যমুনাটাৰীত নিৰুদ্দিষ্ট দুই কিশোৰৰ মৃতদেহ ধান খেতিত উদ্ধাৰ 

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ  : কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ তুলসীবিল উপ-আৰক্ষী চকীৰ অধীনৰ যমুনাটাৰী গাঁৱৰ দুই কিশোৰ কালি আবেলি ৪ বজাত নিৰুদ্দেশ হয় । নিৰুদ্দিষ্ট কিশোৰ দুজন ক্ৰমে  নুৰজামাল হক (১০), আব্দুল কালামৰ পুত্ৰ আৰু ৰাকিবুল আলী (৯), জমেৰ আলী পুত্ৰ বুলি জানিব পৰা গৈছে। কালি নিৰুদিষ্ট কিশোৰ দুটাৰ আজি ঘৰৰ ওচৰৰ ধান খেতিত একেলগে মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়াত তুলসীবিল আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে এজন কিশোৰৰ পেটত এক আঘাতৰ চিন পাইছে বুলি স্থানীয় লোকে সদৰী কৰে । কিশোৰ দুজনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

Featured