নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু আৰু সাধাৰণ শ্রেণীৰ ৩০গৰাকী ছাত্র–ছাত্রীক প্রতিবছৰে বিদেশলৈ পঠিয়াব মাইন’ৰিটী ডেভেলপমেণ্ট ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটীয়ে৷ মূলতঃ বহুপাক্ষিক সংস্কৃতি, শিক্ষা, আধ্যাত্মিক বিনিময়, দক্ষতা বিকাশ আৰু গৱেষণাৰ বাবে ছ’চাইটীয়ে প্রতিবছৰে নিজা খৰচত ৩০ শিক্ষার্থীক প্রেৰণ কৰিব বিদেশলৈ৷ আছিয়ান দেশসমূহৰ সহযোগত এই পদক্ষেপ গ্রহণ কৰিছে ছ’চাইটীয়ে৷GLOBAL SCHOLARSHIP CUM EXPOSURE PROGRAMME 2021 (GSET 2021) নামৰ আঁচনিৰে নির্বাচিত শিক্ষার্থীসকলক এই সুবিধা প্রদান কৰা হ’ব৷
এই পদক্ষেপৰ বিষয়ে কালি গুৱাহাটী প্রেছ ক্লাবত এক সংবাদ মেলযোগে ঘোষণা কৰে ছ’চাইটীৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয়ে৷ চৌধুৰীয়ে কয় যে সংস্কৃতি, শিক্ষা, আধাত্মিক, দক্ষতা বিকাশ আৰু গৱেষণা মুঠ পাঁচটা বিষয়ৰ বাবে জলপানি প্রদান কৰা হ’ব৷ অহা ফেব্রুৱাৰীত ২ মাহৰ বাবে নির্বাচিত শিক্ষার্থীসকলক বিদেশলৈ প্রেৰণ কৰা হ’ব৷ নির্বাচিত শিক্ষার্থীসকলক অহা–যোৱা, থকা–লোৱা সমস্ত ব্যয় বহন কৰিব ছ’চাইটীয়ে৷ অহা ৩১ ডিচেম্বৰৰ ভিতৰত ইচ্ছুক ছাত্র–ছাত্রীয়ে ছ’চাইটীৰ ই–মেইলত আবেদন কৰিব পাৰিব৷
আবেদন কৰা শিক্ষার্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ শিক্ষার্থীসকলৰ ভাৰতীয় পাছপ’ট থকাৰ লগতে স্বাস্থ্যৱান তথা নিৰোগী হ’ব লাগিব৷ ইয়াৰ বাবে নির্ধাৰণ কৰা কিছু অর্হতা সেই অনুসৰি সাংস্কৃতিক ক্ষেত্রত শিক্ষার্থী উচ্চতৰ মাধ্যকি উত্তীর্ণ হ’ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব৷ আধ্যাত্মিক ক্ষেত্রতো আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব৷ শৈক্ষিক ক্ষেত্রত আবেদনকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষার্থী হোৱাটো বাঞ্ছনীয়৷ গৱেষণাৰ ক্ষেত্রত আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ দক্ষতা বিকাশ (কৃষি, বয়ন, ৰেচম) ক্ষেত্রত আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ লগতে কৃষি, ৰেচম, বয়ন বিভাগৰ অধ্যয়নৰত বা এই বিভাগৰ জ্ঞান থকা হ’ব লাগিব৷
র্হতাসম্পন্ন শিক্ষার্থীসকলে এম ডি এছ ডব্লিউ এছৰ ই–মেইল minoritydevelopmentSWS@gmail.com ত আবেদন কৰিব লাগিব৷ আবেদনকাৰীসকলক আবেদন–পত্রত নিজৰ নাম, বয়স, শিক্ষাগত অর্হতা, আবেদনৰ বিভাগ, শ্রেণী, ফোন নম্বৰ, হোৱাটছ এপ নম্বৰ, সদ্য উত্তীর্ণ পৰীক্ষাৰ প্রমাণ–পত্র, অভিভাৱকৰ অনুমতিযুক্ত স্বাক্ষৰ আদি প্রয়োজনীয় সকলো নথি–পত্র থকাটো বাধ্যতামূলক৷ আবেদনকাৰীসকলক ১২জনীয়া বিশেষজ্ঞ সমিতিয়ে নির্বাচিত কৰিব৷
উল্লেখ্য যে গৱেষণা আৰু শৈক্ষিক ক্ষেত্রত নির্বাচিত শিক্ষার্থীক ছিংগাপুৰলৈ, দক্ষতা বিকাশ ক্ষেত্রত ভিয়েটনামলৈ, আধ্যাত্মিক ক্ষেত্রত থাইলেণ্ডলৈ আৰু সাংস্কৃতিক ক্ষেত্রত লাওচলৈ প্রেৰণ কৰা হ’ব শিক্ষার্থীসকলক৷ আবেদনকাৰীসকলে সবিশেষ জানিবৰ বাবে ৮০৯৯১–৩৪৩০০ ফোন নম্বৰ অথবা হোৱাটছএপ নম্বৰ ৮৮২২৮–১৯৮৯৩ত যোগাযোগ কৰিব পাৰে৷