assam tourism - নিয়মীয়া বাৰ্তা

১২ ডিচেম্বৰৰ পৰা অসমত ভৰি থোৱা নাই এজনো দেশী-বিদেশী পৰ্যটকে
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱাৰ তথ্য দাঙি ধৰিলে দিল্লীত ট্যুৰ কনছালটেণ্টে ।

শনিবাৰে এখন সংবাদমেলত প্ৰকাশ কৰা এক উদ্বেগজনক তথ্য মতে, যোৱা ১২ ডিচেম্বৰৰ পৰা দেশ–বিদেশৰ এজনো পর্যটকে অসম ভ্রমণ কৰা নাই ৷ অসম পর্যটন উন্নয়ন নিগমৰ তথ্য দাঙি ধৰি দিল্লীৰ এটা প্রতিষ্ঠিত ট্রেভেল এজেন্সী ‘হলীডে’ কনছালটেণ্ট’ৰ শিৱম শর্মাই প্রকাশ কৰা মতে, যোৱা বছৰ অর্থাৎ ২০১৮ চনৰ ডিচেম্বৰ মাহত অসম ভ্রমণ কৰা বিদেশী পর্যটকৰ সংখ্যা আছিল ৪,৫০০ আৰু দেশীয় পর্যটকৰ সংখ্যা আছিল প্রায় ৪ লাখ৷ পিছে ডিচেম্বৰৰ প্রথম সপ্তাহত কিছুসংখ্যক পর্যটকে অসম ভ্রমণ কৰিলেও ১২ ডিচেম্বৰৰ পৰা ‘কা’বিৰোধী আন্দোলন তীব্রতৰ ৰূপ ধাৰণ কৰাত দেশী–বিদেশী এজনো পর্যটকে অসম ভ্রমণ কৰা নাই বুলি শর্মাই চৰকাৰী তথ্য দাঙি ধৰে৷

চৰকাৰী হিচাপত ‘কা’বিৰোধী আন্দোলনৰ বাবে অসমৰ পর্যটন খণ্ডত ৪০০ কোটি টকাৰ লোকচান হৈছে বুলি ধৰা হ’লেও প্রকৃততে ৰাজ্যৰ পর্যটন খণ্ডৰ এই লোকচান সুদূৰপ্রসাৰী হ’ব পাৰে৷ শর্মাই কয় যে ‘কা’বিৰোধী আন্দোলনে বিদেশলৈ অসম সন্দর্ভত এক নেতিবাচক বার্তা প্রেৰণ কৰিছে৷ ইতিমধ্যে আমেৰিকা, ইংলেণ্ড, ইজৰাইল, ছিংগাপুৰ, কানাডা আদি দেশে নিজৰ পর্যটকসকলক অসম তথা উত্তৰ–পূর্বাঞ্চল ভ্রমণ নকৰিবলৈ ‘এডভাইজৰী’ জাৰি কৰিছে৷ এজন ট্যুৰ অপাৰেটৰ হিচাপে শর্মাৰ মতে, অসমৰ পর্যটন খণ্ডৰ এই ক্ষতি সহজে পূৰণ নহয়৷ বৰঞ্চ অনাগত দিনত ৰাজ্যৰ পর্যটন খণ্ডৰ বিকাশৰ হাৰ অধিক নিম্নগামীহে হ’ব বুলি শর্মাই আশংকা ব্যক্ত কৰে৷ শর্মাই প্রকাশ কৰা মতে, অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫.৫ শতাংশ আহে পর্যটন খণ্ডৰ পৰা৷

একেদৰে ৰাজ্যৰ মুঠ বিনিয়োগৰ ১০ শতাংশই হৈছে পর্যটন খণ্ডত হোৱা বিনিয়োগ৷ ৰাজ্যৰ লক্ষাধিক লোক পর্যটন উদ্যোগৰ লগত জড়িত আছে৷ কোনো সন্দেহ নাই যে অসমৰ পর্যটন খণ্ডত সম্ভাৱনীয়তাৰ আশানুৰূপ ব্যৱহাৰ এতিয়াও হোৱা নাই৷ ইয়াৰ পাছত ‘কা’বিৰোধী আন্দোলনে অসমৰ পর্যটন উদ্যোগক মৃত্যুৰ দিশে আগবঢ়াই নিছে বুলি শর্মাই উদ্বেগ ব্যক্ত কৰে৷ আনহাতে, পর্যটন উদ্যোগৰ লগত সুদীর্ঘকাল ধৰি জড়িত হৈ থকা আন এজন ‘হলীডে’ কনছালটেণ্ট’ গৌতম বৰগোহাঁইৰ মতে, অসমত ‘কা’বিৰোধী আন্দোলন চৰকাৰে প্রতিহত কৰিব পাৰিলেহেঁতেন, যদিহে আইনখন প্রণয়ন কৰাৰ পূর্বে কেন্দ্রই উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহৰ দৰে অসমতো ইনাৰ লাইন পার্মিটৰ (আই এল পি) ব্যৱস্থা আগবঢ়ালেহেঁতেন৷ আই এল পিয়ে কেৱল অসমৰ স্বার্থই সুৰক্ষিত ৰখা নহয়, ৰাজ্যৰ পর্যটন খণ্ডতো এক নীতিগত দিহা আগবঢ়াব পাৰিলেহেঁতেন৷ কাৰণ আই এল পি থাকিলে অসম ভ্রমণ কৰা দেশ–বিদেশৰ কোনজন পর্যটক আৰু কোনজন ব্যৱসায়ী কিম্বা আন কিবা কামৰ কাৰণে যোৱা লোক, তাৰ তথ্য থাকিলেহেঁতেন৷

