নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙল গ্ৰহত পানী, শেহতীয়া গৱেষণাৰ অন্তত নাছাৰ দাবী

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ আমাৰ নিচেই ওচৰৰ গ্ৰহ মঙল। এই গ্ৰহক লৈ বিজ্ঞানীসকলে কৰি গৈছে নানা পৰীক্ষা-নিৰীক্ষা। শেহতীয়াকৈ এক অনুসন্ধানত মঙলৰ বুকুত পানীৰ উৎসৰ সন্ধান পালে নাছাই।

কালি বিজ্ঞান আলোচনী নেচাৰ এষ্ট্ৰোনমীত প্ৰকাশ পোৱা এক প্ৰতিবেদন মতে, মঙলৰ মাটিত সন্ধান পাইছে তিনিটা হ্ৰদৰ। দুবছৰ আগতেও গ্ৰহটোৰ দক্ষিণ ধ্ৰুৱৰ ফালে অত্যধিক নিমখযুক্ত এটা হ্ৰদৰ সন্ধান পাইছিল সংস্থাটোৱে। এই হ্ৰদটো বৰফৰ তলত আছিল। ইউৰোপীয়ান স্পেচ এজেঞ্চীৰ স্পেছক্ৰাফ মাৰ্চ এক্সপ্ৰেছে ২০১৮ চনত পোৱা উক্ত নিমখযুক্ত হ্ৰদলৈ ২০১২ৰ পৰা ২০১৯লৈ মুঠ ১৩৪ বাৰলৈ নিৰীক্ষণ কৰিছিল।

অৱশেষত ইয়াৰ আশে-পাশে আৰু তিনিটা পানীৰ উৎস বিচাৰি পায়। ২০ কিলোমিটাৰজোৰা নিমখৰ হ্ৰদটোৰ পানী তৰল অৱস্থাত থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ৰোম বিশ্ববিদ্যালয়ৰ এষ্ট্ৰোছাইণ্টিষ্ট এলনা পেটীনেলীয়ে কয়- ‘আমি দুবছৰ পূৰ্বতে পোৱা হ্ৰদৰ আশে-পাশে আৰু তিনিটা হ্ৰদৰ সন্ধান পাইছো। মঙল গ্ৰহত পানীৰ উৎস বিৰল আৰু ইয়াৰ বিন্যাসো সুকীয়া। ইয়াক লৈ অধ্যয়ন চলাই থকা হৈছে।

প্ৰাথমিক অধ্যয়নত গ্ৰহটোত তৰল অৱস্থাত পানী থকাৰ সম্ভাৱনা বিচাৰি পোৱা গৈছে।’ মঙল গ্ৰহ এক বন্ধ্যা বা শুকান গ্ৰহ নহয়, যদিও প্ৰথম অৱস্থাত ইয়াক তেনেধৰণৰ গ্ৰহ বুলিয়েই ধাৰণা কৰা হৈছিল। বিজ্ঞানীয়ে এনে বহু প্ৰমাণৰ ভিত্তিত ধাৰণা কৰে যে লাল গ্ৰহটোত এটা সময়ত পূৰামাত্ৰাই পানী আছিল আৰু হয়তো আছিল কোনো সভ্যতা, প্ৰায় তিনি আৰব বছৰ আগতে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে মঙল গ্ৰহৰ ৰূপ সলনি হৈ আজিৰ অৱস্থা পাইছে।

You might also like