guwahati high court - নিয়মীয়া বাৰ্তা

গুৱাহাটীৰ যান-জঁটক লৈ কঠোৰ উচ্চ ন্যায়ালয়
নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ যান-বাহন আৰক্ষীৰ চূড়ান্ত অৱহেলা আৰু অদক্ষতাৰ বাবে ৰাজধানী চহৰ গুৱাহাটীত সৃষ্টি হোৱা যান-জঁটক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। যান-বাহন আৰক্ষীৰ অভাৱ, পাৰ্কিঙৰ অব্যৱস্থাপনা, ট্ৰেফিক ছিগনেল লাইটৰ অভাৱ আদি সমস্যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱা মহানগৰীক উদ্ধাৰৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰীতা দাস মজুমদাৰে ৭২/২০১৬ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে মহানগৰীৰৰ মূল পথসমূহৰ ব্যৱস্থাৰ এক বিজ্ঞানসন্মত অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিছে। এই অধ্যয়নৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যান-বাহন আৰক্ষীয়ে। তদুপৰি যান-বাহন আৰক্ষীয়ে বাহনৰ পাৰ্কিঙৰ বাবে পথৰ দাঁতি অথবা আন স্থান নিৰ্ধাৰণ কৰিব লাগিব। পাৰ্কিং স্থানসমূহত সৰ্বাধিক বাহন ৰখাৰ সুবিধা কৰাৰ লগতে যান-বাহনৰ চলাচল যাতে প্ৰভাৱ নেপেলায়, তাৰ ব্যৱস্থা কৰিব লাগিব। যান-বাহন আৰক্ষীয়ে স্পষ্টভাৱে ন পাৰ্কিং জন হিচাপে চিনাক্ত কৰাৰ উপৰি ভুলকৈ পাৰ্কিং কৰা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰ্যাপ্ত ক্ৰেন নিয়োগ কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। তদুপৰি ছছিয়েল মিডিয়াযোগে যান-বাহন আৰক্ষীয়ে ৰাইজক সজাগ কৰিব লাগিব। উচ্চ ন্যায়ালয়ে আৰক্ষীৰ দুটা ফেচবুক একাউণ্ট খুলি ৰাইজক ৰাইজক যান-বাহন আইন ভংগকাৰীৰ ফটো-ভিডিঅ আপলোড কৰাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি মহানগৰবাসীৰ বাবে যান-বাহন আৰক্ষীয়ে মুকলি কৰিব লাগিব দুটা হোৱাটছএপ নম্বৰ। এই নম্বৰসমূহ ৰাইজক অৱগত কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব। হোৱাটএপছযোগে লাভ কৰা অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো যান-বাহন আৰক্ষীক নিৰ্দেশ দিছে ন্যায়ালয়ে। আনহাতে কৰ্তব্যত গাফলতি কৰা যান-বাহন আৰক্ষীৰ ফটো-ভিডিঅ হোৱাটছএপ-ফেচবুকযোগে প্ৰত্যক্ষ ভাৱে প্ৰেৰণ কৰি মহানগৰবাসীয়ে অভিযোগ দিব পাৰিব। এনে অভিযোগৰ ভিত্তিত দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ফেচবুক-হোৱাটছএপ একাউণ্ট নিৰীক্ষণৰ বাবে ডিআইজি পৰ্যায়ৰ এজন বিষয়া নিযুক্তি দিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। আনহাতে, চিটিবাছসমূহে নিৰ্ধাৰিত পথতহে যাতে চলাচল কৰে, সেয়া নিশ্চিত কৰিব লাগিব পৰিবহণ বিভাগে। ইপিনে, আৰক্ষী আয়ুক্তক ব্যৱসায়িক সংস্থাসমূহৰ সৈতে, বৈঠক অনুষ্ঠিত কৰি সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান আদিৰ বাহিৰত চিচি টিভি কেমেৰা স্থাপনৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যান-বাহন আইন ভংগ কৰা বাহন আৰু কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ দৃশ্য প্ৰয়োজনত প্ৰত্যক্ষ কৰিব পাৰে। উল্লেখ্য যে সংশ্লিষ্ট বিভাগসমূহে যাতে সঠিক ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ বাবে ডিআইজি নিতুল গগৈক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়ে।

The post গুৱাহাটীৰ যান-জঁটক লৈ কঠোৰ উচ্চ ন্যায়ালয় first appeared on নিয়মীয়া বাৰ্তা.