নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ নিবনুৱা যুৱক–যুৱতীসকলৰ্ স্বাৱলম্বিতাৰ লক্ষ্যৰে বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীৰ গ্রাম্য পৰিবহণ আঁচনিৰ৷ এই আঁচনিৰ জৰিয়তে যুৱক–যুৱতীক কর্মসংস্থাপন দিয়াৰ লগতে গ্রামাঞ্চলত যোগাযোগ ব্যৱস্থাত সুচলকৰণৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ খানাপাৰা অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক অনুষ্ঠানত এই আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রী সোণোৱালৰ ঘোষণা– এই আঁচনি হ’ল উদ্যামিতা আৰু আত্মনির্ভৰশীলতাৰ এক উৎকৃষ্ট উদাহৰণ৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে আঁচনিখনৰ অধীনত লঘু যান–বাহন লাভ কৰিব লগা হিতাধিকাৰীসকলে গ্রাম্য অর্থনীতি পুনৰ উদ্ধাৰত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ তেওঁ কয়– এই আঁচনিখনৰ জৰিয়তে প্রদান কৰা লঘু যান–বাহনসমূহে গ্রামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে স্বাস্থ্যজনিত জৰুৰীকালীন সময়ত এই বাহনসমূহে বিশেষ ভূমিকা পালন কৰিব৷ উল্লেখ্য যে ২০১৯ চনতে স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই আঁচনিখন ঘোষণা কৰিছিল৷
উক্ত ঘোষণা অনুসৰিয়েই ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে এই আঁচনিখনৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীৰ গ্রাম্য পৰিবহণ আঁচনিৰ জৰিয়তে প্রথম পর্যায়ত ১০ হাজাৰ গাঁৱক সামৰি লোৱা হ’ব৷ আনহাতে, পৰৱর্তী পর্যায়ত ৰাজ্যৰ ২৬ হাজাৰখন গাঁৱক সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে প্রতিখন গাঁৱত এগৰাকীকৈ হিতাধিকাৰীক এখন লঘু যান–বাহন প্রদানৰ পদক্ষেপ লোৱা হৈছে৷ ১০০ কোটি টকা ব্যয়সাপেক্ষ গ্রহণ কৰা এই আঁচনিৰ অধীনত লঘু যান–বাহনৰ ক্রয় মূল্যৰ ২৫ শতাংশ ৰাজসাহায্য হিতাধিকাৰীক চৰকাৰে প্রদান কৰিব৷ ইফালে, অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে আঁচনিখনে গ্রামাঞ্চল আৰু নগৰ অঞ্চলৰ মাজত থকা পৰিবহণ ব্যৱধান দূৰ কৰাৰ লগতে ইয়াৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ মন্ত্রীগৰাকীয়ে অহা অক্টোবৰ মাহৰ ভিতৰতে ৰাজ্যত ২০খন মার্চিডিজ বাছ ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলোৱা হ’ব বুলিও অৱগত কৰে৷ এই সন্দর্ভত পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, প্রথমাৱস্থাত চলিব লগা ২০খন মার্চিডিজৰ ১০খন গুৱাহাটীৰ বিমানবন্দৰৰ পৰা ৰাজ্যৰ আন প্রান্তলৈ চলিব৷ আনহাতে, আন ১০খন বাছ গুৱাহাটীৰ পৰা শ্বিলঙলৈ চলিব৷ মন্ত্রী পাটোৱাৰীয়ে উল্লেখ কৰে যে দূৰণিবটীয়া যাত্রা অধিক আৰামদায়ক তথা সুচল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দিয়া নির্দেশৰ ভিত্তিতে মার্চিডিজ বাছ চলোৱাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই অনুষ্ঠানত পৰিবহণ বিভাগৰ সচিব কে কে দ্বিবেদী আৰু বিভাগটোৰ আয়ুক্ত আদিল খানো উপস্থিত থাকে৷