himanta biswa sarmah - নিয়মীয়া বাৰ্তা

প্রব্রজন উচ্ছেদ আৰু লৌহ পুৰুষ মেধি
ড০ হিমন্ত বিশ্ব শৰ্মা

অসম তথা অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰা আৰু মুছলিম লীগৰ ‘অসম দখল’ অভিযান প্রতিহত কৰাৰ ক্ষেত্রত জাতিৰ অতি সংকটপূর্ণ মুহূর্তত সন্মুখৰ পৰা নেতৃত্ব লৈছিল ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ, লৌহ পুৰুষ বিষুৰাম মেধি আৰু অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ে৷ গ্রুপিং, দেশ বিভাজন তথা স্বাধীনতাৰ পিছতো অসমৰ জাতীয় জীৱনলৈ নামি অহা গভীৰ সংকট আঁতৰোৱাৰ ক্ষেত্রত লোকপ্রিয় বৰদলৈৰ হাতত হাত ধৰি কাম কৰিছিল বিষুৰাম

মেধিয়ে৷ মেধিয়ে জাতিটো মেৰুদণ্ড পোন কৰি জীয়াই থকাৰ এক পৰিৱেশ ৰচনা কৰিব বিচাৰিছিল যদিও কেন্দ্রীয় নেতৃত্বৰ হেঁচা, কংগ্রেছৰ আভ্যন্তৰীণ ষডযন্ত্র তথা স্বাধীনতাৰ পিছত মুছলিম লীগৰ পৰা কংগ্রেছলৈ জাঁপ মৰা একাংশ ন–কংগ্রেছীৰ চক্রান্তত এই কাম সম্পূর্ণ কৰি যাব নোৱাৰিলে৷ তথাপি পূব পাকিস্তানীৰ ভয়াৱহ আগ্রাসনৰ বিৰুদ্ধে মেধিয়ে গ্রহণ কৰা দৃঢ় স্থিতিৰ বাবেই এটা পর্যায়লৈ হ’লেও অসম তথা অসমীয়া জাতি কিছু পৰিমাণে হ’লেও সুৰক্ষিত হৈ ৰ’ল৷ কিন্তু জাতিক জীয়াই ৰখাৰ ইতিহাস চর্চাৰ ক্ষেত্রত বিষুৰাম মেধিৰ এই ঐতিহাসিক ভূমিকা বহু পৰিমাণে উপেক্ষিত হৈ ৰ’ল৷ প্রকৃততে অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্রত লোকপ্রিয় বৰদলৈৰ সমানে সমানে বিষুৰাম মেধিয়েও অহোপুৰুষার্থ চেষ্টা কৰিছিল আৰু সকলো প্রতিকূলতাৰ বিৰুদ্ধে দৃঢ়ভাৱে যুঁজ দিছিল৷

