নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰোৱে মহাকাশলৈ পঠিয়ালে গীতা আৰু নৰেন্দ্ৰ মোদীৰ ছবি

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ আজি পুৱা ১০.২৪ বজাত অন্ধ্ৰপ্ৰদেশৰ হৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশলৈ পঠোৱা হয় ৫৩সংখ্যক পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল (পি এছ এল ভি- চি৫১) ।

পি এছ এল ভি-চি ৫১য়ে ব্ৰাজিলৰ ৬৩৭ কিলোগ্ৰাম ওজনৰ কৃত্ৰিম উপগ্ৰহ আমজেনিয়া-১ আৰু আন ১৮টা কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই মহাকাশলৈ উৰা মাৰে।

২০২১ৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ইছৰোৰ এই কাৰ্য এক বৃহৎ সফলতা ৰূপে চিহ্নিত হৈছে। উল্লেখ্য যে পি এছ এল ভিত ইছৰোৱে সদৰী কৰা মতে, এছ ডি কাৰ্ডত ছেভ কৰি এখন বৈদ্যুতিক গীতাৰ লগতে ই কঢ়িয়াই নিয়া এটা উপগ্ৰহত অংকিত কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি।

You might also like