অসম গ্ৰন্থমেলাৰ বাকৰিত দীপালী দুৱৰাৰ উপন্যাস জলদ গম্ভীৰ উন্মোচন

বিশেষ বাৰ্তা, ১ জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ প্ৰাংগণত গ্ৰন্থৰসিকৰ অংশগ্ৰহণে দিছে নতুন ৰূপ। শীতৰ বতৰত পছন্দৰ গ্ৰন্থ কিনাৰ লক্ষ্যৰে গ্ৰন্থমেলা বাকৰিত সকলোৱে ভাগ লৈছে। এই গ্ৰন্থৰ বতৰতে আজি আজি অসম গ্ৰন্থমেলা প্ৰাংগনত জে এছ পাব্লিকেছনৰ বিপণীত এটা অনুষ্টুপীয়া অনুষ্ঠানত দীপালী দুৱৰাৰ উপন্যাস ‘জলদ গম্ভীৰ’ৰ নামৰ এখন গ্ৰন্থ উন্মোচন হয়। অনুষ্ঠানত উপস্থিত থাকে নাট্যশিল্পী হিল্লোল কুমাৰ পাঠক, কবি কুকিল শইকীয়া, শিল্পী ময়ূৰ ৰাজবংশী আদি। ইয়াৰ পূৰ্বে কবি আৰু লেখিকা দীপালী দুৱৰাৰ কবিতাপুথি ‘নিদ্ৰাহীন মোৰ নীল গৰখীয়া’ প্ৰকাশ পাইছিল। ব্যক্তিগত জীৱনৰ উপলব্ধি, সম্পৰ্ক আৰু ব্যক্তিৰ জটিলতা আদিৰে সংপৃক্ত ‘জলদ গম্ভীৰ’ দুৱৰাৰ প্ৰথমখন উপন্যাস। প্ৰকাশক প্ৰণৱ হাজৰিকা আৰু গ্ৰন্থানুৰাগী সমুদ্ৰ কাজল শইকীয়া, ধনশ্ৰী কলিতা আদিৰ উপস্থিতিত প্ৰকাশ পোৱা এই উপন্যাসখনে নিশ্চিতভাৱে পাঠকৰ সঁ‌হাৰি লাভ কৰিব।

Featured