১৯৪৬ চনত বৰদলৈ মন্ত্রীসভাত বিত্ত আৰু ৰাজহমন্ত্রীৰ দায়িত্ব লোৱা বিষুৰাম মেধিৰ এই ঐতিহাসিক ভূমিকা সন্দর্ভত বিশিষ্ট ৰাজনীতিবিদ তথা কমিউনিষ্ট নেতা গৌৰীশংকৰ ভট্টাচার্যই লিখিছে– ‘অসমৰ ৰাইজ আৰু জাতীয় নেতৃত্বই মর্মে মর্মে উপলব্ধি কৰিলে যে চাদুল্লা–মতিন চৌধুৰীৰ ষডযন্ত্রৰ ফলত অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা হ’ব ধৰিছে৷ ইয়াক প্রতিৰোধ আৰু প্রতিহত কৰাৰ কাৰণে অসমৰ ৰাজনৈতিক জগতৰ লৌহ মানৱ বিষুৰাম মেধিৰ নেতৃত্বৰ প্রয়োজন৷ সেই কাৰণে তেওঁ বিধানসভাৰ সদস্য আৰু ভূমি–ৰাজস্ব বিভাগৰ মন্ত্রী হ’বলৈ বাধ্য হ’ল৷’ (লৌহ মানৱ বিষুৰাম মেধি ঃ প্রমোদ চন্দ্র মেধি)৷ গৌৰীশংকৰ ভট্টাচার্যই আৰু লিখিছে– ‘চাদুল্লা মন্ত্রীসভাৰ দিনত এফালে ইংৰাজ পুঁজিপতিবিলাকৰ স্বার্থত চাহ বাগিচা, কয়লাৰ খনি, তৈলক্ষেত্র, জল পৰিবহণ আদিত শ্রমিক শোষণ আৰু দলন আৰু আনফালে পূর্ববংগৰ পৰা লাখ লাখ পমুৱা মুছলমানৰ আমদানি হয়৷ অসমৰ জাতীয় অস্তিত্ব ভয়ানক বিপদৰ সন্মুখীন হয়৷ গতি বিষম দেখি সেই সময়ৰ কংগ্রেছ সভাপতি সুভাষ চন্দ্র বসু অসমলৈ আহি কংগ্রেছৰ আগৰ সিদ্ধান্ত অর্থাৎ কাৰো লগত যুটীয়া চৰকাৰ গঠন নকৰাৰ সিদ্ধান্ত বাতিল কৰি ১৯৩৮ চনত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্রেছ কোৱালিচন মন্ত্রীসভা গঠন কৰে৷ বিধানসভাৰ বাহিৰত বিষুৰাম মেধি আদিৰ নেতৃত্বত ভাৰতৰ অংগ হিচাপে অসমৰ নিজস্ব অস্তিত্ব ৰক্ষাৰ কাৰণে জনমত গঠন কৰাত বিশেষ যত্ন লোৱা হয়৷ স্পষ্টবাদী মেধি ডাঙৰীয়াৰ কাম–কাজ আৰু কথা–বতৰাই পমুৱা মুছলমান সম্প্রদায়ক বৰকৈ অসন্তুষ্ট কৰে৷ তেওঁলোকে আৰু কলিকতীয়া বাতৰিকাকত কিছুমানে মেধি ডাঙৰীয়াক অসমীয়া উচ্চবর্ণ হিন্দু সম্প্রদায়ৰ প্রবক্তা বুলি কুৎসা–ৰটনা কৰে৷ এই অপপ্রচাৰবিলাকে মেধি ডাঙৰীয়াক বৰকৈ বিৰক্ত কৰিছিল, কিন্তু পথভ্রষ্ট কৰিব নোৱাৰিলে৷ তেওঁৰ কথা আছিল– মই এজন ভাল অসমীয়া আৰু সেই হেতুকে এজন ভাল ভাৰতীয়৷ ভাৰতীয় মহাজাতিৰ ভিতৰত অসমীয়া জাতিৰ সন্মানজনক ঠাইৰ কাৰণে যত্ন কৰাটো আমাৰ অতি পৱিত্র কর্তব্য৷’ (বিষুৰাম মেধি জন্ম শতবার্ষিকী স্মৰণিকা, হাজো)৷

