নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ চৰকাৰী চাকৰিত ধনৰ লেনদেনৰ ঘটনা এতিয়াও শেষ হোৱা নাই৷ ৰাজ্য চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিক একপ্রকাৰ অংগুষ্ঠ প্রদর্শন কৰি বিশেষ দালাল চক্রই গোপনে অব্যাহত ৰাখিছে ধনৰ বিনিময়ত বিভিন্ন বিভাগৰ চাকৰিত নিযুক্তি৷ শেহতীয়াকৈ সমগ্র ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাকৰি কিনা–বেচাৰ বহু বিস্ফোৰক তথ্য৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কঠোৰ নির্দেশৰ পাছত অসম আৰক্ষীৰ অপৰাধ শাখা, অর্থাৎ ক্রাইম ব্রাঞ্চে অনুসন্ধান চলাই দালাল চক্রটোৰ কেইবাজনকো ফান্দত পেলাবলৈ সক্ষম হৈছে৷
ইতিমধ্যে ক্রাইম ব্রাঞ্চে এই চক্রটোৰে জড়িত এগৰাকী মহিলাসহ দুজন ব্যক্তিক আৰু চি আই ডিয়ে এজনক গ্রেপ্তাৰ কৰাৰ বিপৰীতে ৮জনক আটক কৰিছে৷ প্রাৰম্ভিক অনুসন্ধানতেই দালাল চক্রটোৱে অসম আৰক্ষীৰ এছ আই পদৰ উপৰি জলসিঞ্চন আৰু বন বিভাগৰ বিভিন্ন পদৰ চাকৰিৰ গোপন বেহা পতাৰ তথ্য স্পষ্ট হৈছে৷
চৰকাৰী চাকৰিৰ অবৈধ বেহাৰ সৈতে নাম সাঙোৰ খাই পৰিছে অসম আৰক্ষীৰে এজন অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক আৰু স্পেচিয়েল টাস্ক ফ’চত (এছ টি এফ) বর্তমানেও কর্মৰত এজন কর্মচাৰীৰ নাম৷ আনহাতে অসম আৰক্ষীয়ে অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক প্রশান্ত কুমাৰ দত্তৰ (পি কে দত্ত) এই ঘটনৰ মূল ষড়যন্ত্ৰকাৰী। মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত আৰু বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডত চি আই ডিৰ দলে অভিযান চলায়৷ কেইবাঘণ্টা ধৰি অৱসৰপ্রাপ্ত বিষয়াজনৰ ঘৰত চি আই ডিৰ দলে অভিযান চলাই হোটেলখনৰ কর্মচাৰীক সোধা–পোছা কৰাৰ লগতে কেতবোৰ নথি–পত্র জব্দ কৰে৷