নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ শিক্ষাৰ বাবে ৩০ শিক্ষার্থীক প্রেৰণ কৰিব বিদেশলৈ, কৰিব পাৰিব আবেদন

ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটীৰ পদক্ষেপ

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু আৰু সাধাৰণ শ্রেণীৰ ৩০গৰাকী ছাত্র–ছাত্রীক প্রতিবছৰে বিদেশলৈ পঠিয়াব মাইন’ৰিটী ডেভেলপমেণ্ট ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটীয়ে৷ মূলতঃ বহুপাক্ষিক সংস্কৃতি, শিক্ষা, আধ্যাত্মিক বিনিময়, দক্ষতা বিকাশ আৰু গৱেষণাৰ বাবে ছ’চাইটীয়ে প্রতিবছৰে নিজা খৰচত ৩০ শিক্ষার্থীক প্রেৰণ কৰিব বিদেশলৈ৷ আছিয়ান দেশসমূহৰ সহযোগত এই পদক্ষেপ গ্রহণ কৰিছে ছ’চাইটীয়ে৷GLOBAL SCHOLARSHIP CUM EXPOSURE PROGRAMME 2021 (GSET 2021) নামৰ আঁচনিৰে নির্বাচিত শিক্ষার্থীসকলক এই সুবিধা প্রদান কৰা হ’ব৷

এই পদক্ষেপৰ বিষয়ে কালি গুৱাহাটী প্রেছ ক্লাবত এক সংবাদ মেলযোগে ঘোষণা কৰে ছ’চাইটীৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয়ে৷ চৌধুৰীয়ে কয় যে সংস্কৃতি, শিক্ষা, আধাত্মিক, দক্ষতা বিকাশ আৰু গৱেষণা মুঠ পাঁচটা বিষয়ৰ বাবে জলপানি প্রদান কৰা হ’ব৷ অহা ফেব্রুৱাৰীত ২ মাহৰ বাবে নির্বাচিত শিক্ষার্থীসকলক বিদেশলৈ প্রেৰণ কৰা হ’ব৷ নির্বাচিত শিক্ষার্থীসকলক অহা–যোৱা, থকা–লোৱা সমস্ত ব্যয় বহন কৰিব ছ’চাইটীয়ে৷ অহা ৩১ ডিচেম্বৰৰ ভিতৰত ইচ্ছুক ছাত্র–ছাত্রীয়ে ছ’চাইটীৰ ই–মেইলত আবেদন কৰিব পাৰিব৷

আবেদন কৰা শিক্ষার্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ শিক্ষার্থীসকলৰ ভাৰতীয় পাছপ’ট থকাৰ লগতে স্বাস্থ্যৱান তথা নিৰোগী হ’ব লাগিব৷ ইয়াৰ বাবে নির্ধাৰণ কৰা কিছু অর্হতা সেই অনুসৰি সাংস্কৃতিক ক্ষেত্রত শিক্ষার্থী উচ্চতৰ মাধ্যকি উত্তীর্ণ হ’ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব৷ আধ্যাত্মিক ক্ষেত্রতো আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব৷ শৈক্ষিক ক্ষেত্রত আবেদনকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষার্থী হোৱাটো বাঞ্ছনীয়৷ গৱেষণাৰ ক্ষেত্রত আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ দক্ষতা বিকাশ (কৃষি, বয়ন, ৰেচম) ক্ষেত্রত আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ লগতে কৃষি, ৰেচম, বয়ন বিভাগৰ অধ্যয়নৰত বা এই বিভাগৰ জ্ঞান থকা হ’ব লাগিব৷

র্হতাসম্পন্ন শিক্ষার্থীসকলে এম ডি এছ ডব্লিউ এছৰ ই–মেইল [email protected] ত আবেদন কৰিব লাগিব৷ আবেদনকাৰীসকলক আবেদন–পত্রত নিজৰ নাম, বয়স, শিক্ষাগত অর্হতা, আবেদনৰ বিভাগ, শ্রেণী, ফোন নম্বৰ, হোৱাটছ এপ নম্বৰ, সদ্য উত্তীর্ণ পৰীক্ষাৰ প্রমাণ–পত্র, অভিভাৱকৰ অনুমতিযুক্ত স্বাক্ষৰ আদি প্রয়োজনীয় সকলো নথি–পত্র থকাটো বাধ্যতামূলক৷ আবেদনকাৰীসকলক ১২জনীয়া বিশেষজ্ঞ সমিতিয়ে নির্বাচিত কৰিব৷

উল্লেখ্য যে গৱেষণা আৰু শৈক্ষিক ক্ষেত্রত নির্বাচিত শিক্ষার্থীক ছিংগাপুৰলৈ, দক্ষতা বিকাশ ক্ষেত্রত ভিয়েটনামলৈ, আধ্যাত্মিক ক্ষেত্রত থাইলেণ্ডলৈ আৰু সাংস্কৃতিক ক্ষেত্রত লাওচলৈ প্রেৰণ কৰা হ’ব শিক্ষার্থীসকলক৷ আবেদনকাৰীসকলে সবিশেষ জানিবৰ বাবে ৮০৯৯১–৩৪৩০০ ফোন নম্বৰ অথবা হোৱাটছএপ নম্বৰ ৮৮২২৮–১৯৮৯৩ত যোগাযোগ কৰিব পাৰে৷

You might also like