চাদুল্লা চৰকাৰৰ আমোলত অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ষডযন্ত্রৰ অংশ হিচাপেই ‘গ্র’ মোৰ ফুড’ আঁচনিৰ অধীনত অসমলৈ লাখ লাখ পূর্ববংগীয় মুছলমানৰ প্রব্রজন ঘটোৱা হ’ল৷ কিন্তু এই ব্যাপক প্রব্রজনে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ প্রতি সৃষ্টি কৰা ভয়ংকৰ ভাবুকিৰ গুৰুত্ব অনুভৱ কৰি ১৯৪৬ চনত বৰদলৈ চৰকাৰৰ বিত্ত–ৰাজহমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিয়েই বিষুৰাম মেধিয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ গ্রেজিং ৰিজার্ভৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ মেধিয়ে দৃঢ় স্থিতি গ্রহণ কৰিলে৷ কিন্তু মুছলিম লীগৰ নেতা মৌলানা ভাছানীৰ নেতৃত্বত পূর্ববংগীয় মুছলমানসকলে বিভিন্ন ঠাইত ব্যাপকভাৱে সংগঠিত হৈ আৰক্ষীৰ লগতে খিলঞ্জীয়া ৰাইজৰ ওপৰত আক্রমণ আৰম্ভ কৰাৰ লগতে আনকি আৰক্ষী থানাতো আক্রমণ চলালে৷ ১৯৪৬ চনৰ মার্চত বৰপেটাৰ গোবিন্দপুৰ ৰিজার্ভত উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীয়ে যাঠী–জোং লৈ আৰক্ষীৰ দলক আক্রমণ কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ এই সংঘর্ষত এজন বেদখলকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়৷ এই সন্দর্ভত প্রশাসনীয় বিষয়া খনিন্দ্র চন্দ্র বৰুৱাই লিখিছে– ‘মেধি ডাঙৰীয়াই ৰিজার্ভ আৰু চৰকাৰী মাটিবোৰ বেদখলমুক্ত কৰাৰ থিৰ কৰি এই কামৰ কাৰণে মোক মনোনীত কৰি বৰপেটালৈ মহকুমাধিপতি হিচাপে বদলি কৰে৷ ৰিজার্ভবোৰ সংৰক্ষণৰ কাৰণে ৰিজার্ভ গার্ডৰ প্রৱর্তন কৰা হয় আৰু উচ্ছেদৰ কাৰণে সশস্ত্র পুলিচ বৰপেটাত ৰখা হয়৷ মই এক বছৰৰ ভিতৰতে ৰিজার্ভবোৰ সম্পূর্ণৰূপে বেদখলমুক্ত কৰিবলৈ সমর্থ হওঁ৷’ (লৌহ মানৱ বিষুৰাম মেধি ঃ প্রমোদ চন্দ্র মেধি)৷ খনিন্দ্র চন্দ্র বৰুৱাই আৰু লিখিছে– ‘ড্রাইবেল বেল্ট আৰু ব্লক গঠন কৰি ৰাজহ আইনত সংযোজন কৰা আইনৰ বিধানবোৰ মেধিৰ দিনত সুপৰিকল্পিতভাৱে পালন কৰা হৈছিল৷ আৰু ৰিজার্ভৰ বেদখলকাৰীসকলক উচ্ছেদ কৰি ৰিজার্ভ বেদখলমুক্ত কৰা হৈছিল৷ ১৯৪৬–৪৭ চনত লিখক বৰপেটাৰ মহকুমাধিপতি থাকোঁতে তাৰ চৰণীয়া ৰিজার্ভবোৰৰ পৰা হাজাৰ হাজাৰ বেদখলকাৰীক উচ্ছেদ কৰা হৈছিল৷ মেধি অসমৰ পৰা যোৱাৰ পাছত চৰকাৰৰ সোপাঢ়িলা নীতিত ৰিজার্ভ প্রায় নাইকিয়া হ’ল আৰু ড্রাইবেল বেল্ট আৰু ব্লকত অনা–ড্রাইবেল সোমাই ভৰি পৰিল আৰু নতুন সমস্যাৰ উদ্ভৱ হ’ল৷’ (বিষুৰাম মেধি জন্ম শতবার্ষিকী স্মৰণিকা, হাজো)৷

মৌলানা ভাছানীৰ নেতৃত্বত লীগপন্থীসকলে বিভিন্ন ঠাইত আৰক্ষীৰ ওপৰত আক্রমণৰ ঘটনা সংঘটিত কৰাৰ লগতে আনকি অসমক পাকিস্তানৰ অন্তর্ভুক্তিৰ ষডযন্ত্রৰে ‘ডাইৰেক্ট একচন’ কার্যসূচীও গ্রহণ কৰিছিল৷ অসমৰ জাতীয় জীৱনক থানবান কৰিবলৈ হাতত অস্ত্র–শস্ত্র লৈ এই লীগপন্থী প্রব্রজনকাৰীসকল সর্বশক্তিৰে জঁপিয়াই পৰিছিল৷ কিন্তু ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত বেদখলকাৰীৰ বিৰুদ্ধে বৰদলৈ–মেধিয়ে কঠোৰতম স্থিতি গ্রহণ কৰিছিল৷‘Tension generated in the reserve areas on 21 March, 1946 and a police petrol party, provoked by some immigrants, fired a few warning shots to disperse them. But this only infuriated the immigrants who, about 5000 in number, attacked the police camp in retaliation. And as a result, police again opened fire which killed 12 persons. (Political history of Assam, V-III)

