পথ সুৰক্ষা সম্পৰ্কে সজাগতা - নিয়মীয়া বাৰ্তা

৪০খন গাড়ীৰ এটা লক্ষ্য, কিন্তু এই লক্ষ্যটো কি?
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৪০ খন গাড়ী, এটা লক্ষ্য। অচিন পথেৰে নিৰ্ধাৰিত গতিবেগত ৰোমাঞ্চকৰ যাত্ৰা। পথ সুৰক্ষা সম্পৰ্কে সজাগতাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পৰা কাজিৰঙালৈ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক কাৰ ৰেলী। এয়া গতিবেগৰ প্ৰতিযোগিতা নহয়, প্ৰতিযোগিতা হ’ব চালক আৰু নেভিগেটৰৰ বুদ্ধিমত্তা, সতৰ্কতা আৰু যান-বাহন আইন সম্পৰ্কে জ্ঞানৰ। প্ৰতিগৰাকী প্ৰতিযোগী হ’ব পথ সুৰক্ষা সজাগতাৰ ব্ৰেণ্ড এম্বেচাদৰ।

আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল তৃতীয় নৰ্থ ইষ্ট টি-এছ-ডি ৰেলী। ফেডাৰেশ্যন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়াৰ তত্বাৱধানত আৰু মটৰ স্প’ৰ্টছৰ আন্তঃৰাষ্ট্ৰীয় বিধিৰ অধীনত এইবাৰো গুৱাহাটী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতা আনুষ্ঠিত হৈছে।

বেচৰকাৰী সংস্থা হেৰিটেজ নৰ্থ ইষ্ট আৰু আঁচলৰ উদ্যোগত আৰু ইষ্টাৰ্ণ মটৰ স্প’ৰ্টছৰ সহযোগত আয়োজন কৰা নৰ্থ ইষ্ট টি-এছ-ডি ৰেলীৰ উদ্দেশ্য পথ সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধি আৰু উত্তৰ পূবক এডভেঞ্চাৰ টুৰিজ্যিম ডেষ্টিনেশ্যন ৰূপে সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰা। প্ৰতিযোগিতাত দিল্লী, মুম্বাই, কলকতা, বাংগালুৰু, ৰায়পুৰকে আদি কৰি দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪০ খন বাহনে অংশগ্ৰহণ কৰিছে।

নৰ্থ ইষ্ট টি-এছ-ডি ৰেলীয়ে দেশৰ মটৰ স্প’ৰ্টছ ইভেণ্টৰ মানচিত্ৰত নিজৰ সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় খন প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৭ টা প্ৰফেচন্যেল গ্ৰুপে অংশগ্ৰহণ কৰাই নহয়, প্ৰথম তিনিওটা পুৰস্কাৰেই আজুৰি নিছিল। যাৰ বাবে এইবাৰ প্ৰতিযোগিতাখন নেশ্যনেল আৰু উত্তৰ-পূব, এই দুটা শাখাত অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উপৰিও আছে মহিলাৰ বাবে এটা বিশেষ শাখা। এইবাৰো দেশৰ মটৰ স্প’ৰ্টছ জগতৰ কেইবাগৰাকীও খ্যাতনামা ব্যক্তিয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। লগতে বিগত দুটা বৰ্ষৰ ২ লাখ টকাৰ পৰিবৰ্তে এইবাৰ প্ৰাইজ মানি আঢ়ৈ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

যিকোনো প্ৰকাৰৰ সৰু গাড়ীৰ পৰা এছ ইউ ভিলৈ আৰু মাৰ্চিডিছ, অ’ডি, লেণ্ড ৰ’ভাৰ আদিৰ দৰে উন্নত প্ৰযুক্তিৰ আৰু বিলাসী গাড়ীয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। টি-এছ-ডি অৰ্থাৎ টাইম, স্পীড, ডিষ্টেনচ ফৰমেটত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিশেষত্ব হৈছে চালকে পূৰ্বে নিৰ্ধাৰিত নিৰ্দিষ্ট গতিবেগত এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব লাগিব। আনহাতে কোনটো পথেৰে ৰেলী আগবাঢ়ি যাব সেই সন্দৰ্ভত প্ৰতিযোগীয়ে আগতীয়াকৈ জনাৰ কোনো সুযোগ নাই কাৰণ ৰেলী ফ্লেগ অফ হোৱাৰ মাত্ৰ কিছু সময়ৰ পূৰ্বেহে তেওঁলোকক একোখনকৈ ৰোড বুক দিয়া হ’ব। নেভিগেটৰে সেই ৰোড বুক চাই চালকক দিয়া নিৰ্দেশক মতেহে প্ৰতিখন গাড়ী আগবাঢ়ি যাব পাৰিব।

উল্লেখ্য যে প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে প্ৰতিগৰাকী প্ৰতিযোগী সম্পূৰ্ণ ৰূপে শাৰিৰীক ভাৱে সক্ষম হ’ব লাগিব আৰু প্ৰতিখন গাড়ীত কাৰিকৰী দিশত কোনো খুঁট বা বিজুতি থাকিব নালাগিব। অন্যথা যিকোনো এগৰাকী প্ৰতিযোগী বা বাহনৰ অংশগ্ৰহণ ফেডাৰেশ্যন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়াই বাতিল কৰিব পাৰে। এই প্ৰতিযোগিতাত প্ৰতিগৰাকী প্ৰতিযোগীৰ সুৰক্ষাৰ দিশটোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়।

আজি গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়াম খেলপথাৰত পুৱা ৯.৩০ বজাৰ পৰা প্ৰতিখন গাড়ী তথা প্ৰতিগৰাকী প্ৰতিযোগীৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত বিয়লি ৩.৩০ বজাত আনুষ্ঠানিক ফ্লেগ অফ সম্পন্ন হয়। ১১ জানুৱাৰীৰ পুৱা ৭ বজাৰ পৰা প্ৰতি ২ মিনিটৰ মূৰে মূৰে একোখনকৈ গাড়ীয়ে অজান পথেৰে গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়ামৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভিমুখে যাত্ৰা কৰিব। সন্ধিয়া প্ৰতিযোগীসকল কাজিৰঙাৰ বৰগছ ৰিজৰ্টত উপস্থিত হোৱাৰ পিছত ১২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে আন এক ৰেলীত অংশগ্ৰহণ কৰিব আৰু বিয়লি বৰগছ ৰিজৰ্টতেই অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান।

The post ৪০খন গাড়ীৰ এটা লক্ষ্য, কিন্তু এই লক্ষ্যটো কি? first appeared on নিয়মীয়া বাৰ্তা.