নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰিনামৰ ধ্বনিৰে মুখৰ বস্ত্ৰনগৰীঃ শুৱালকুছিত মহাপুৰুষ মাধৱদেৱৰ জন্ম উৎসৱ উদযাপন

বিশেষ বাৰ্তা, ১৭মেঃ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য, এক শৰণ হৰিনাম ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেব গুৰুজনাৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিত উদযাপিত হয় ৷ এই উপলক্ষে শুৱালকুছিৰ অন্যতম ব্‌হৎ ধৰ্মানুষ্ঠান ’মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ ধামত ১৬ মেত অনুস্হিত হয় এক বিশাল ভাগৱত শোভাযাত্ৰা ৷ য’ত যুৱক যুৱতি, আই মাত্‌ আৰু ভকত বৈষ্ণৱ সকলে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি ভাগৱত শোভাযাত্ৰাত অংশ লৈ কীৰ্ত্তন পুথিৰ ঘোষা গাই গাই হৰিনাম ধ্বনিত বস্ত্ৰনগৰীৰ আকাশ বতাহ মুখৰ কৰি তোলে ৷ শুৱালকুছিৰ প্ৰতিটো পৰিয়ালে ঘৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ভাগৱত শোভাযাত্ৰাক আদৰণি জনায় ৷ নিশা অনুস্হিত মহিলাৰ দিহানামে সমগ্ৰ অঞ্চলটো ভক্তিৰসত বুৰাই পেলায় ৷ আজি পুৱা আইমাতৃৰ নাম প্ৰসংগৰ পিছতে ধৰ্মপতাক উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনিল চন্দ্ৰ বৈশ্যই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ মহাপুৰুষ মাধৱদেবৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰত মহাপুৰুষ মাধৱদেবে লোৱা ভূমিকাৰ কথা উল্লেখ কৰে ৷ ভাষণত তেওঁ যুৱ প্ৰজন্মক এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত সৰ্বাধিক গুৰুত্ব দি শান্তিকামী সমাজ গঢ়াত আগভাগ লবলৈ আহ্বান জনায় ৷ পুৱা দহ বজাৰ পৰা অনুস্হিত হয় ভকত বৈষ্ণৱৰ নাম প্ৰসংগ ৷ নাম প্ৰসংগত যুগল প্ৰসংগৰ লগতে কীৰ্ত্তন ঘোষাৰ কেইবাটিও ঘোষা পৰিবেশন কৰি গুৰু দুজনাৰ স্‌স্টিৰাজিক স্মৰণ কৰে আৰু এক ভক্তিময় পৰিবেশৰ স্‌স্টি কৰে ৷ নাম প্ৰসংগত কেবা শতাধিক ভকত বৈষ্ণৱ আৰু আই মাত্‌য়ে অংশ গ্ৰহণ কৰে ৷ আবেলি ভাগৱত পাঠ কৰে বিশিষ্ট ভাগৱতী চণ্ডীবৰ মেধিয়ে ৷ সন্ধিয়া অনুস্হিত থিয়নাম প্ৰদৰ্শনে উপস্থিত সকলোকে মুগ্ধ কৰে ৷ সাত বজাত পতাকা অৱতৰণৰে মহোৎসৱৰ সামৰণি পৰে ৷ শুৱালকুছিৰ শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ উদযাপন কৰা হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like