পৰৱর্তী সময়ত ১৯৪৬ চনৰ ১৫ আৰু ১৬ মে’ত তেজপুৰৰ কুমলীয়া প্রফেচনেল গ্রেজিঙত বৃহৎ অভিযান চলাই প্রশাসনে ২২৯টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰে৷ লীগপন্থীৰ ভাবুকি–প্রত্যাহ্বানৰ মাজতো চলা উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘর্ষত তিনিজন বেদখলকাৰী নিহত আৰু ছজন আহত হয়৷ দেশ–জাতিৰ জটিল সন্ধিক্ষণত লোৱা এনে দৃঢ়–টল ভূমিকাৰ বাবেই ১৯৪৭ চনৰ ২০ এপ্রিলত মুছলিম লীগৰ এদল দুষৃকতিকাৰীয়ে নগাঁও আৱর্ত ভৱনত বিত্ত–ৰাজহমন্ত্রী বিষুৰাম মেধিক ক’লা পতাকা প্রদর্শন কৰে৷ অৱশ্যে লীগপন্থীসকলে ইমানতে ক্ষান্ত নাথাকি অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ সর্বশক্তিৰে জঁপিয়াই পৰিছিল৷ ১৯৪৭ চনৰ ২৩ মার্চত মুছলিম লীগে পালন কৰা ‘পাকিস্তান দিৱস’ৰ দিনা অসমৰ নগাঁও, গোৱালপাৰা, বৰপেটা আদিত বৃহৎসংখ্যক পাকিস্তান সমর্থকে ‘লডকে লেংগে পাকিস্তান’, ‘চলো চলো জেলে চলো, পাকিস্তান কায়েম কৰো’ আদি শ্লোগান দি শোভাযাত্রা উলিয়াইছিল৷ অৱশ্যে লোকপ্রিয় বৰদলৈ আৰু বিষুৰাম মেধিৰ সবল নেতৃত্বই মৌলানা ভাছানী, চাদুল্লাহঁতৰ এনে ষডযন্ত্রক কলিতে মষিমূৰ কৰি অসম আৰু অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিবলৈ সমর্থ হৈছিল৷

গ্রুপিং, দেশ বিভাজন আৰু অসমত পূর্ববংগীয় মুছলমানৰ আগ্রাসনৰ পটভূমিত বিষুৰাম মেধিৰ এই ঐতিহাসিক ভূমিকাক স্মৰণ কৰি বিশিষ্ট গান্ধীবাদী নেতা ৰবীন কাকতিয়ে লিখিছে– ‘১৯৪৬ চনত মেধি ৰাজহ আৰু বিত্তমন্ত্রী হয়৷ এই বছৰটো অসমৰ কাৰণে এটা বিপদসংকুল বছৰ আছিল৷ অসম কেবিনেট মিছনৰ আঁচনিত বংগ দেশৰ লগত ‘চি’ গ্রুপত অন্তর্ভুক্ত৷ আনহাতে, মুছলিম লীগে অসমক পাকিস্তানৰ লগত বলেৰে অন্তর্ভুক্ত কৰিবলৈ প্রত্যক্ষ সংগ্রামৰ প্রস্তুতি চলাইছিল৷ বিভিন্ন ঠাইত শিবিৰ পাতি অস্ত্র–শস্ত্রৰ প্রশিক্ষণ দি হেজাৰ হেজাৰ নেচনেল গার্ড সংগঠন, হেজাৰ–বিজাৰ পূর্ববংগৰ পমুৱা মুছলমানে পৰিকল্পিতভাৱে গোৱালপাৰা, নগাঁও, কামৰূপ, দৰং আৰু উত্তৰ লখিমপুৰ মহকুমাৰ পতিত মাটি, গ্রেজিং আৰু ফৰেষ্ট ৰিজার্ভত ‘লৰকে লেংগে পাকিস্তান’ ধ্বনিৰে দখলৰ অভিযান চলাইছিল৷ বিভিন্ন পমুৱা ঘন বসতি অঞ্চলত বিৰাট সভা পাতি পাকিস্তানী পতাকা উত্তোলন, থানা, এছ ডি চি অফিচ অধিকাৰৰ চেষ্টা চলাইছিল৷ এনে বিপদসংকুল পৰিস্থিতিত মেধি ডাঙৰীয়াই অতি দৃঢ় আৰু নির্ভীকভাৱে মুছলিম লীগৰ এই সর্বনাশী পৰিকল্পনা ব্যর্থ কৰিবলৈ এফালে ন ন পমুৱাৰ মাটি দখলৰ অভিযান বন্ধ কৰা আৰু বেদখলকাৰীক উচ্ছেদ কৰা কার্য অতি দৃঢ়ভাৱে হাতত লৈছিল৷ এই কাৰণে কেইজনমান বিশিষ্ট কংগ্রেছী মুছলমান নেতাৰ তেওঁ বিৰাগভাজন হৈছিল৷’ (লৌহ মানৱ বিষুৰাম মেধি ঃ প্রমোদ চন্দ্র মেধি)৷

