নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওমৰৰ নিৰ্দেশতে ৰাসত বিস্ফোৰণৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ জেহাদীবিৰোধী অভিযান অব্যাহত থকাৰ সময়তে যোৱা সোমবাৰে গোৱালপাৰা জিলাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আই এছৰ সৈতে জড়িত তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ ৰাজ্য়ত চাঞ্চল্য সৃষ্টি কৰিছে। বিশ্বৰ অন্যতম ভয়ংকৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আই এছৰ শিপা অসমলৈ সম্প্ৰসাৰিত হোৱাৰ আঁৰত দৰাচলতে কি পৰ্যায়ৰ সন্ত্ৰাসবাদী নেতাই আঁৰৰ পৰা কাম কৰিছিল, তাক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে অসম আৰক্ষীতো চলিছে ব্যাপক অনুসন্ধান। এনে চাঞ্চল্যকৰ ঘটনাৰ মাজতে উচ্চাৰিত হৈছে কুখ্যাত সন্ত্ৰাসবাদী ওমৰৰ নাম। আইএছৰ প্ৰচাৰক ৰূপে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈ থকা ওমৰে ফেচবুকৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত একাংশ যুৱকক জেহাদৰ বাবে আকৰ্ষিত কৰাৰ চেষ্টা চলাই আহিছে। এইজন ওমৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল নেকি গোৱালপাৰাৰ তিনি জেহাদী ৰঞ্জিত আলী, মোকাদ্দিৰ ইছলাম আৰু লুইত জামাল? আৰক্ষীৰ তথ্য অনুসৰি ফেচবুকত ওমৰৰ সৈতে বাৰ্তালাপ কৰাত আগভাগ লৈছিল ৰঞ্জিত আলীয়ে। আনকি মেচেঞ্জজাৰৰ জৰিয়তে ওমৰলৈ বাৰ্তাও প্ৰেৰণ কৰিছিল ৰঞ্জিতে। সেয়াই নহয় ৰঞ্জিত আলীয়ে তেওঁৰ দুই বন্ধু মোকাদ্দিৰ ইছলাম আৰু জামালকো ওমৰৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকী কৰাই দিছিল। সেয়াই যেন আৰম্ভণি। জেহাদৰ বাবে মুছলিম যুৱকসকলক প্ৰভাৱম্বিত কৰিবলৈ চেষ্টা চলাই থকা ওমৰে গোৱালপাৰাৰ তিনি যুৱকক বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰি নিজৰ কব্জালৈ আনিবলৈ সক্ষম হৈছিল।

সোমবাৰে গোৱালপাৰাৰ মধুবন লজৰ পৰা কুটাঘাতৰ ব্লুপ্ৰিণ্ট কৰা তিনি জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া দিল্লীৰ আৰক্ষীয়ে ওমৰৰ তথ্য সন্দৰ্ভত অনুসন্ধান তীব্ৰ কৰিছে। অসমৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জেহাদৰ বাবে ৰঞ্জিত আলী, মোকাদ্দিৰ ইছলাম আৰু লুইত জামালক ইছলাম ধৰ্মৰ মৌলবী আখ্যাৰে প্ৰভাৱান্বিত কৰা ওমৰে এক বৃহৎ কাৰ্যৰ বাবে সাজু থাকিবলৈ কৈছিল। আনকি বিভিন্ন সময়ত এজেণ্টেই এই তিনিওকে সাক্ষাৎ কৰি বাৰ্তা দিয়াৰ লগতে যোগান ধৰিছিল ধনৰ। লক্ষণীয়ভাৱে এনে সময়ছোৱাৰ মাজতে ৰঞ্জিত আলীয়ে গুৱাহাটী ৰেল ষ্টেচনত এবাৰ সাক্ষাত কৰে ওমৰক। আৰক্ষীৰ প্ৰাথমিক জেৰাত এই কথা স্বীকাৰ কৰিছে যদিও নিশ্চিত হ’ব পৰা নাই ফেচবুক আইএছৰ প্ৰচাৰক ৰূপে পৰিচিত ওমৰক সাক্ষাৎ কৰিছে নে আন কোনোবা ওমৰক লগ কৰিছিল। যদি ওমৰক গুৱাহাটীত সাক্ষাত কৰিছিল কৰিছিল তেন্তে সেয়া উদ্বেগজনক বিষয় হ’ব। সেয়াই নহয় আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে ৰঞ্জিত আলীয়ে যিজন ওমৰক সাক্ষাৎ কৰিছিল, সেই ওমৰ নামৰ জেহাদী নেতাজনে তিনিও যুৱকক এই বিস্ফোৰণৰ পৰিকল্পনাৰ বাবে সাজু হব দিছিল আৰু ইয়াৰ বাবে আন নেতাই তেওঁলোকক সাক্ষাৎ কৰিব বুলি উল্লেখ কৰিছিল। ওমৰৰ লগত হোৱা এই বাৰ্তালাপ পিছত মেছেঞ্জাৰযোগে কাৰোবালৈ প্ৰেৰণ কৰিছিল। এই মেচেঞ্জাৰৰ তথ্য দিল্লীৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

You might also like