জালুকবাৰী সমষ্টিৰ ১৬৩১গৰাকী মেধাৱী শিক্ষাৰ্থীক আজি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী: আজি জালুকবাৰী সমষ্টিৰ মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত হয় এখন বিশেষ সভা। এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

এই বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীসকলক আজি আমিনগাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰে শিক্ষামন্ত্ৰী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ২০০২ চনৰ পৰা জালুকবাৰী বিধানসভা সমষ্টিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্দ্ধনা তথা বৃত্তি প্ৰদান কৰি অহা হৈছে ৷ এই ধাৰা অক্ষুন্ন ৰাখি এইবাৰো উন্নত ফল প্ৰদৰ্শন কৰা ১৬৩১গৰাকী শিক্ষাৰ্থীক আজি আমিনগাঁৱত অনুষ্ঠিক এক অনুষ্ঠানত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চি এম ডি ৰিণিকি ভূঞা শর্মা৷

Featured