স্বাধীনতাৰ পৰৱর্তী সময়তো প্রথমে বিত্ত–ৰাজহমন্ত্রী ৰূপে আৰু পিছত মুখ্যমন্ত্রীৰ দায়িত্ব লৈ মেধিয়ে পূর্ববংগীয় মুছলমানৰ বেদখলৰ বিৰুদ্ধে কঠোৰতম স্থিতি গ্রহণ কৰিছিল৷ তেওঁ দৃঢ় পদক্ষেপ গ্রহণেৰে গোৱালপাৰা, বৰপেটা, দৰং, নগাঁও, কামৰূপ, লখিমপুৰ আদি মহকুমাৰ গ্রেজিং ৰিজার্ভ, বনাঞ্চল আদিৰ বেদখলকাৰীক উচ্ছেদ কৰি পূব পাকিস্তানলৈ খেদি পঠাইছিল৷ তাৎপর্যপূর্ণভাৱে এনে প্রেক্ষাপটত মুছলিম লীগৰ পৰা নিশাটোৰ ভিতৰতে কংগ্রেছলৈ জজাপ মৰা এদল ন–কংগ্রেছীৰ লগতে কংগ্রেছৰো একাংশ ক্ষমতালোভী নেতাই মেধিৰ বিৰুদ্ধে ‘মুছলিমবিৰোধী’, ‘বাঙালীবিৰোধী’ আদি বিভিন্ন অপপ্রচাৰ চলাইছিল৷ কংগ্রেছৰ একাংশ কেন্দ্রীয় নেতায়ো মেধিৰ সততা–নিষ্ঠাক আওকাণ কৰি ষডযন্ত্রকাৰীৰ ফান্দত ভৰি দি মেধিলৈহে অভিযোগৰ আঙুলি টোঁৱাইছিল৷ মূৰকত পূব পাকিস্তানীৰ অনুপ্রৱেশৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ লোৱাৰ পৰিণতিতে কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বই বিষুৰাম মেধিক মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰি তেওঁক মাদ্রাজৰ ৰাজ্যপাল ৰূপে প্রেৰণ কৰে৷ এই সন্দর্ভত প্রবীণ কংগ্রেছী নেতা তথা মুক্তিযুঁজাৰু দেৱেশ্বৰ শর্মাই লিখিছে– ‘মেধি ডাঙৰীয়াক মুখ্যমন্ত্রিত্ব পদ ইস্তফা নিদিবলৈ মই বৰ টানি কৈছিলোঁ৷ মই ইয়াকো কৈছিলোঁ যে তেখেতে বেছি খাটিব নালাগে৷ অর্ডাৰশ্বিটত কি নোট লিখিব লাগে তেখেতে কৈ যাব আৰু মই লিখি যাম৷ কিন্তু তেখেতে নামানিলে৷ মুখ্যমন্ত্রীৰ পদ ইস্তফা দি অসম এৰি তেখেত মাদ্রাজৰ গৱর্নৰৰ পদ গ্রহণ কৰিবলৈ গুচি গ’ল৷ এই কার্যই অসমৰ অপূৰণীয় ক্ষতি সাধিলে৷… মেধি ডাঙৰীয়াই দহ বছৰ কাল অসমৰ মুখ্যমন্ত্রী পদত থকাহেঁতেন অসমৰ চেহেৰা অন্য প্রকাৰৰ হ’লহেঁতেন বুলি মোৰ ধাৰণা৷ বহিৰাগতই অসমত টিঘিলঘিলাই ফুৰিব নোৱাৰিলেহেঁতেন বুলি মোৰ দৃঢ় বিশ্বাস৷’ (লৌহ মানৱ বিষুৰাম মেধি ঃ প্রমোদ চন্দ্র মেধি)৷ দেৱেশ্বৰ শর্মাই ‘হেৰাই যোৱা দিনবোৰ’ গ্রন্থত আৰু লিখিছে– ‘অসমীয়াৰ চৰম দুর্ভাগ্য যে অসমৰ বিৰুদ্ধে কোনোবাই কিবা কথা ক’লে নাইবা অসমীয়াক অপযশ দিলে অসমত তাৰ প্রতিবাদ কৰা লোকৰ অভাৱ হ’ল৷ চন্দ্রনাথ শর্মা, তৰুণৰাম ফুকন আৰু নবীন চন্দ্র বৰদলৈৰ পাছত বিষুৰাম মেধিয়ে কিছু কথাত অসমৰ হকে প্রতিবাদ কৰিছিল বাবে কেন্দ্রীয় চৰকাৰে আমাৰ ঘৰুৱা চক্রান্তৰ ফলস্বৰূপে তেওঁক ভাল নোপোৱা হৈছিল আৰু উপায়ান্তৰ হৈ তেওঁক মাদ্রাজৰ গৱর্নৰ পাতি মুখ বন্ধ কৰা হ’ল৷… অসম আৰু অসমীয়াৰ স্বার্থৰ বাহিৰে মেধিৰ মনত অন্য চিন্তাই ঠাই নাপাইছিল৷ মেধিয়ে দেখ দেখকৈ অসমীয়াৰ হক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেখেতৰ বদনাম ৰটিবলৈ কিছুমান লোকে সুযোগ পাইছিল৷… এই কথা নুই কৰিব নোৱাৰি যে মেধি মুখ্যমন্ত্রী হোৱাৰ আগতে যি অনুপাতে অসমত পাকিস্তানী অনুপ্রৱেশ ঘটিল মেধিৰ মুখ্যমন্ত্রিত্বৰ কালত তেনে হোৱা সম্ভৱ নহৈছিল৷’

