নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে দুখনকৈ বৈঠকৰ অন্তত বুধবাৰে অযোধ্যাত উপস্থিত হ’ল বিজেপিশাসিত ১২খন ৰাজ্যৰ মুখ্যমন্ত্রী–উপমুখ্যমন্ত্ৰী৷ ৰাম মন্দিৰ দর্শনৰ উদ্দেশ্যে অযোধ্যাত উপস্থিত হোৱা মুখ্যমন্ত্রীসকলৰ লগত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাৰ সৈতে কালি ৰামলালা দর্শন কৰি হনুমানগড়ী মন্দিৰত পূজা–অর্চনা আগবঢ়ায়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই সপত্নীক বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু আন কেইবাগৰাকী মুখ্যমন্ত্রীৰ সৈতে ৰাম মন্দিৰ পূজাত ভাগ লয়৷
উল্লেখ্য যে বাৰাণসীত অনুষ্ঠিত কাশী বিশ্বনাথ কৰিড’ৰ মুকলি আৰু অন্যান্য কার্যসূচীত অংশগ্রহণৰ পাছত কালি ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত আৰু প্রধানমন্ত্রী মোদীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল দুখনকৈ বৈঠক৷ এই বৈঠকৰ পাছতে আজি অযোধ্যাত উপস্থিত হোৱা মুখ্যমন্ত্রীসকলে ৰাম মন্দিৰ পূজাত ভাগ লোৱাৰ লগতে আন আন মন্দিৰো দর্শন কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাৰ সৈতে বাবা কাল ভৈৰৱ মন্দিৰ দর্শন কৰে৷