নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাক ৰেন’ল্টে উপহাৰ দিলে বিলাসী Kiger

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰেন’ল্ট ইণ্ডিয়াই অলিম্পিক পদক বিজয়ী লৌহকন্যা লাভলীনা বৰগোঁহাইক এখন renault kiger compact suv উপহাৰ দিয়ে। সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰি ব্ৰঞ্জ মেডেল লাভ কৰা লাভলীনা বৰগোঁহাইক আজি এই বাহনখন মহানগৰীৰ ছয়মাইলস্থিত ৰেন’ল্টৰ ইন্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত কৰা এক অনুষ্ঠানত প্ৰদান কৰা হয়।

ৰেন’ল্ট ইণ্ডিয়াৰ চেলছ এণ্ড মাৰ্কেটিঙৰ উপ-সভাপতি সুধীৰ মালহোত্ৰাই কিগাৰৰ চাবি লাভলীনাক অৰ্পণ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে অলিম্পিক মেডেল লাভ কৰা মণিপুৰৰ মীৰাবাঈ চানুকো ৰেন’ল্ট ইণ্ডিয়াই renault kiger compact suv উপহাৰ ৰূপে দিছিল।

ইপিনে এনেধৰণৰ উপহাৰেৰে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰেনল্ট ৰ কৰ্তৃপক্ষই মন্তব্য কৰে।

You might also like