নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ চৰকাৰ আৰু জনপ্রতিনিধিক বহু আবেদন–নিবেদন কৰিও কোনো সঁহাৰি নাপাই অৱশেষত গাঁঠিৰ ধনেৰে নিজৰ পথছোৱা পকী কৰিলে পাথৰকোৱেৰী হৰিহৰপুৰৰ ১নং মঠঘৰীয়া অঞ্চলৰ ৰাইজে৷ আজি অঞ্চলটোৰ ৰাইজে ৰাজহুৱা শ্রমদান আৰু পকী কৰা শ্রমিকৰ সহায়ত প্রায় আধা কিলোমিটাৰ পথ পকী কৰে৷ উল্লেখ্য যে দিছপুৰ সমষ্টিৰ অন্তর্গত এই হৰিহৰপুৰ অঞ্চলটোত দশক দশক ধৰি কেইবাশ পৰিয়ালে বসবাস কৰি আছে৷ ইয়াৰে বেছিসংখ্যক লোকেই দিন হাজিৰা কৰি, গাড়ী চলাই, সুৰুসুৰা ব্যৱসায় কৰি সাধাৰণভাৱে জীৱন–যাপন কৰি আহিছে৷
অঞ্চলটোৰ একমাত্র যাতায়াতৰ পথটো বহু বছৰ ধৰি জৰাজীর্ণ হৈ আছে৷ যমৰ যাতনা ভুগি অঞ্চলবাসীয়ে চলাচল কৰি আহিছে৷ একমাত্র পথটো পকী কৰাৰ বাবে স্থানীয় বিধায়ক তথা চৰকাৰক একাধিকবাৰ লিখিতভাৱে আবেদন কৰিছে যদিও ৰহস্যজনক কাৰণত আজিলৈ কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ যাৰ ফলত বছৰে বছৰে ভুগি অহা দুর্ভোগ উপশমৰ উপায় হিচাপে অঞ্চলবাসীয়ে নিজাববীয়াকৈ বৰঙণি সংগ্রহ কৰি তথা প্রতিটো পৰিয়ালৰ পৰা ধন উঠাই আজি পকী কৰে পথছোৱা৷ আজি পুৱাৰে পৰা অঞ্চলটোৰ পুৰুষ–মহিলা ওলাই আহি পথটো পকীকৰণত সহযোগ কৰাৰ লগতে বর্তমানৰ চৰকাৰ আৰু বিধায়ক অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ ক্ষুব্ধ ৰাইজে আনকি অহা বিধানসভা নির্বাচনত ইয়াৰ উচিত প্রত্যুত্তৰ দিব বুলিও হুংকাৰ দিয়ে৷