অনুপ্রৱেশৰ বিৰুদ্ধে বিষুৰাম মেধিয়ে গ্রহণ কৰা দৃঢ় আৰু সবল স্থিতিক বর্ণনা কৰি ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া গণেশ চন্দ্র ফুকনে লিখিছে– ‘অসমক বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেখেতে আপ্রাণ চেষ্টা কৰিছিল৷ পাকিস্তানৰ পৰা বে–আইনীভাৱে অনুপ্রৱেশ বন্ধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে কৰা আইনখন প্রকৃততে কার্যকৰী মাত্র তেখেত মুখ্যমন্ত্রী থকা কালতেই হৈছিল৷ অসমক ৰক্ষা কৰিবলৈ কৰা চেষ্টাক ভুল ব্যাখ্যা দি আৰু মিছা ৰং সানি স্বার্থান্বেষী এদলে দিল্লীত মেধিৰ বিষয়ে নানা কথা লগাই আৰু অভিযোগ তুলি তেখেতক অসমৰ পৰা আঁতৰালে৷ তেখেত অসমৰ মুখ্যমন্ত্রী হিচাপে আৰু কিছু বছৰ থকা হ’লে অসমৰ বুৰঞ্জী বেলেগ হ’লহেঁতেন আৰু আজিৰ অসমগামী ক’লা ডাৱৰৰ সৃষ্টি হয়তো নহ’লহেঁতেন৷’ (বিষুৰাম মেধি জন্ম শতবার্ষিকী স্মৰণিকা, হাজো)৷

বিষুৰাম মেধিৰ দূৰদর্শিতা, নিষ্ঠা আৰু নিভাঁজ অসমপ্রেমৰ বর্ণনা কৰি বিশিষ্ট কংগ্রেছ নেত্রী পুষ্পলতা দাসে লিখিছে– ‘দেশ বিভাজনৰ পিছত অসমৰ ৰাজনৈতিক তৰণীখনৰ গুৰিব’ঠা ধৰিবলগীয়া হোৱাত অনুপ্রৱেশৰ কথাটোৱে তেওঁক উদ্বিগ্ণ কৰি তুলিছিল৷ সেয়েহে বছা বছা বিষয়াক সীমান্ত ৰক্ষা কৰিবলৈ পঠিয়াইছিল৷ ধুবুৰীৰ সেই সময়ৰ জিলাধিপতি ভাগৱালাৰ কথা ধুবুৰীবাসীয়ে নাপাহৰে৷ তেওঁ অনুপ্রৱেশকাৰীৰ কাৰণে এনে আতংক আছিল যে পূব পাকিস্তানৰ পৰা গুটি নাও এৰিবলৈও মানুহে ভয় কৰিছিল৷ মাজ নিশাও তেওঁৰ আদেশত অতন্দ্র প্রহৰী হৈ থকা ৰক্ষী বাহিনীয়ে জাউৰিয়ে জাউৰিয়ে গুলীৰে অনুপ্রৱেশকাৰীক বাধা দিছিল৷’ (লৌহ মানৱ বিষুৰাম মেধি ঃ প্রমোদ চন্দ্র মেধি)৷

