বলিভিয়াৰ অস্থিৰতা - নিয়মীয়া বাৰ্তা

বলিভিয়াৰ অস্থিৰতা
লেটিন আমেৰিকাৰ কেইবাখনো দেশত ৰাজনৈতিক অস্থিৰতা তুংগত উঠিছে। চিলি ভেনিজুৱেলা-কলম্বিয়াকে ধৰি কেইবাখনো দেশত চৰকাৰ বিৰোধী বিক্ষোভ তীব্ৰতৰ হোৱাৰ সময়তে বলিভিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ছ’চিয়েলিষ্ট নেতা ইভো ম’ৰালেছে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা বুলি উত্থাপিত অভিযোগৰ পিছতেই নজিৰবিহীন বিক্ষোভৰ জুইত জ্বলিছে দেশখন। সুদীৰ্ঘ ১৪ বছৰ ধৰি বলিভিয়াত ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰা আদিবাসী সম্প্ৰদায়ৰ নেতা ইভো ম’ৰালেছৰ জনপ্ৰিয়তা অভূতপূৰ্ব আছিল। নেতাগৰাকীয়ে প্ৰায় ডেৰ কোটি জনসংখ্যাৰ দেশখনত বিভিন্ন কল্যাণমূলক আঁচনি কাৰ্যকৰী কৰাৰ লগতে অন্য দেশৰ বাবে আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু পুনৰ এটা কাৰ্যকালৰ বাবে ইভো ম’ৰালেছ নিৰ্বাচিত হোৱাৰ পিছতেই দেশখনত সৃষ্টি হয় ৰাজনৈতিক অচলাৱস্থা। আনকি বিৰোধী দল তথা বিভিন্ন সামাজিক সংগঠনৰ এই বিক্ষোভত পদত্যাগ কৰিবলৈ বাধ্য হয় নেতাগৰাকীয়ে। অকল সেয়াই নহয়, পদত্যাগৰ পিছতেই ম’ৰালেছে আশ্ৰয় গ্ৰহণ কৰে মেক্সিকোত। ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি গুছি যোৱাৰ পিছত ছ’চিয়েলিষ্ট পাৰ্টীৰ কৰ্মী তথা সমৰ্থকসকলে বিৰোধী দলৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীয়ে এতিয়া সংঘৰ্ষৰ ৰূপ লৈছে। বিৰোধীৰ পক্ষত আৰক্ষীৰ কৰ্মীয়ে যোগদান কৰিছে। এই সংঘৰ্ষত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৩০গৰাকীতকৈ অধিক লোকে।আহত হৈছে ডেৰ সহস্ৰাধিক নাগৰিক। অকল সেয়াই নহয় সংঘৰ্ষৰ কালছোৱাত ৰাজধানী লাঁপাজত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে বহু বাহন তথা ব্যৱসায়িক প্ৰতিষ্ঠান। এই বিক্ষোভৰ ফলত ক্ষতিসাধন হৈছে কেইবানিযুত ডলাৰৰ চৰকাৰী সম্পত্তি। বিভিন্নজনে ম’ৰালেছক পুনৰ ক্ষমতাত বহুৱাবলৈ চেষ্টা কৰি আছে যদিও বিৰোধী নেত্ৰী সোঁপন্থী জেনাইন আনেজে নিজকে অন্তৰ্বতী ৰাষ্ট্ৰপতি ঘোষণা কৰিছে। ম’ৰালেছৰ পদত্যাগৰ পাছতেই আনেজে নিজকে অন্তৰ্ৱতী শীৰ্ষ নেত্ৰী ঘোষণা কৰাৰ পিছত তাৎক্ষণিকভাৱে আমেৰিকাই নেত্ৰীগৰাকীক ৰাষ্ট্ৰপতি হিচাপে অনুমোদন জনাইছে। ইয়াৰবাবে বলিভিয়াৰ বিক্ষোভত আমেৰিকাৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি অভিযোগ কৰিছে বিভিন্ন দল তথা সংগঠনে

