নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ প্ৰাজেশ মটৰ্ছত নতুন বাইক মুকলি

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ নতুন য়েজদি ৰোডষ্টাৰ, স্ক্ৰেম্বলাৰ আৰু এডভেঞ্চাৰ বাইক কিছুদিন পূৰ্বে ভাৰতত মুকলি কৰা হৈছে। শনিবাৰে মহানগৰীৰ সুন্দৰপুৰত অৱস্থিত জাৱা ডিলাৰশ্বিপ এম/এছ প্ৰাজেশ মটৰ্ছত তিনিখন নতুন বাইক মুকলি কৰা হয়।

অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু কামৰূপ মেট্ৰ’ জিলাৰ ডিটিঅ’ গৌতম দাসে এই অনুষ্ঠানটোত উপস্থিত থাকি নতুন বাইককেইখন মুকলি কৰে।

সম্পূৰ্ণ নতুন ৰূপ, সুন্দৰ ষ্টাইল আৰু উচ্চ প্ৰযুক্তিয়ে ৰোডষ্টাৰ, স্ক্ৰেম্বলাৰ, এডভেঞ্চাৰ- বাইকসমূহক জাৱাৰ অনুৰাগীসকলৰ বাবে নতুন আকাংক্ষাৰ সৃষ্টি কৰিব। বৰ্তমান এই ডিলাৰশ্বিপত বাইকসমূহৰ বুকিং প্ৰক্ৰিয়া খোলা হৈছে।

য়েজদি বাইকৰ নতুন পৰিসৰটো ক্লাছিক লেজেণ্ডছৰ ডিলাৰশ্বিপ নেটৱৰ্কত উপলব্ধ হ’ব, যি ইতিমধ্যে ভাৰতত জাৱা বাইকৰ খুচুৰা বিক্ৰী কৰি আহিছে। মনকৰিবলগীয়া যে কোম্পানীটোৱে কেৱল ৫,০০০ টকাতেই বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইপিনে মুকলি অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ব’ৰুমটোৰ স্বত্বাধিকাৰী অঞ্জু বাহেটিয়ে কয়, “গুৱাহাটীত জাৱাৰ তিনিটা নতুন মডেল মুকলি কৰাৰ কথা ঘোষণা কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। বাইককেইখনৰ বুকিং ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলো বাইকপ্ৰেমী আৰু আৰোহীয়ে নতুন বাইকৰ টেষ্ট ৰাইড কৰিবলৈ আমাৰ শ্ব’ৰুমলৈ আহিব পাৰে। এই টেষ্ট ৰাইড আমাৰ লালমাটি আৰু সুন্দৰপুৰ জাৱা দুয়োটা শ্ব’ৰুমতে উপলব্ধ।”

You might also like