নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী ৰিণিকি ভূঞা শর্মাৰ সৈতে অযোধ্যাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ৰামলালা দর্শন–হনুমানগড়ী মন্দিৰত ড০ শর্মাৰ পূজা বাৰাণসীত

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে দুখনকৈ বৈঠকৰ অন্তত বুধবাৰে অযোধ্যাত উপস্থিত হ’ল বিজেপিশাসিত ১২খন ৰাজ্যৰ মুখ্যমন্ত্রী–উপমুখ্যমন্ত্ৰী৷ ৰাম মন্দিৰ দর্শনৰ উদ্দেশ্যে অযোধ্যাত উপস্থিত হোৱা মুখ্যমন্ত্রীসকলৰ লগত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাৰ সৈতে কালি ৰামলালা দর্শন কৰি হনুমানগড়ী মন্দিৰত পূজা–অর্চনা আগবঢ়ায়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই সপত্নীক বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু আন কেইবাগৰাকী মুখ্যমন্ত্রীৰ সৈতে ৰাম মন্দিৰ পূজাত ভাগ লয়৷

উল্লেখ্য যে বাৰাণসীত অনুষ্ঠিত কাশী বিশ্বনাথ কৰিড’ৰ মুকলি আৰু অন্যান্য কার্যসূচীত অংশগ্রহণৰ পাছত কালি ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত আৰু প্রধানমন্ত্রী মোদীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল দুখনকৈ বৈঠক৷ এই বৈঠকৰ পাছতে আজি অযোধ্যাত উপস্থিত হোৱা মুখ্যমন্ত্রীসকলে ৰাম মন্দিৰ পূজাত ভাগ লোৱাৰ লগতে আন আন মন্দিৰো দর্শন কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাৰ সৈতে বাবা কাল ভৈৰৱ মন্দিৰ দর্শন কৰে৷

You might also like