবলৈ লাগি গৈছিল, পায়খানা চাফা কৰিবলৈ লাগি গৈছিল, কানীয়াক কানি আৰু মদাহীক মদ এৰোৱাবলৈ লাগি গৈছিল, এক পৱিত্র আদর্শৰ বেদীত নিজৰ জীৱন উছর্গা কৰিবলৈ উদ্বাউল হৈ উঠিছিল… গান্ধীজীক মই দেখা নাই, কিন্তু দেখিছিলো তেওঁৰ পুত চৰিত্রৰ পৱিত্র পোহৰ মই প্রতিফলিত হোৱা দেখিছিলো মোৰ গাঁৱৰ গু–মূতৰ দ’ম চাফা কৰা কেইজনমান সাধাৰণ মানুহৰ মুখত৷ সেই পোহৰ চিৰকাললৈ অন্তর্নিহিত হৈছে৷ এতিয়া চৰকাৰৰ বা বিভিন্ন ৰাজনৈতিক দলৰ দূত হৈ যিবোৰ মানুহ আমাৰ ওচৰলৈ আহে–সিহঁতৰ মুখত মই দেখা পাঁও কেৱল ঘনঘোৰ অন্ধকাৰ, লোভ–ঘৃণা–প্রতিহিংসা অন্ধকাৰ…৷

বিশ্ববিখ্যাত ফৰাচী লেখক ন’বেল বঁটা বিজয়ী ৰোমা ৰোলাই ১৯৩০ চনত গান্ধীজীৰ জন্মদিন উপলক্ষে লিখিছিল–‘মোৰ চকুত গান্ধী কেবল মাত্র তেওঁৰ বিশাল জাতিৰ সেই বীৰ নায়ক নহয়– যিজনে নিজৰ দেশৰ স্বাধীনতাৰ দাবী কৰিছে আৰু সেই স্বাধীনতা তেওঁ অর্জন কৰিবই তেওঁ হ’ল আমাৰ যুগৰ অন্ধকাৰ আকাশত তিৰবিৰ কৰি থকা নিশ্চিততম আৰু পৱিত্রতম আলোক৷ ধুমুহাৰ মাজত যেতিয়া আমাৰ সভ্যতাৰ তৰণীখন তাৰ যথাসর্বস্ব লৈ ডুবিবলৈ উপক্রম কৰিছে সেই সময়ত তেওঁ আকাশৰ তৰাৰ দৰে আমাক পথ দেখুৱাইছে,–দেখুৱাইছে সেই একমাত্র পথ, যি পথ পৰিত্রাণৰ অভিমুখে প্রসাৰিত৷ এই পথ আছে আমাৰ নিজৰ মাজতেই৷ এই পথেই হৈছে চৰমতম শক্তি৷ ই হৈছে বীৰোচিত অপৰিগ্রহৰ পথ৷ ই হৈছে অবিচাৰ আৰু হিংসাৰ বিৰুদ্ধে মূৰ তুলি থিয় হোৱা স্পর্ধিত আত্মাৰ অস্বীকৃতি৷ ই হৈছে মনৰ বিপ্লৱ৷ এই বিপ্লৱে সম্প্রদায়, শ্রেণী, জাতি আৰু ধর্মৰ মাজত বিৰোধৰ সৃষ্টি নকৰে৷ ই সকলোকে এক কৰে৷ প্রতিটো মানুহৰ মাজত ই জগাই তোলে অনন্য আত্মাৰ অন্তৰশায়ী অগ্ণি৷ গান্ধীয়ে খ্রীষ্টানসকলক নতুনকৈ খ্রীষ্টান হ’বলৈ শিক্ষা দিছে, তেওঁ মুক্ত মনক মুক্ত হ’বলৈ নতুনকৈ শিক্ষা দিছে, তেওঁ প্রতিজন মানুহকে নতুনকৈ শিক্ষা দিছে সকলোৰে মাজত থকা সেই একে পিতাৰ সমতুল্য সন্তানক সন্মান কৰিবলৈ সেই একে পিতা–সেই একে আত্মা, ‘মহত্ত্বম শ্রেষ্ঠতম ঈশ্বৰ’Dei Optimi Maximi, আলোক আৰু প্রেমৰ আত্মা যি সেই আদিম যুগত, ‘গভীৰ গহ্বৰৰ অন্ধকাৰত আবৃত’ থকাৰ সময়ত (আজিও যি অন্ধকাৰতে আবৃত আছে) ঠিক যিভাৱে জলৰাশিৰ ঊর্ধ্বত সঞ্চৰণ কৰিছিল৷’

The post মই গান্ধীজীক দেখিছিলো first appeared on নিয়মীয়া বাৰ্তা.