আমাৰেই চৰম দুর্ভাগ্যৰ বিষয় যে বিষুৰাম মেধিৰ পিছত অসমৰ কোনো মুখ্যমন্ত্রী তথা শীর্ষ নেতাই অনুপ্রৱেশৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্রহণ কৰিবলৈ সমর্থ নহ’ল৷ বৰং ক্ষমতাৰ স্বার্থত ভোটবেংকৰ অংকৰে ৰাজনৈতিক নেতৃত্বই জাতীয় স্বার্থক বিসর্জন দি অনুপ্রৱেশকাৰীক তোষামোদৰ নীতিহে গ্রহণ কৰিলে৷ ফলত মেধিয়ে গোৱালপাৰা, বৰপেটা, দৰং, নগাঁও, কামৰূপ, লখিমপুৰ আদি মহকুমাৰ গ্রেজিং ৰিজার্ভ, বনাঞ্চল আদিৰ পৰা যি লাখ লাখ বেদখলকাৰী অনুপ্রৱেশকাৰীক খেদি পঠাইছিল, সেই স্থানত এখোজ–দুখোজকৈ পুনৰ পূব পাকিস্তানী–বাংলাদেশী অনুপ্রৱেশকাৰীয়ে খুঁটি পুতি বহিলহি৷ বৰদলৈ–মেধিৰ পৰৱর্তী পর্যায়ত একাংশ কংগ্রেছী নেতাৰ অনুপ্রৱেশকাৰী–তোষণ্ নীতিৰ বাবেই স্বাধীনতাৰ পূর্বেই আৰম্ভ হোৱা প্রব্রজন আৰু অনুপ্রৱেশৰ এই ধাৰাই পৰৱর্তী পর্যায়ত সর্বগ্রাসী ৰূপহে ল’লে৷

স্বাধীনতাৰ প্রাক্ক্ষণৰ পৰা বর্তমানলৈ বিগত দিনত কংগ্রেছৰ ইতিহাস অতি সূক্ষ্মভাৱে লক্ষ্য কৰিলে এই কথা প্রমাণিত হয় যে মুছলিম লীগ আৰু কংগ্রেছৰ আদর্শগত সংঘাতৰ পটভূমিত স্বাভাৱিকভাৱেই কংগ্রেছে অসমীয়া আৰু ভাৰতবর্ষৰ স্বার্থৰ সপক্ষে দৃঢ়ভাৱে থিয় দিছিল৷ দেশ স্বাধীন হোৱাৰ পিছত অসমৰ মুছলিম লীগৰ নেতাসকল ৰাজনৈতিক লাভালাভৰ অংকত পাকিস্তানলৈ যোৱাৰ পৰিৱর্তে অসমতে থাকি গ’ল আৰু নেহৰুৰ নতুন ৰাজনৈতিক অংকত অসমৰ বৰমূৰীয়া হৈ পৰিল৷ একপ্রকাৰ ফকৰুদ্দিন আলী আহমেদ আৰু মুছলিম লীগৰ পৰা কংগ্রেছলৈ অহা মইনুল হক চৌধুৰী অসমত কংগ্রেছৰ সর্বময়কর্তা হৈ পৰিছিল৷ বৰদলৈ–মেধি যুগৰ অৱসানৰ পিছত দেৱকান্ত বৰুৱাৰ নেতৃত্বত এচামে এওঁলোকৰ ওচৰত আত্মসমর্পণ কৰিছিল আৰু আনচাম কংগ্রেছ নেতা পর্যায়ক্রমে ৰাজনীতিৰ পৰা আঁতৰি আহিছিল৷ মেধি মাদ্রাজলৈ ৰাজ্যপাল ৰূপে গুচি যোৱাৰ পৰৱর্তী সময়ত কংগ্রেছত প্রাক্তন মুছলিম লীগ নেতাসকলৰ আধিপত্য দোপতদোপে বাঢ়িল আৰু কংগ্রেছৰ ৰাজনৈতিক আদর্শই সম্পূর্ণৰূপে অনুপ্রৱেশকাৰীৰ পক্ষলৈ গতি কৰিলে৷

