নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আজি অসম দিৱস বা চ্যুকাফা দিৱস । স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰা ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ মানসেৰে সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। পাছত কেইবাটাও জাতীয় সংগঠনে ২ ডিচেম্বৰ দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে ৰজাঘৰক দাবী জনাই আহিছিল।
ইপিনে বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে অসম দিৱস। অসম দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱাই স্মৰণ কৰিলে স্বৰ্গদেউ চ্যুকাফাক ।