ঐতিহাসিক বড়ো চুক্তি
বিদ্রোহী সংগঠন এনডিএফবিয়ে অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ ঘূৰি অহাটো সমগ্র বিটিএডি তথা অসমৰ বাবে এক সুখৰ খবৰ৷ শান্তি আলোচনাৰ মাজেৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে সমস্যা সমাধানৰ পথ উলিয়াব লাগিব কেন্দ্রীয় চৰকাৰে৷ গতিকে এনডিএফবি আলোচনাৰ মাজলৈ অহাটো চলিত বর্ষৰ আৰম্ভণিতে ৰাজ্যখনৰ লগতে বিটিএডিৰ বাবে সুখৰ খবৰ হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে আজি শান্তিৰ পথ আঁকোৱালি লোৱাৰ সংকল্পৰে বিদ্রোহী বড়ো নেতৃত্বই কেন্দ্রীয় চৰকাৰৰ সৈতে ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই চুক্তিক ঐতিহাসিক আখ্যা দিয়াৰ লগতে বিটিএডিৰ পুনৰ নামকৰণ কৰা হৈছে ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ অর্থাৎ বিটিআৰ হিচাপে এনডিএফবি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত হোৱা এই চুক্তিয়ে অসমৰ ভৌগোলিক অখণ্ডতাত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি অসম চৰকাৰৰ মন্ত্রী তথা বিজেপিৰ উত্তৰ–পূবৰ অন্যতম নীতি নির্ধাৰক ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে৷ উল্লেখনীয় যে বড়ো জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ বাবে ১৫শ কোটি টকীয়া বিত্তীয় পেকেজৰ কথাও ঘোষণা কৰা আজি এই চুক্তি স্বাক্ষৰৰ সময়ত৷ কেন্দ্র, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ কেইবাটাও গোট তথা এবছুৰ নেতৃত্বই স্বাক্ষৰ কৰা এই চুক্তিয়ে বড়োভূমিলৈ শান্তিৰ বাতাৱৰণ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ চুক্তি অনুসৰি ৰাজ্য চৰকাৰে বিটিআৰৰ উন্নয়নৰ বাবে তিনিবছৰত ২৫০ কোটি টকা প্রদান কৰিব৷ এই চুক্তিয়ে বড়োভূমিত দীর্ঘদিনীয়া অশান্ত পৰিস্থিতিৰ অৱসান ঘটাব বুলি চুক্তিত স্বাক্ষৰ কৰা সকলো পক্ষই আশা কৰিছে৷ কিন্তু বিটিএডিৰ অভ্যন্তৰত দীর্ঘদিনৰ পৰা ভয়, শংকা চলি আহিছে অবড়ো লোকসকলৰ মাজত৷ আনকি এই বড়ো শান্তি চুক্তিয়ে বিটিচিক পৰৱর্তী সময়ত কেন্দ্রীয়শাসিত অঞ্চল (ইউটিচি) লৈ উন্নীতকৰণৰ পথ গ্রহণ কৰিব বুলি বিভিন্ন মহলৰ মাজত সৃষ্টি হৈছে আশংকা৷ গতিকে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পূর্বেই বিটিএডিৰ অবড়ো সংগঠনসমূহে তীব্র প্রতিক্রিয়া প্রকাশ কৰাই নহয়, অনির্দিষ্টকালৰ বাবে বিটিএডি বন্ধৰ ঘোষণাও কৰিছে৷ কেবাটাও অবড়ো সংগঠনে বড়ো শান্তি চুক্তি চলি থকা সময়তে অসম বন্ধৰো আহ্বান দিছে৷ লক্ষণীয়ভাৱে ছটাকৈ অবড়ো সংগঠনে গণৰাজ্য দিৱসৰ মাজতেই বিটিএডিৰ বিভিন্ন স্থানত গ্রহণ কৰে প্রতিবাদী কার্যসূচী৷ নিঃসন্দেহে বিটিএডিক ইউটিচিলৈ উন্নীত কৰিলে অবড়ো লোকসকল সমস্যাৰ সন্মুখীন হ’ব৷

