উৎকোচ লৈ সচিবালয়ৰ ভিতৰত গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ সহকাৰী সীমা দেৱী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা নীতি ঘোষণা কৰিছে সেই সময়তো একাংশ চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ মানসিকতাৰ যেন কোনো পৰিৱৰ্তন হোৱা নাই। আজি দিচপুৰ সচিবালয়ৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ জ্যেষ্ঠ সহকাৰী সীমা দেৱী উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ঘটনাই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ জ্যেষ্ঠ সহকাৰী সীমা দেৱীক আজি দিচপুৰ সচিবালয়ৰ ভিতৰত উৎকোচ লোৱা অৱস্থাতে হাতে–লোটে গ্ৰেপ্তাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই জ্যেষ্ঠ সহকাৰী সীমা দেৱীয়ে ৪০০০ টকা উৎকোচ গ্ৰহণ কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে এই সীমা দেৱী নামৰ ঘোচখোৰ বিষয়াগৰাকীৰ বেগৰ পৰা অতিৰিক্ত ৯৯,০০০ টকাও উদ্ধাৰ হৈছে।

ASSAM POLICEDR. HIMANTA BISWA SARMAFeatured