বিশেষ বাৰ্তা, ১৭মেঃ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য, এক শৰণ হৰিনাম ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেব গুৰুজনাৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিত উদযাপিত হয় ৷ এই উপলক্ষে শুৱালকুছিৰ অন্যতম ব্হৎ ধৰ্মানুষ্ঠান ’মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ ধামত ১৬ মেত অনুস্হিত হয় এক বিশাল ভাগৱত শোভাযাত্ৰা ৷ য’ত যুৱক যুৱতি, আই মাত্ আৰু ভকত বৈষ্ণৱ সকলে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি ভাগৱত শোভাযাত্ৰাত অংশ লৈ কীৰ্ত্তন পুথিৰ ঘোষা গাই গাই হৰিনাম ধ্বনিত বস্ত্ৰনগৰীৰ আকাশ বতাহ মুখৰ কৰি তোলে ৷ শুৱালকুছিৰ প্ৰতিটো পৰিয়ালে ঘৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ভাগৱত শোভাযাত্ৰাক আদৰণি জনায় ৷ নিশা অনুস্হিত মহিলাৰ দিহানামে সমগ্ৰ অঞ্চলটো ভক্তিৰসত বুৰাই পেলায় ৷ আজি পুৱা আইমাতৃৰ নাম প্ৰসংগৰ পিছতে ধৰ্মপতাক উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনিল চন্দ্ৰ বৈশ্যই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ মহাপুৰুষ মাধৱদেবৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰত মহাপুৰুষ মাধৱদেবে লোৱা ভূমিকাৰ কথা উল্লেখ কৰে ৷ ভাষণত তেওঁ যুৱ প্ৰজন্মক এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত সৰ্বাধিক গুৰুত্ব দি শান্তিকামী সমাজ গঢ়াত আগভাগ লবলৈ আহ্বান জনায় ৷ পুৱা দহ বজাৰ পৰা অনুস্হিত হয় ভকত বৈষ্ণৱৰ নাম প্ৰসংগ ৷ নাম প্ৰসংগত যুগল প্ৰসংগৰ লগতে কীৰ্ত্তন ঘোষাৰ কেইবাটিও ঘোষা পৰিবেশন কৰি গুৰু দুজনাৰ স্স্টিৰাজিক স্মৰণ কৰে আৰু এক ভক্তিময় পৰিবেশৰ স্স্টি কৰে ৷ নাম প্ৰসংগত কেবা শতাধিক ভকত বৈষ্ণৱ আৰু আই মাত্য়ে অংশ গ্ৰহণ কৰে ৷ আবেলি ভাগৱত পাঠ কৰে বিশিষ্ট ভাগৱতী চণ্ডীবৰ মেধিয়ে ৷ সন্ধিয়া অনুস্হিত থিয়নাম প্ৰদৰ্শনে উপস্থিত সকলোকে মুগ্ধ কৰে ৷ সাত বজাত পতাকা অৱতৰণৰে মহোৎসৱৰ সামৰণি পৰে ৷ শুৱালকুছিৰ শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ উদযাপন কৰা হয় ৷
প্ৰেৰক দিলীপ মেধি