দেশ–বিদেশৰ কোন ঠাইৰ লোকে বেছিকৈ অসম ভ্রমণ কৰে, সেই তথ্যও আমি পালোঁহেঁতেন৷ সেই হিচাপত ৰেষ্টুৰেণ্ট আদি চলিব পাৰিলেহেঁতেন৷ তদুপৰি আই এল পি থাকিলে পর্যটকৰ প্রকৃত পৰিসংখ্য লাভ কৰিব পৰা গ’লহেঁতেন৷ অসমৰ পর্যটন উদ্যোগক এই দুৰৱস্থাৰ পৰা পৰিত্রাণ দিবলৈ ট্যুৰ অপাৰেটৰসকলে আন্দোলনকাৰীসকলৰ লগতে ৰাজ্যৰ পর্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলক লৈ চৰকাৰী প্রতিনিধিয়ে শীঘ্রে আলোচনা কৰা উচিত বুলি শর্মা আৰু বৰগোহাঁয়ে সংবাদ মেলত পৰামর্শ আগবঢ়ায়৷

The post ১২ ডিচেম্বৰৰ পৰা অসমত ভৰি থোৱা নাই এজনো দেশী-বিদেশী পৰ্যটকে first appeared on নিয়মীয়া বাৰ্তা.

CAA বিৰোধী আন্দোলনত অস্থিৰ ৰাজ্য; পৰ্যটন খণ্ডত ১৬ দিনত লোকচান ৪০০ কোটি
অসম অস্থিৰ কৰি ৰখা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু ইয়াৰ গইনা লৈ একাংশই সমান্তৰালভাৱে সংঘটিত কৰা হিংসাত্মক কৰ্মকাণ্ডই ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগক ।

আনকি এই হিংসাত্মক পৰিস্থিতিৰ বাবে ১৫ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আব্বেৰ গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো ব্যাপক প্ৰভাৱ পেলাইছে । যাৰ পৰিণতিত লোকচানৰ সন্মুখীন হৈছে অসমৰ পর্যটন খণ্ড ৷

মাত্র ১৬ দিনৰ ভিতৰতে অসমৰ পর্যটন খণ্ডই প্রায় ৪০০ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

উল্লেখ্য যে নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ এই তিনিটা মাহত প্রতিবছৰে ৰাজ্যখনত দেশী–বিদেশী পর্যটকে ভিৰ কৰে৷ ডিচেম্বৰ মাহত সর্বাধিক পর্যটক আহে৷ কিন্তু এইবাৰ যোৱা ৮ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ‘কা’বিৰোধী আন্দোলন আৰু প্রতিবাদে অসমলৈ দেশী–বিদেশী পর্যটকৰ আগমনত অভাৱনীয়ভাৱে বিৰূপ প্রভাৱ পেলাইছে৷

এই পৰিস্থিতি যদি অব্যাহত থাকে, তেতিয়াহ’লে অহা বছৰলৈওে ৰাজ্যৰ পর্যটন খণ্ড ক্ষতিগ্রস্ত হ’ব৷

ইপিনে, পর্যটন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, সাম্প্রতিক পৰিস্থিতিৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা বর্তমান পর্যন্ত প্রায় ৪০০ কোটি টকাৰ লোকচান হৈছে৷ এই পৰিমাণ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে৷ আনহে নালাগে, কাজিৰঙাকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানলৈ আহিবলগীয়া পর্যটকে সাম্প্রতিক পৰিস্থিতিৰ বাবে যাত্রা বাতিল কৰাত পর্যটন খণ্ডসমূহত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বুলি সূত্রটোত প্রকাশ পাইছে ৷

কাজিৰঙাত জীপ ছাফাৰীৰ চালকসকলে এতিয়া দিনৰ দিনটো হাত সাবটি বহি থাকিবলগীয়া হৈছে৷ অথচ পূর্বৰ বছৰসমূহত এই সময়ছোৱা তেওঁলোকৰ বাবে অত্যন্ত ব্যস্ততাৰ সময়৷ সেইদৰে আগতীয়াকৈ বুক কৰা হোটেল–ল’জৰ কোঠাও বাতিল কৰাত এতিয়া হোটল–ল’জ কর্তৃপক্ষয়ো মূৰে–কপালে হাত দিছে৷ বহু হোটেল–ল’জে এতিয়া ভাৰা ৫০ শতাংশৰো অধিক কমাই দিবলগীয়া হৈছে৷ একেই প্রভাৱ পৰিছে ট্যুৰ অপাৰেটৰসকলৰ ক্ষেত্রতো৷

ইফালে, ‘কা’ক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে গ্রেট ব্রিটেইন, কানাডা, অষ্ট্রেলিয়া, আমেৰিকা, নাইজেৰিয়া আদি ৰাষ্ট্রই তেওঁলোকৰ পর্যটকসকলক পৰাপক্ষত অসমকে ধৰি উত্তৰ–পূবত পর্যটনৰ কার্যসূচী এৰাই চলিবলৈ সতর্কতা জাৰি কৰিছে৷ এই সতর্কতায়ো অঞ্চলটোৰ পর্যটন খণ্ডত সাংঘাতিক প্রভাৱ পেলাইছে৷

The post CAA বিৰোধী আন্দোলনত অস্থিৰ ৰাজ্য; পৰ্যটন খণ্ডত ১৬ দিনত লোকচান ৪০০ কোটি first appeared on নিয়মীয়া বাৰ্তা.