ৰন্ধন গেছৰ নাটনি - নিয়মীয়া বাৰ্তা

সন্মুখত হেঁপাহৰ ভোগালীঃ ৰন্ধন গেছৰ নাটনিত হাহাকাৰ মহানগৰী
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমবাসীৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ এদিন বাকী৷ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ মহানগৰবাসীয়ে ইতিমধ্যে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ভোগালী বিহুত লগে ভাগে এসাঁজ খোৱাৰ বাবে বিহুৰ জা–জলপান আৰু অন্যান্য সামগ্রী বিচাৰি বজাৰে বজাৰে গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷

কিন্তু মহানগৰবাসীৰ ভোগালী বিহুৰ প্রস্তুতি পূর্ণ গতিত চলি থকাৰ মাজতেই ৰন্ধন গেছৰ নাটনিয়ে বিহুৰ প্রস্তুতিত আউল লগোৱা পৰিলক্ষিত হৈছে৷ সংশ্লিষ্ট গেছ এজেঞ্চীৰ গ্রাহকে গেছ বুকিং কৰাৰ পিছতো এজেঞ্চীসমূহে একাংশ গ্রাহকক নির্দিষ্ট সময়ৰ ভিতৰত চিলিণ্ডাৰ যোগান ধৰাত ব্যর্থ হৈছে৷

গেছ বুকিঙৰ ২০ দিন উকলি যোৱাৰ পিছতো এজেঞ্চীয়ে গ্রাহকক গেছৰ যোগান ধৰিব নোৱৰাৰ বাবে মহানগৰীত গ্রাহকসকলৰ মাজত এক প্রকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ ছয়মাইলস্থিত শংকৰ গেছ এজেঞ্চী আৰু বেলতলাৰ চিটী গেছ এজেঞ্চীৰ একাংশ গ্রাহকে নির্দিষ্ট সময় উকলি যোৱাৰ পিছতো গেছ নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ বাবে ৰাজপথত গেছৰ টেংকাৰ চলাচল কৰাত অসুবিধাৰ সন্মুখীন হোৱা বাবেই মহানগৰীত গেছৰ নাটনি হোৱা বুলি একাংশ লোকে জানিবলৈ দিছে৷

অৱশ্যে ক্রমাৎ পৰিস্থিতি শাম কাটিছে যদিও শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ গেছ কাৰখানাসমূহতো একাংশ কর্মচাৰীয়ে নিজৰ প্রাপ্য বিচাৰি ধর্মঘট পালন কৰাৰ বাবেই মহানগৰীত গেছৰ নাটনি হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে, মহানগৰীত গেছৰ কৃত্রিম নাটনি দেখুৱাই একাংশ অসাধু লোকে ক’লা বজাৰত চিলিণ্ডাৰ বিক্রী কৰা পৰিলক্ষিত হৈছে৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ প্রান্তে প্রান্তে চলি থকা আন্দোলনৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত ৰন্ধন গেছৰ নাটনিৰ অজুহাত দেখুৱাই প্রতিটো ভর্তি চিলিণ্ডাৰ ১২০০–১৩০০ টকা পর্যন্ত দামত বিক্রী কৰি আহিছে৷ বিশেষকৈ ভেটাপাৰা, হাতীগাঁও, সিজুবাৰী, গণেশগুৰি, হেঙেৰাবাৰী, ছয়মাইল, নাৰেংগী, নুনমাটি আৰু বামুণীমৈদামকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে চৰা দামত গেছ চিলিণ্ডাৰ বিক্রী কৰি আহিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

The post সন্মুখত হেঁপাহৰ ভোগালীঃ ৰন্ধন গেছৰ নাটনিত হাহাকাৰ মহানগৰী first appeared on নিয়মীয়া বাৰ্তা.