নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসম দিৱস

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আজি অসম দিৱস বা চ্যুকাফা দিৱস । স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰা ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ মানসেৰে সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। পাছত কেইবাটাও জাতীয় সংগঠনে ২ ডিচেম্বৰ দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে ৰজাঘৰক দাবী জনাই আহিছিল।

১৯৮৭ চনত চৰকাৰী পৃষ্ঠপোষকতাত জৰ্জ খেলপথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানৰ মুখ্য অতিথি আছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। সেইদিনাই অসম চৰকাৰৰ তৰফৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তই ২ ডিচেম্বৰ তাৰিখটো ‘চ্যুকাফা দিৱস’ বা ‘অসম দিৱস’ হিচাপে ঘোষণা কৰিছিল।

ইপিনে বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে অসম দিৱস। অসম দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱাই স্মৰণ কৰিলে স্বৰ্গদেউ চ্যুকাফাক ।

You might also like