নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ

মেষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষঃ স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভ্রাতৃৰ লগত মত বিৰোধে দেখা দিব৷ বিবাহ হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১৷
মিথুনঃ আর্থিক ক্ষেত্রত বন্ধুৰ পৰা সহায় লাভ হ’ব৷ আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে৷ মনোবল ৰাখিব৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কর্কটঃ ব্যৱসায়ত পৰিৱর্তন আহিব৷ আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ সামাজিক কামত যশ বৃদ্ধি পাব৷ ঘৰুৱাভাৱে শুভ৷ প্রেমত জটিলতা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩
সিংহঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে৷ কর্মত মন চঞ্চল হ’ব৷ দাম্পত্যত মধ্যম৷ ভ্রমণ নকৰাই ভাল৷ বিদ্যাত জটিলতা৷ বেঙুনীয়া, শুভ সংখ্যা ৯৷
কন্যাঃ ব্যৱসায়িক দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিকত চিন্তা৷ শৰীৰ ভালেই যাব৷ বিদ্যাত মনোযোগ দিয়ক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
তুলাঃ অংশীদাৰী ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত নতুন যোগাযোগে আনন্দ দিব৷ ঘৰুৱা অশান্তি বৃদ্ধি পাব৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
বৃশ্চিকঃ আর্থিক খৰচৰ মাত্রা বৃদ্ধি পাব৷ অৱসৰপ্রাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব৷ ঘৰুৱাত মতবিৰোধ দেখা যায়৷ প্রেমত সফলতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
ধনুঃ ব্যৱসায়–বাণিজ্যিক ক্ষেত্রত নতুন যোগাযোগ৷ মাটিবাৰীৰ পুৰণা সমস্যাৰ সমাধান হ’ব৷ দাম্পত্যত জটিলতা৷ প্রেমত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
মকৰঃ ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব৷ কর্মক্ষেত্রত মানসিক অশান্তি বৃদ্ধি পাব৷ সন্তানৰ বাবে শুভ৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কুম্ভঃ আর্থিক দিশত জটিলতা নাই৷ আয় বৃদ্ধিৰ কাৰকতা৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক৷ সৰুসুৰা ৰোগত দেহ কষ্ট পাব৷ প্রেমত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মীনঃ যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

You might also like