আজমল ফাউণ্ডেচনৰ মার্কাজ দাৰুলৰ বিৰুদ্ধে লংকা থানাত গোচৰ

শিশু সুৰক্ষা আয়োগৰ দৃঢ় পদক্ষেপ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এন চি পি চি আৰ) মার্কাজ দাৰুল ইয়াতামাৰ বিৰুদ্ধে শিশু অধিকাৰ খর্বৰ অভিযোগত গোচৰ ৰুজু কৰিছে৷ আজমল ফাউণ্ডেচনৰ অন্তর্গত অনাথ আশ্রমখন পৰিচালনাৰ ক্ষেত্রত শিশুৰ অধিকাৰ খর্বৰ অভিযোগ উত্থাপন কৰিছে এন চি পি চি আৰে৷ হোজাইৰ উদালিস্থিত মার্কাজ দাৰুল ইয়াতামাৰ বিৰুদ্ধে ২৬/২১ইউ এছ ৪৯১ আই পি চি আৰ ডব্লিউ ধাৰা ৪২/৭৫/৮২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে লংকা থানাত৷ উল্লেখ্য যে অনাথ আশ্রমখনত থকা শিশুসকলক সকলো নীতি–নির্দেশনা অমান্য কৰি অস্বাস্থ্যকৰ পৰিৱেশত ৰখা বুলি অভিযোগ উত্থাপন হৈছিল৷ তদুপৰি আশ্রমখনৰ বহুকেইটি শিশু সন্ধানহীন হোৱা বুলিও অভিযোগ উঠিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে এন চি পি চি আৰে লংকা থানাত গোচৰ ৰুজু কৰে৷ তদুপৰি তুৰস্কৰ সংস্থাৰ পৰা মার্কাজ দাৰুল ইয়াতামাই অনুদান লাভ কৰি আহিছে যদিও শেহতীয়াকৈ প্রকাশিত তথ্য মতে উক্ত সংস্থাসমূহে সন্ত্রাসবাদী সংগঠনক পৃষ্ঠপোষকতা কৰি আহিছে৷ ইয়াকে লৈ আজমল ফাউণ্ডেচনৰ অন্তর্গত আশ্রমখন বিতর্কৰ আৱর্তত সোমাই পৰিছে৷ ইপিনে প্রশাসনে হোজাইৰ মার্কাজ দাৰুল ইয়াতামা ছীল কৰি দিয়া বুলি প্রকাশ পোৱা বাতৰি অস্বীকাৰ কৰিছে সংগঠনটোৱে৷ জিলা প্রশাসনেও এই কথা নুই কৰে৷ অসমৰ বিভিন্ন ঠাইত থকা আন ছখন মার্কাজ দাৰুল ইয়াতামা বন্ধ কৰি দিয়া বুলি বাতৰি প্রকাশ পাইছিল৷