অচিৰেই উচ্চ মাধ্যমিক–উচ্চতৰ মাধ্যমিকত নিয়মীয়া অধ্যক্ষ নিযুক্তি

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অচিৰেই চৰকাৰে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নিয়মীয়া প্রধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়মীয়া অধ্যক্ষ নিযুক্তি দিব৷ জিলাভিত্তিত সম্পন্ন হ’ব এই বাছনি প্রক্রিয়া৷ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে শিক্ষমন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ উল্লেখ্য যে শিক্ষামন্ত্রী ডাঃ পেগুৱে আজি জনতা ভৱনত মাধ্যমিক শিক্ষা বিভাগৰ ৯টা শিক্ষক সংগঠনৰ সৈতে এখন বৈঠকত মিলিত হয়৷ শিক্ষা বিভাগৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সহমতত উপনীত হোৱাৰ বাবেই মন্ত্রী ডাঃ পেগুৱে শিক্ষক সংগঠনসমূহৰ সৈতে আলোচনাত বহে৷ বৈঠকৰ অন্তত মন্ত্রী ডাঃ পেগুৱে জানিবলৈ দিয়া মতে, ৰাজ্যৰ বহুসংখ্যক উচ্চ মাধ্যমিক বিদ্যালয়ত নিয়মীয়া প্রধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়মীয়া অধ্যক্ষ নাই৷

এই সংক্রান্তত গুৱাহাটী উচ্চ ন্যায়ালয়তো বহুকেইটা গোচৰ চলি আছে৷ বর্তমানৰ শিক্ষা বিভাগে এই সমস্যাৰ অৱসান ঘটাই নিয়মীয়া প্রধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিয়াৰ বাবে সেই ক্ষেত্রত শিক্ষক সংগঠনসমূহৰ সৈতে সহমতত উপনীত হ’ব বিচাৰে, যাতে ভৱিষ্যতে কোনেও ন্যায়ালয়লৈ যাবলগীয়া নহয়৷ শিক্ষক সংগঠনসমূহৰে হোৱা আজিৰ বৈঠকত সকলোৱে প্রথমতে মাধ্যমিক শিক্ষকৰ সেৱা বিধিৰ প্রথমতে সংশোধনী অনাৰ পোষকতা কৰে৷ চৰকাৰেও প্রথমতে সেৱা বিধিৰ সংশোধনী ঘটোৱাৰ বিষয়টো মানি লৈছে৷ সেৱা বিধিৰ সংশোধনীৰ পিছতেই জিলাভিত্তিত বাছনি প্রক্রিয়া অনুষ্ঠিত কৰি উচ্চ মাধ্যমিকত নিয়মীয়া প্রধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিকত নিয়মীয়া অধ্যক্ষ নিযুক্তি দিব৷

Featured