ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী - নিয়মীয়া বাৰ্তা

ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
তাৎক্ষণিক তিনি তালাক, জম্মু-কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক ব্যৱস্থা প্ৰত্যাহাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ়তাৰে সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ দ্ৱিতীয়টো ইনিংছ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্ৱধীন চৰকাৰখনে এইবাৰ দেশজুৰি এন আৰ চি উন্নীতকৰণৰ ব্যবস্থা কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে ৰাজ্যসভাত চৰকাৰখনৰ অভিপ্ৰায় স্পষ্ট কৰি দিছে। লগতে এইটোও স্পষ্ট হৈ পৰিছে যে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো এতিয়া অৰ্থহীন। ইয়াৰ বিপৰীতে সমগ্ৰ দেশৰ সৈতে একেটা ব্যৱস্থাৰ অধীনত অসমতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ব্যবস্থা কৰা হৱ। গৃহমন্ত্ৰী অমিত শ্ৱাহে ৰাজ্যসভাত ঘোষণা কৰা দৰে যদি দেশজুৰি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হয় তেন্তে এইটোও এটা দেশৰ বাবে সুদূৰপ্ৰসাৰী কাৰ্য হৈ পৰিব। এইটো অনস্ৱীকাৰ্য যে পৃথিৱীৰ কোনো চৰকাৰে নিজ দেশত কোনো নাগৰিকক অবৈধভাৱে অনুপ্ৰবেশ কৰি বসতি স্থাপন কৰিবলৈ অনুমতি নিদিয়ে। লগতে তেনে নাগৰিকক অবৈধভাৱে নাগৰিকত্ব লাভৰ সুবিধাও কৰি নিদিয়ে। কিন্তু ভাৰতবৰ্ষৰ কথাটো সুকীয়া। এইখন দেশত ভোটবেংকৰ স্বাৰ্থত অবৈধ অনুপ্ৰৱেশক উদ্গনি যোগোৱা হয়। তেওঁলোকক দেশৰ নাগৰিকৰ সমানে সুবিধা ভোগ কৰাৰ পথ উলিয়াই দিয়া হয়। কৰ দিয়ে দেশৰ সাধাৰণ নাগৰিকে, সুবিধা ভোগ কৰে অবৈধ অনুপ্ৰবেশকাৰীয়ে আৰু তেনে লোকৰ মাজৰ পৰাই সমাজবিৰোধী, ৰাষ্ট্ৰবিৰোধী শক্তিৰ আবিৰ্ভাৱ ঘটে। দেশখনত অবৈধ অনুপ্ৰৱেশকাৰীক লৈ দীৰ্ঘদিন চলি থকা এনে স্ৱাৰ্থপৰ ৰাজনীতিৰ অৱসান ঘটোৱাৰ লগতে দেশৰ সুৰক্ষা, নাগৰিকৰ অধিকাৰৰ দৰে বিভিন্ন বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৰাজ্যসভাত কৰা ঘোষণাটো দেশবাসীৰ বাবে আদৰণীয় আৰু ভবিষ্যত সুৰক্ষিত কৰিবপৰা বিধৰ হৈছে। ইয়াক স্বাৰ্থজড়িত মহলৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে সমৰ্থন নকৰাকৈ নাথাকিব। আচৰিত কথা, বাংলাদেশৰ পৰা হৈ থকা অবৈধ অনুপ্ৰবেশত দেশৰ অন্য়তম ক্ষতিগ্ৰস্ত ৰাজ্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে বিজেপিয়ে ধৰ্মৰ ভিত্তিত এন আৰ চি প্ৰস্তুত কৰিব। গতিকে পশ্চিমবংগত সেইটো হ’বলৈ দিব নোৱাৰি। হাস্য়কৰ যুক্তি।