ইফালে এই শান্তি চুক্তিত অংশগ্রহণ কৰিছে কাৰাগাৰৰ পৰা মুক্তিলাভ কৰা এনডিএফবিৰ এটা গোটৰ নেতা ৰঞ্জন দৈমাৰীয়েও৷ এনডিএফবিৰ নেতাগৰাকীয়ে বিটিএডিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈছিল৷ অৱশ্যে এই আলোচনাৰ সবিশেষ তথ্য সদৰী হোৱা নাই৷ এনডিএফবিৰ চাৰিওটা গোটৰ সদস্যৰ সৈতে কেন্দ্রীয় চৰকাৰে নতুন দিল্লীত শান্তি আলোচনাত মিলিত হোৱাৰ সময়ত এটা কথা কেন্দ্রই মনত ৰখা উচিত যে অসম তথা বিটিএডিত জনসাধাৰণে পুনৰ ৰক্তক্ষয়ী বা অশান্ত পৰিস্থিতিৰ কামনা নকৰে৷ এই নতুন বড়ো শান্তি চুক্তিয়ে যাতে বিটিএডিত যুগ যুগ ধৰি বসবাস কৰি থকা অবড়ো খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তালৈ কোনোধৰণৰ সন্দেহ বা ভাবুকি কঢ়িয়াই নানে সেই বিষয়টোক নজৰ দিব লাগিব৷ বিটিএডি গঠনৰ জৰিয়তে চৰকাৰে বড়োভূমিত শান্তিৰ বাতাৱৰণ সৃষ্টি কৰা বুলি দাবী কৰি আহিছে যদিও অঞ্চলটোত বসবাস কৰা অবড়ো লোকসকলৰ মাজত কিন্তু দীর্ঘদিন ধৰি আশংকা সজীৱ হৈ আছে৷ এনে পৰিস্থিতিত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে অকল বিদ্রোহী সমস্যাৰ অন্ত পেলোৱা বুলি চৰকাৰে দাবী কৰিলেই নহ’ব৷ সমগ্র অঞ্চলটোত যুগ যুগ ধৰি বাস কৰি থকা লোকসকলৰ মাজত শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ থকাটো নিশ্চিত কৰিব লাগিব৷ তেতিয়াহ’লে বড়োভূমিত বাস কৰা সকলো লোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাব৷ সকলো আশংকা আৰু সন্দেহ দূৰ কৰাৰ সমস্ত চাবিকাঠী এতিয়া কেন্দ্রীয় চৰকাৰৰ হাততেই আছে৷ গতিকে চৰকাৰে ইয়াৰ সঠিক প্রয়োগ কৰা উচিত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিটিআৰ চুক্তিক ঐতিহাসিক আখ্যা দিলেই নহ’ব, বিটিএডি গঠন হোৱাৰ পাছতো বড়োভূমিত যি অশান্তি পৰিস্থিতি বিৰাজমান হৈ আছে তাক বিটিআৰৰ জৰিয়তে নাইকিয়া কৰিবলৈ বদ্ধপৰিকৰ হ’ব লাগিব৷ এটা কথা সকলোৱে মনত ৰখা দৰকাৰ যে বড়োভূমিত যুগ যুগ ধৰি বাস কৰি অহা খিলঞ্জীয়া অসমীয়া আৰু জনজাতীয় অসমীয়াসকলৰ মাজত যাতে এই চুক্তিয়ে সংঘাত সৃষ্টি কৰিব নোৱাৰে তাক চৰকাৰে গুৰুত্ব প্রদান কৰিব লাগিব৷ বড়ো লোকসকলৰ সামগ্রিক উন্নয়নৰ সমান্তৰালকৈ বিটিআৰৰ অবড়ো লোকসকলেও বিভিন্ন কল্যাণকামী আঁচনিৰ সুবিধা লাভ কৰিব লাগিব৷ বিটিআৰত বড়ো–বড়োৰ মাজত যাতে চৰকাৰী আঁচনিৰ কোনো বৈষম্য নাথাকে তাক নিশ্চিত কৰিব লাগিব কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে৷ এই কামৰ জৰিয়তেহে বড়োভূমিত সকলো বাসিন্দাৰ মাজত অটুত থাকিব শান্তি আৰু ঐক্য৷ অন্যথা দীর্ঘদিনীয়া অশান্তিৰ অৱসান ঘটিব বুলি ধাৰণা কৰাটো হ’ব এক অলীক কল্পনা৷ এই চুক্তি স্বাক্ষৰ এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’বলৈ হ’লে চৰকাৰে বড়োভূমিত বৈষম্য আঁতৰ কৰাৰ ক্ষেত্রত গ্রহণ কৰিব লাগিব ব্যৱস্থা৷

The post ঐতিহাসিক বড়ো চুক্তি first appeared on নিয়মীয়া বাৰ্তা.