Assamese Cinema - নিয়মীয়া বাৰ্তা

নৱবর্ষত নতুন কামৰ পৰিকল্পনা তপন দাস, চম্পক শর্মা, মৃদুল ভূঞা, প্রস্তুতিৰ…
এটা পুৰণি বছৰ বাগৰিল৷ আহিল এটা নতুন বর্ষ৷ নৱবর্ষত আপোনাৰ পৰিকল্পনা কি? এনে এক প্রশ্ণৰ উত্তৰ বিচাৰি ওচৰ চাপিছিলোঁ অসমৰ ছবি তথা ভ্রাম্যমাণ জগতৰ জনপ্রিয় শিল্পী কেইগৰাকীমানৰ…

প্রস্তুতি পৰাশৰঃ সমূহ অসমবাসীলৈ ইংৰাজী নৱবর্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছেছা৷ নতুন বছৰৰ সংকল্প আৰু পৰিকল্পনা বুলি কবলৈ গলে আচলতে ৰাজ্যখনত সম্প্রতি ঘটি থকা সমস্যাবোৰক মষিমূৰ কৰাৰ কথাই কবলৈ মন যায়৷ অসমীয়া ৰাইজৰ কাতৰ বিননি অসম চৰকাৰে শুনিব বুলি মই আশাবাদী৷ যিহেতু বর্তমান আমি ভ্রাম্যমাণত ব্যস্ত, ভ্রাম্যমাণ ক্ষেত্রখনকলৈয়েই কিছু চিন্তা কৰাৰ পৰিকল্পনা আছে৷ নতুন বছৰটোত এখন অসমীয়া ছবিৰ পৰিকল্পনা কৰি আছো, অচিৰেই ছবিখনৰ নামটো ঘোষনা কৰিম ৰাইজৰ মাজত৷ চলিত বর্ষত যেনেকৈ এখন বাস্তৱধর্মী বিপ্লৱী নাট ‘মূলাগাভৰু’ মঞ্চস্থ কৰা হ’ল ঠিক তেনেকৈ অহা বছৰ ‘জয়মতী’ নামেৰে এখন নাটক কৰাৰ পৰিকল্পনা কৰিছোঁ৷

তপন দাসঃ অসমৰ প্রতিগৰাকী সুহূদ ব্যক্তিলৈ ইংৰাজী নৱবর্ষৰ অযুত শুভকামনা জনাইছোঁ৷ বর্তমান ভ্রাম্যমাণ থিয়েটাৰত ব্যস্ত হৈ আছোঁ যেতিয়া সংকল্প বুলি কবলৈ তেনেকুৱা বিশেষ একো নাই৷ নতুন বছৰত এটা বিশেষ পৰিকল্পনা আছে বাৰু, কিছু ব্যতিক্রম চিন্তনেৰে কবিতাধর্মী এটা বিষয়ক লৈ চিন্তা চর্চা কৰি আছোঁ৷ সময়ত নিশ্চয়কৈ সকলোৰে আগত অৱগত কৰা হ’ব৷ অহা নাট্যবর্ষত মই বৰদৈচিলা থিয়েটাৰৰ সৈতে জডিত থাকিম গতিকে সেই বিষয়তো কিছু চিন্তা চর্চা কৰাৰ সময় আহি পৰিছে৷

চম্পক শর্মাঃ ইংৰাজী নৱবর্ষৰ পৱিত্র ক্ষণত সমূহ অসমবাসীলৈ মোৰ হিয়াভৰা ওলগ যাচিছোঁ৷ নতুন বছৰটোৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ আনন্দ আৰু সমৃদ্ধিৰ বতৰা৷ নতুন বছৰৰ সংকল্প বুলি কবলৈ গ’লে যিহেতু মই মঞ্চজগতখনৰ সৈতে একাত্মভাৱে জডিত হৈ আছোঁ৷ প্রতিবছৰে ভ্রাম্যমাণত মোৰ মই অভিনয় কৰাৰ লগতে চাৰি পাছখন মোৰ নাটক থাকে৷ আগন্তুক বর্ষটো বহুকেইটা আগশাৰীৰ নাট্যদলত মোৰ নাটক থাকিব সেই নাটকেইখনক দর্শকৰ ৰুচিপূর্ণ কৰি ৰচনা কৰাৰ বাবেই দৃঢ় সংকল্প হাতত লৈছোঁ৷ লগতে নতুন বছৰত ‘ভ্রাম্যমাণ শিল্পী সুৰক্ষা সমিতি’ নামেৰে এটা সংস্থা গঠন কৰাৰ বাবে মই এক প্রচেষ্টা উত্থাপন কৰিছোঁ৷ যিহেতু আমাৰ ভ্রাম্যমাণ শিল্পীসকলৰ সুৰক্ষামূলক ভাৱে তেনে কোনো এটা সংস্থা বর্তমান নাই৷ শিল্পীসকলৰ সুৰক্ষা দিব পৰাকৈ বা চৰকাৰৰ ওচৰত শিল্পীসকলৰ সুখ দুখঃৰ বার্তা প্রেৰণ কৰা তেনে কোনো এটা অগ্রণী সংস্থা আমি দেখা নাই সেয়েহে তেনে এক পৰিকল্পনা হাতত লোৱাৰ প্রয়াস কৰিছোঁ৷

মৃদুল ভূঞাঃ নমস্কাৰ জনাইছোঁ৷ লগতে মোৰ অতিকে মৰমৰ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবর্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ নতুন বছৰৰ শুভক্ষণত আমাৰ চৰকাৰখনলৈ এষাৰ কব বিচাৰিছোঁ সম্প্রতি সমস্যা জর্জৰ অসমৰ বিভিন্ন দিশবোৰৰ লগতে আমাৰ শিল্পীসকলৰ বিষয়েও যেন আপোনালোকে এবাৰ চিন্তা চর্চা কৰে সেয়া মই বিনম্র ভাৱে অনুৰোধ জনাইছোঁ৷ বর্তমান শিল্পীসকল অসুৰক্ষিত, আমাৰ কোনো সুৰক্ষা নাই৷ নতুন বছৰ হিচাবে সংকল্প বা পৰিকল্পনা বুলি কবলৈ গ’লে আমি যিহেতু অভিনয় শিল্পী, ভ্রাম্যমাণ মঞ্চখনৰ সৈতে আমাৰ প্রত্যেকৰে সীমিত বা দীর্ঘদিনীয়া সম্পর্ক আছে আৰু সেই সম্পর্কতো জীয়াই ৰখাটোৱে আমাৰ সংকল্প, আমাৰ পৰিকল্পনা বুলি কব বিচাৰোঁ৷ ৰাইজৰ মৰম, স্নেহ, আন্তৰিকতা আৰু সহযোগিতাই আমাৰ এই সম্পর্কতো জীয়াই ৰাখিবলৈ আমাক উৎসাহিত কৰি আহিছে৷

The post নৱবর্ষত নতুন কামৰ পৰিকল্পনা তপন দাস, চম্পক শর্মা, মৃদুল ভূঞা, প্রস্তুতিৰ… first appeared on নিয়মীয়া বাৰ্তা.