নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ গাঁৱৰ এজনকৈ হিতাধিকাৰীক প্রদান কৰা হ’ব লঘু বাহন

মুখ্যমন্ত্রী গ্রাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভঃ অক্টোবৰৰ পৰা গুৱাহাটীত চলিব বিলাসী মার্চিডিজ বাছ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  নিবনুৱা যুৱক–যুৱতীসকলৰ্ স্বাৱলম্বিতাৰ লক্ষ্যৰে বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীৰ গ্রাম্য পৰিবহণ আঁচনিৰ৷ এই আঁচনিৰ জৰিয়তে যুৱক–যুৱতীক কর্মসংস্থাপন দিয়াৰ লগতে গ্রামাঞ্চলত যোগাযোগ ব্যৱস্থাত সুচলকৰণৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ খানাপাৰা অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত  এক অনুষ্ঠানত এই আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রী সোণোৱালৰ ঘোষণা– এই আঁচনি হ’ল উদ্যামিতা আৰু আত্মনির্ভৰশীলতাৰ এক উৎকৃষ্ট উদাহৰণ৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে আঁচনিখনৰ অধীনত লঘু যান–বাহন লাভ কৰিব লগা হিতাধিকাৰীসকলে গ্রাম্য অর্থনীতি পুনৰ উদ্ধাৰত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ তেওঁ কয়– এই আঁচনিখনৰ জৰিয়তে প্রদান কৰা লঘু যান–বাহনসমূহে গ্রামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে স্বাস্থ্যজনিত জৰুৰীকালীন সময়ত এই বাহনসমূহে বিশেষ ভূমিকা পালন কৰিব৷ উল্লেখ্য যে ২০১৯ চনতে স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই আঁচনিখন ঘোষণা কৰিছিল৷

উক্ত ঘোষণা অনুসৰিয়েই ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে  এই আঁচনিখনৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীৰ গ্রাম্য পৰিবহণ আঁচনিৰ জৰিয়তে প্রথম পর্যায়ত ১০ হাজাৰ গাঁৱক সামৰি লোৱা হ’ব৷ আনহাতে, পৰৱর্তী পর্যায়ত ৰাজ্যৰ ২৬ হাজাৰখন গাঁৱক সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে প্রতিখন গাঁৱত এগৰাকীকৈ হিতাধিকাৰীক এখন লঘু যান–বাহন প্রদানৰ পদক্ষেপ লোৱা হৈছে৷ ১০০ কোটি টকা ব্যয়সাপেক্ষ গ্রহণ কৰা এই আঁচনিৰ অধীনত লঘু যান–বাহনৰ ক্রয় মূল্যৰ ২৫ শতাংশ ৰাজসাহায্য হিতাধিকাৰীক চৰকাৰে প্রদান কৰিব৷ ইফালে, অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে আঁচনিখনে গ্রামাঞ্চল আৰু নগৰ অঞ্চলৰ মাজত থকা পৰিবহণ ব্যৱধান দূৰ কৰাৰ লগতে ইয়াৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ মন্ত্রীগৰাকীয়ে  অহা অক্টোবৰ মাহৰ ভিতৰতে ৰাজ্যত ২০খন মার্চিডিজ বাছ ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলোৱা হ’ব বুলিও অৱগত কৰে৷ এই সন্দর্ভত পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, প্রথমাৱস্থাত চলিব লগা ২০খন মার্চিডিজৰ ১০খন গুৱাহাটীৰ বিমানবন্দৰৰ পৰা ৰাজ্যৰ আন প্রান্তলৈ চলিব৷ আনহাতে, আন ১০খন বাছ গুৱাহাটীৰ পৰা শ্বিলঙলৈ চলিব৷ মন্ত্রী পাটোৱাৰীয়ে উল্লেখ কৰে যে দূৰণিবটীয়া যাত্রা অধিক আৰামদায়ক তথা সুচল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দিয়া নির্দেশৰ ভিত্তিতে মার্চিডিজ বাছ চলোৱাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই অনুষ্ঠানত পৰিবহণ বিভাগৰ সচিব কে কে দ্বিবেদী আৰু বিভাগটোৰ আয়ুক্ত আদিল খানো উপস্থিত থাকে৷

You might also like