চৰাইদেউ মৈদাম পৰিদৰ্শন পত্নীসহ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ

বিশেষ বাৰ্তা, ২৬ এপ্ৰিল : চৰাইদেউৰ ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত আজি উপস্থিত হয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া। পত্নীসহ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই আহোম ৰাজত্বৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উপৰিও পুৰাত্বত্ত বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত মতবিনিময় কৰে। ইফালে চৰাইদেউ মৈদামস্থলীক বিশ্বৰ বুকুত জিলিকাবৰ বাবে মৈদাম প্ৰাংগণত বিভিন্ন দেশৰ ভাষা জ্ঞান থকা লোকক জড়িত কৰাবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে আহোম ৰাজত্বৰ ইতিহাস আৰু মৈডাম সন্দৰ্ভ ছবি নিৰ্মাণৰ আৰু পাঠ্যপুথিত চৰাইদেউ মৈডাম ক্ষেত্ৰ সন্দৰ্ভত এটা পাঠ সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টা লবলৈ অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনক আহ্বান জনাই ৰাজ্যপালগৰাকীয়ে৷ চৰাইদেউ মৈডাম ভ্ৰমনৰ পিছতে ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এক পৰ্যলোচনা সভাত মিলিত হয়৷

প্ৰেৰক দীপাংকৰ পাল

Featured