গুৱাহাটীৰ বজাৰত পৃথক পৃথক মূল্যঃ পাইকাৰী মূল্যতকৈ তিনিগুণ বেছি দামত বিক্রী

শাক–পাচলিৰ মূল্যবৃদ্ধিৰে অসাধু চক্রৰ লুণ্ঠন

নিয়মীয়া বাৰ্তা, ২২ জুনঃ ৰাজ্যত বানে সংহাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত শাক–পাচলি উৎপাদনত ব্যাঘাত জন্মাৰ লগতে বজাৰৰ ওপৰতো নেতিবাচক প্রভাৱ পৰিছে৷ বানৰ দুর্যোগক গইনা হিচাপে লৈ অসাধু চক্রই শাক–পাচলিৰ মূল্যবৃদ্ধিৰে লুণ্ঠন চলাইছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত এই অসাধু চক্রটোৱে পাইকাৰী মূল্যতকৈ দুই–তিনিগুণ অধিক দামত শাক–পাচলি বিক্রী কৰি আহিছে৷ গুৱাহাটী মহানগৰীত বজাৰভেদে পৃথক পৃথক মূল্যত শাক–পাচলি ক্রয় কৰিবলগীয়া হৈছে গ্রাহকে৷

মহানগৰীৰ পামহী পাইকাৰী বজাৰ, বেহাৰবাৰীৰ ব্রহ্মপুত্র বজাৰ, ফাঁচীবজাৰৰ পাইকাৰী বজাৰত ভাতকেৰেলা, তিতাকেৰেলা, জিকা, ভেন্দি, অমিতা, লেছেৰা, বিন, বিলাহী, বেঙেনা আদিকে ধৰি বিভিন্ন শাক–পাচলি কম মূল্যত ক্রয় কৰি দুই–তিনিগুণৰো অধিক দামত বিক্রী কৰি আহিছে অসাধু ব্যৱসায়ীসকলে৷ পামহী, ব্রহ্মপুত্র বজাৰ আৰু ফাঁচীবজাৰত প্রতিকেজি ভাতকেৰেলাৰ পাইকাৰী মূল্য ৩০ টকা, ভেন্দি ২৫ টকা, জিকা ৩০ টকা, অমিতা ১৫ টকা, লেছেৰা ৩০ টকা, বিন ৩০ টকা, বিলাহী ৩০ টকা, বেঙেনা ৩০ টকা৷ কিন্তু পাইকাৰী বজাৰত ১৫, ৩০, ২৫ টকাত ক্রয় কৰা জিকা, ভেন্দি, লেছেৰা, অমিতা, বিলাহী প্রতিকেজিত ৮০ৰ পৰা ১২০ টকাত বিক্রী কৰি আহিছে অসাধু ব্যৱসায়ী চক্রটোৱে৷ পামহী পাইকাৰী বজাৰত ৩০ টকাত ক্রয় কৰা জিকা হাতীগাঁৱত ৮০টকাত বিক্রী কৰে ব্যৱসায়ীসকলে৷

হাতীগাঁৱত ভাৰাতীয়া হিচাপে থকা অম্লান ভূঞা নামৰ যুৱকজনে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে তেওঁৰ এগৰাকী বন্ধুৱে পামহী পাইকাৰী বজাৰৰ পৰা প্রতিকেজি জিকা ৩০টকাকৈ ক্রয় কৰিছিল৷ কিন্তু তেওঁৰ এগৰাকী বন্ধুৱে হাতীগাঁৱৰ বজাৰত ৮০টকা দৰত প্রতিকেজি জিকা ক্রয় কৰিবলগীয়া হৈছে৷ ঠিক একেদৰে গণেশগুৰিৰ বজাৰত প্রতিকেজি জিকাৰ মূল্য ১০০ৰ পৰা ১২০ টকাত বিক্রী কৰিছে ব্যৱসায়ীসকলে৷ গুৱাহাটী মহানগৰীৰ বজাৰভেদে শাক–পাচলি পৃথক পৃথক দৰত ক্রয় কৰিবলগীয়া হৈছে মহানগৰীত বসবাস কৰা লোকসকলে৷ বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে শাক–পাচলিৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰি মুনাফা লুটি আহিছে৷ ভুক্তভোগী গ্রাহকসকলে শাক–পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধি সন্দর্ভত জিলা প্রশাসনক অৱগত কৰিছে৷ কিন্তু শাক–পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