নিয়মীয়া বাৰ্তা,৫ জুনঃ সুৰাৰ দাম বৃদ্ধিৰে ৰাজহ সংগ্রহ কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ ওলোৱাৰ সময়তে শনিবাৰে সুৰা–গুট্খাৰ অবাধ প্রচলনক লৈ উদ্বিগ্ণতা প্রকাশ কৰিলে খোদ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ ড্রাগ্ছ–ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা এক কার্যসূচী মুকলি কৰি ৰাজ্যপালগৰাকীৰ মন্তব্য– যি হাৰত অসমত সুৰাৰ প্রচলন হৈ আছে, তাক হ্রাস কৰিব লাগে৷ ড্রাগ্ছ–সুৰাই যুৱ প্রজন্মক গ্রাস কৰি আনিছে বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়– ড্রাগ্ছৰ ব্যৱহাৰে যুৱকসকলক প্রভাৱান্বিত কৰিছে আৰু সমাজত এক বাধা তথা অশান্তিৰ সৃষ্টি কৰিছে৷ অসমত প্রায় ২০.৪ লাখ লোকে ড্রাগ্ছ ব্যৱহাৰ কৰে বুলি এক তথ্য আঙুলিয়াই তেওঁ ড্রাগ্ছৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈও আৰক্ষীক আহ্বান জনায়৷
আনহাতে, সুৰাৰ প্রচলন কমাবলৈ শনিবাৰে ৰাজ্যত এক কঠোৰ আইন প্রণয়নৰো পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে৷ উল্লেখ্য যে ৰাজভৱনত কালি ড্রাগ্ছ–ধঁপাত আৰু সুৰাৰ সজাগতাৰ এক ৬০ দিনীয়া অভিযানৰ ফ্লেগ অফ কৰে ৰাজ্যপাল অধ্যাপক মুখীয়ে৷ স্বেচ্ছাসেৱী সংগঠন এটাই আয়োজন কৰা এই অভিযান মুকলি কৰি ৰাজ্যপালগৰাকীয়ে গুট্খাৰ প্রচলনক লৈও তীব্র অসন্তুষ্টি প্রকাশ কৰে৷ ৰাজভৱনত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থকা আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ সমুখতে আৰক্ষীক সমালোচনা কৰি ৰাজ্যপালগৰাকীয়ে কয়– উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পাছত প্রতিখন ৰাজ্যত গুট্খা নিষিদ্ধ কৰাৰ বাবে আইন প্রণয়ন হৈছে৷ ইয়াৰ পাছতো কিদৰে ৰাজ্যত গুট্খা বিক্রী হয়, সেয়া সমস্যাৰ বিষয়৷ এইক্ষেত্রত আৰক্ষীৰ ভূমিকাক আমি সন্মান দিব নোৱাৰোঁ৷
ভাষণ প্রসংগত ৰাজ্যপালগৰাকীয়ে কয় যে জনসাধাৰণৰ মাজত সুৰা–ড্রাগ্ছ আৰু ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ যথেষ্ট প্রয়োজন আছে৷ ড্রাগ্ছে যুৱ প্রজন্মক গ্রাস কৰাৰ লগতে সামাজিকভাৱে, সাংস্কৃতিকভাৱে আৰু অর্থনৈতিকভাৱে একোটা পৰিয়ালক যথেষ্ট ক্ষতি কৰি আহিছে৷ অসমত এক বৃহৎ পৰিমাণৰ লোকে ড্রাগ্ছৰ কৰাল গ্রাসত সোমাই পৰিছে৷ সেয়েহে ড্রাগ্ছৰ বিৰুদ্ধে সজাগতা অধিক বৃদ্ধিৰ প্রয়োজন৷ ৰাজ্যপালে তেওঁৰ ভাষণত অৱশ্যে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যোৱা সময়ছোৱাত গ্রহণ কৰি অহা কঠোৰ পদক্ষেপৰ শলাগ লয়৷
তেওঁ কয়– যোৱা সময়ছোৱাত অসম আৰক্ষীয়ে ৰাজ্যত ড্রাগ্ছ আৰু এই ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰাৰ সমান্তৰালকৈ বহু লোকক গ্রেপ্তাৰ কৰিছে৷ শূন্য সহনশীলতা নীতিৰে আৰক্ষীয়ে চলোৱা এই অভিযানে বহু পৰিয়াল তথা লোকক উপকৃত কৰিছে৷ একেদৰে চাহ অধ্যুষিত এলেকাসমূহত সুৰাৰ প্রচলন বন্ধ কৰাৰ বাবে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে লোৱা ভূমিকাও যথেষ্ট প্রশংসনীয় হৈছে৷ সুৰাৰ ব্যৱহাৰ কেনেকৈ কমাব পাৰি, সেই সন্দর্ভতো ৰাজ্যপালগৰাকীয়ে আজি কেইবাটাও উপায় উল্লেখ কৰে৷