বৰদলৈ আৰু মেধিৰ উত্তৰসূৰীসকলৰ সবল নেতৃত্বৰ অভাৱ আৰু কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ সংখ্যালঘু প্রীতিয়ে অসমীয়া জাতিক আজিৰ পর্যায়লৈ লৈ গ’ল৷ ক্ষমতালোভী চক্রৰ এনে ষডযন্ত্রৰ বাবেই ৰাজ্যৰ বহুকেইখন জিলাত ইতিমধ্যে অনুপ্রৱেশকাৰীয়ে সংখ্যাগৰিষ্ঠতা অর্জন কৰিছে৷ ৰাজ্য বিধানসভাৰ এক তৃতীয়াংশ সমষ্টিত এতিয়া স্থানীয় জনসাধাৰণৰ কোনো ভূমিকাই নাই৷ বিদেশীৰ আগ্রাসনৰ ফলত অসমত নিজৰ মাটিতে এতিয়া থলুৱা ৰাইজ অঘৰী হোৱাৰ উপক্রম ঘটিছে৷ এই পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ হ’লে আমি বৰদলৈ–মেধিৰ পদাংক অনুকৰণ কৰি দৃঢ়ভাৱে আগবাঢ়িবই লাগিব৷ অৱশ্যে পৰিৱর্তিত পৰিস্থিতিত অসমৰ জাতীয় জীৱনৰ লগত সর্বাংগীণভাৱে একাকাৰ হৈ পৰা সংখ্যালঘু লোকসকলৰ লগত আমাৰ সম্পর্কক নতুন ৰূপ দিব লাগিব আৰু তেওঁলোকেও আমাৰ সমাজৰ সমস্যাসমূহৰ ক্ষেত্রত জাতীয় জীৱনৰ পক্ষত থিয় দিব লাগিব৷ দেশ আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত বৰদলৈ–মেধিৰ সপোনৰ অসমখনক আমি বাস্তৱায়িত কৰিবই লাগিব৷

(২১ জানুৱাৰীত লৌহ পুৰুষ বিষ্ণুৰাম মেধিৰ ৪১সংখ্যক মৃত্যু দিৱস উপলক্ষে)

The post প্রব্রজন উচ্ছেদ আৰু লৌহ পুৰুষ মেধি first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটীত চাৰ্টাৰ্ড একাণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ‘দেশ নিৰ্মাণত চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ । দেশৰ তিনি লক্ষাধিক চাৰ্টাৰ্ড একাউণ্টেণ্টে বিমুদ্ৰাকৰণ, জি এছ টি আৰু দুৰ্নীতিমুক্ত ভাৰত অভিযানত ৰাষ্ট্ৰৰ বাবে কাম কৰিছে।’ এই মন্তব্য বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশন শুভাৰম্ভ কৰি ড০ শৰ্মাই লগতে কয় যে ভাৰতবৰ্ষক চুপাৰপাৱাৰ দেশ হিচাপে পৰিগণিত কৰিবলৈ তথা এখন পাঁচ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। এনেধৰণৰ ৰাষ্ট্ৰীয় অধিৱেশনে এই ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ জ্ঞানৰ পৰিধি বঢ়োৱাত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। ‘দ্য ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড অৱ ইণ্ডিয়া’ গুৱাহাটী শাখাৰ উদ্যোগত মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত উৎকৰ্ষ ইন পৰচুট অৱ এক্সিলেন্সী শীৰ্ষক দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশখনৰ উদ্ধোধনী অনুষ্ঠানত আইচিএআইৰ অধ্যক্ষ পিডিচিচিএ জয় চৌৰিয়া, এছ বি আই গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ চিজিএম সুনীল কুমাৰ টেণ্ডনৰ লগত চাৰ্টাৰ্ড একাউণ্টেণ্টছৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কপিল গোৱেলে এছেছমেণ্ট ইছ্যু আৰু অপাৰেচন ক্লীন মানীৰ ওপৰত আলোচনা আগবঢ়ায়। প্ৰথম কাৰিকৰী সত্ৰত আহমেদাবাদৰ চি এ সুনীল এ টালাটিয়ে এছেছমেণ্ট প্ৰক্ৰিয়াৰ ওপৰত আলোচনা আগবঢ়ায়। দ্বিতীয় কাৰিকৰী সত্ৰত ইথিক, কোৰ্প’ৰেট ল আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ড কোডৰ ওপৰত আলোচনা কৰা হয়। এই সত্ৰত চি এ(ড০) দেৱাশীষ মিত্ৰই ইথিকৰ কোড আৰু কৰ্প’ৰেট লৰ বৰ্তমান পৰিস্থিতিত হোৱা পৰিৱৰ্তনৰ ওপৰত আলোচনা আগবঢ়ায়। আনহাতে, সংশোধিত ৰিপ’টিং ফৰ্মেটছৰ বিষয়ে সকলোকে অৱগত কৰায়। শাখাৰ উপাধ্যক্ষ চি এ শৰদ আগৰৱালে জনায় যে অধিৱেশনৰ দ্বিতীয় দিনা জি এছ আইনৰ ওপৰত আলোচনা কৰা হ’ব। লগতে জি এছ টি লৰ অধীনত দাবী আৰু ৰেহাই আদিৰ বিষয়ে আলোচনা কৰা হ’ব।

The post গুৱাহাটীত চাৰ্টাৰ্ড একাণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ first appeared on নিয়মীয়া বাৰ্তা.