লক্ষণীয়ভাৱে লেটিন আমেৰিকাৰ দেশে দেশে বাঁওপন্থী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা হোৱাইট হাউছ প্ৰশাসনৰ সৈতে এই দেশবোৰৰ মতানৈক্য তীব্ৰতৰ হৈ আহিছে। বিশেষকৈ বলিভিয়া, ভেনিজুৱেলা, চিলি, আৰ্জেণ্টিনা আদি দেশত বাঁওপন্থী ছ’চিয়েলিষ্ট চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা আমেৰিকান ধনকুবেৰৰ ব্যক্তিগত মালিকাধীন বাণিজ্যিক প্ৰতিষ্ঠান তথা কোম্পানীসমূহলৈ আহি পৰিছে তীব্ৰ প্ৰত্যাহ্ৱান। ভেনিজুবেলাত আমেৰিকাৰ কোম্পানীবোৰৰ আধিপত্য চাভেজৰ দিনৰে পৰা উৎখাত কৰি অহা হৈছে। গতিকে দেশখনৰ বৰ্তমানৰ নিকোলাছ মাডুৰোৰ বিৰুদ্ধে আমেৰিকাই হুংকাৰ দি আহিছে। একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বলিভিয়াতো। ফিডেল কাষ্ট্ৰোৰ দিনৰে পৰা বলিভিয়া চৰকাৰে আমেৰিকাৰ সৈতে বিভিন্ন বিষয়ত মতানৈক্যত লিপ্ত হৈ আহিছে। আনকি সুদীৰ্ঘ ১১বছৰ ধৰি আমেৰিকাৰ সৈতে কুটনৈতিক সম্পৰ্ক বিচ্ছিন্ন হৈ আছিল বলিভিয়াৰ। ইভো ম’ৰালেছৰ শাসনত বলিভিয়াই আমেৰিকাৰ লগত কুটনৈতিক সম্পৰ্ক ছেদ কৰাৰ উপৰি হোৱাইট হাউছক দেশখনৰ শত্ৰু বুলি অভিহিত কৰিছিল। গতিকে দেশখনৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাত হোৱাইট হাউছ প্ৰশাসনৰ অৰিহনা থকা বুলি বিভিন্ন মহলে যুক্তি দৰ্শাইছে। অৱশ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বলিভিয়াত ইভো ম’ৰালেছৰ পদত্যাগৰ পিছত নতুন যুগৰ সূচনা হোৱা বুলি দাবী কৰাৰ উপৰিও হোৱাইট হাউছ প্ৰশাসনে লেটিন আমেৰিকাৰ দেশখনৰ ৰাজনীতিত কোনো দিন হস্তক্ষেপ কৰা নাই বুলি স্পষ্ট কৰি দিছে। কিন্তু ট্ৰাম্পৰ এই ব্যক্তব্যক লেটিন আমেৰিকাৰ কেইবাখনো দেশে চৰম মিথ্যাচাৰ বুলি অভিহিত কৰিছে। মূল কথাটো হৈছে ইভো ম’ৰালেছৰ পতনৰ পিছত বলিভিয়াত আমেৰিকাৰ আধিপত্য বিস্তাৰ হোৱাৰ এক সুযোগ সৃষ্টি হৈছে। এইক্ষেত্ৰত সোঁপন্থী নেত্ৰী জিনাইন আনেজে প্ৰত্যক্ষভাৱে হোৱাইট হাউছৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সুদীৰ্ঘ ১৪ বছৰ ধৰি বলিভিয়াত যি নজিৰবিহীন পৰিৱৰ্তন ইভো ম’ৰালেছে আনিবলৈ সক্ষম হৈছিল তাৰ সাক্ষী হৈ আছে দেশখনৰ জনগণ। গতিকে ম’ৰালেছৰ পদত্যাগৰ পিছত যি বিক্ষোভৰ অগ্নিপিণ্ডত পৰিণত হৈছে দেশখন তাৰ উত্তাপ সহজতে যে নিঃশেষ নহয় সেয়া নিশ্চিত।

The post বলিভিয়াৰ অস্থিৰতা first appeared on নিয়মীয়া বাৰ্তা.