এন আৰ চিত ধৰ্মৰ ভিত্তিত নাম অন্তৰ্ভুক্তিৰ কোনো ধৰণৰ সুবিধা নাই। সমগ্ৰ বিষয়টো তথ্য়নিৰ্ভৰ। অৰ্থাৎ ধৰ্মৰ দ্বাৰা নহয়, তথ্যৰে নিজৰ নিজৰ নাগৰিকত্ব প্ৰতিপন্ন কৰিব লাগিব। অসমক যদি উদাহৰণ হিচাপে লোৱা হয়। ইয়াৰ বাবে চৰকাৰী পক্ষই নাগৰিকক তথ্যসূত্ৰ প্ৰদান কৰিব। তদুপৰি, তথ্যৰ ক্ষেত্ৰত অসমৰ তুলনাত পশ্চিমবংগ বহুখিনি আগবাঢ়ি আছে। অসমৰ আধাৰ কাৰ্ডৰ ব্যৱস্থা পশ্চিমবংগৰ তুলনাত বহু পলমকৈ আৰম্ভ হৈছে। আনকি ভোটাৰ পৰিচয়-পত্ৰও পশ্চিমবংগৰ নাগৰিকে বহু পূৰ্বে লাভ কৰিছে। বৈধ নাগৰিকত্ৱ প্ৰতিপন্নৰ বাবে এনে নথি অতি জৰুৰী। মূল কথাটো হৈছে, ভাৰতবৰ্ষত কোনো কাৰণতে অবৈধ নাগৰিকক বসতি কৰি থাকিবলৈ দিব নোৱাৰি। তাৰে মাজৰ কিছু লোক দেশৰ সুৰক্ষাৰ বাবেও ভাবুকিৰ কাৰণ হৈ উঠিব পাৰে। আনহাতে দেশজুৰি এন আৰ চিৰ ব্যবস্থা হ’লে অসমৰ বাবে ভিত্তিবৰ্ষটো নতুন হ’ব পাৰে। উচ্চতম ন্যায়ালয়ে অসমত এন আৰ চি উন্নীতকৰণৰ দিয়া নিৰ্দেশৰ লগতে অসম চুক্তিৰ প্ৰসংগটোও জড়িত হৈ আছিল । ৰাজ্য়খনত নাগৰিকত্ৱ বিচাৰৰ ভিত্তি বাংলাদেশৰ গঠনৰ সৈতে যুক্ত হৈ আছে। কিন্তু দেশজুৰি এন আৰ চি উন্নীতকৰণ হ’লে ভিত্তি বৰ্ষটো ১৯৫১চনহে হ’ব। অসমৰ বাহিৰে সকলোতে নাগৰিকত্ৱৰ ভিত্তিবৰ্ষ সেইটোৱেই। এনেয়েও এখন দেশত দুটা ভিত্তিবৰ্ষ থকা অনুচিত। যিখন বাংলাদেশৰ গঠনৰ সময়টোক অসম চুক্তিত সন্নিবিষ্ট কৰি অবৈধ বিদেশী নাগৰিক চিনাক্ত আৰু বহিস্কৰণৰ ব্যৱস্থা কৰা হল, বাংলাদেশ গঠনৰ পূৰ্বে সেই ভূ-খণ্ড ভাৰতৰ অংগ নাছিল পাকিস্তানৰ অংগ আছিল। ছিকিমৰ ক্ষেত্ৰত নাগৰিকত্ব বিচাৰৰ সুকীয়া ব্যবস্থা থাকিব পাৰে। কিয়নো ৰাজ্যখন স্বাধীনতাৰ বহু পিছত ভাৰতবৰ্ষত চামিল হৈছে। ভিত্তিবৰ্ষ যিয়েই নহওক, সমগ্ৰ দেশজুৰি একেলগে ৰাষ্ট্ৰীয় নাগৰিপঞ্জী উন্নীতকৰণৰ ব্যবস্থা হ’লে, অবৈধ নাগৰিকে উন্নীতকৰণৰ সময়ছোৱাত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গৈ নিজকে নিজে সুৰক্ষিত কৰাৰ সুবিধা নাপাব। যিটো অসমৰ ক্ষেত্ৰত হৈছিল। আনহে নালাগে, সীমান্তৱৰ্তী দক্ষিণ শালমাৰ-মানকাচৰ জিলাৰ পৰা ব্যাপক হাৰত গৈ অবৈধ নাগৰিকে চুবুৰীয়া মেঘালয়ত আশ্ৰয় লোৱা বুলি সংবাদ মাধ্য়মত প্ৰচাৰ হৈছিল। গতিকে দেশজুৰি এন আৰ চিৰ ব্য়বস্থা কৰাটোৱে দেশৰ স্ৱাৰ্থক সুৰক্ষিত কৰিব বুলি ক’ব পাৰি।

The post ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী first appeared on নিয়মীয়া বাৰ্তা.