গুৱাহাটী পৌৰসভা নির্বাচনঃ ১৭–১৯ এপ্রিলত মুখ্যমন্ত্রীৰ প্রচাৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক্রমাৎ তুংগত উঠিছে গুৱাহাটী পৌৰ নিগম (জি এম চি)ৰ নির্বাচনী প্রচাৰ অভিযান৷ নির্বাচনলৈ মাত্র ৫টা দিন বাকী থকাত শাসক–বিৰোধী উভয়ে প্রচাৰ অভিযান জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শাসকীয় বিজেপি আৰু মিত্রদল অগপই গুৱাহাটী পৌৰ নিগম নিজৰ দখললৈ নিয়াৰ লক্ষ্যৰে ৰঙালী বিহুৰ মাজতে দলীয় প্রার্থীক লৈ প্রচাৰ অব্যাহত ৰাখিছে৷ বিজেপিয়ে পৌৰ নিগমৰ নির্বাচনৰ দায়িত্ব অর্পণ কৰিছে ৮গৰাকীকৈ কেবিনেট মন্ত্রীক৷

ইতিমধ্যে আটাইকেইজন মন্ত্রীয়ে প্রচাৰ অভিযান চলাই থকাৰ পাছত ১৭ এপ্রিল অর্থাৎ আজিৰ পৰা গুৱাহাটীত দলীয় প্রচাৰত নামিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীয়ে আজি চাৰিখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ আজি বিয়লি ৩ বজাত মুখ্যমন্ত্রীৰ প্রথমখন সভা অনুষ্ঠিত হ’ব নাৰেংগীত৷ ইয়াৰ পৰৱর্তী সভাসমূহ ক্রমে চানমাৰিৰ পেন্সনপাৰা, গান্ধীবস্তি আৰু চম্পাৱতী হাইস্কুলত৷ মুখ্যমন্ত্রী ড০ শর্মাক এই নির্বাচনী সভাত সংগ দিব মন্ত্রী সঞ্জয় কিষাণ, পীয়ূষ হাজৰিকা, কেশৱ মহন্ত আৰু বিমল বৰাই৷

আনহাতে, ১৮ এপ্রিলত মুখ্যমন্ত্রীৰ প্রথমখন নির্বাচনী সভা অনুষ্ঠিত হ’ব খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত দিনৰ ২ বজাত৷ উক্ত দিনা মুখ্যমন্ত্রীৰ আন সভাসমূহ হ’ব লালগণেশ আৰু পশ্চিম গুৱাহাটীত৷ ১৮ এপ্রিলৰ নির্বাচনী প্রচাৰ অভিযানত মুখ্যমন্ত্রীক সংগ দিব মন্ত্রী যোগেন মহন, অশোক সিংহল আৰু ৰণোজ পেগুৱে৷ ১৯ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাৰ নির্বাচনী সভা অনুষ্ঠিত হ’ব ক্রমে পশ্চিম গুৱাহাটী আৰু জালুকবাৰীত৷ এই দুয়োখন নির্বাচনী সভাত মুখ্যমন্ত্রীক সংগ দিব মন্ত্রী অজন্তা নেওগে৷

লক্ষণীয় দিশটো হ’ল যে শাসকীয় বিজেপিৰ তুলনাত নির্বাচনী প্রচাৰ অভিযান অতি নিস্তেজ বিৰোধী কংগ্রেছৰ৷ আনকি গুৱাহাটী পৌৰ নিগম বিজেপিয়ে গঠন কৰিব বুলি ঘোষণা কৰি দিলে কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই৷ যুদ্ধৰ পূর্বেই আত্মসমর্পণ কৰা কংগ্রেছৰ বিধায়কগৰাকীৰ মন্তব্য– চৰকাৰ যি দলৰেই থাকে, নির্বাচনৰ ফলাফল সেই দলৰ পক্ষে হয়৷ সেয়া পঞ্চায়ত নির্বাচনেই হওক বা পৌৰসভা বা পৌৰ নিগমৰ নির্বাচনেই হওক৷ শাসকীয় দলৰ সুবিধা বহু বেছি৷ কংগ্রেছৰ কার্যকৰী সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে কিন্তু প্রদেশ কংগেছৰ সভাপতি ভূপেন বৰাই পৌৰ নিগম নির্বাচনত গুৱাহাটীবাসীয়ে কংগ্রেছক এটা সুযোগ দিব বিচাৰিছে বুলি মন্তব্য কৰিছে৷

ভূপেন বৰাই সেয়েহে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটী মেয়ৰৰ নাম কংগ্রেছে নির্বাচনৰ পূর্বে ঘোষণা কৰি থ’ব বুলি স্পষ্ট কৰিছে৷ ভূপেন বৰাৰ এনে ঘোষণাক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কটাক্ষ কৰি ক’লে– গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত যে কংগ্রেছ হাৰিব, তাৰ ইংগিত ইতিমধ্যে দলটোৱে পাইছে৷ এই নির্বাচনত ৬০টা ৱার্ডৰ আটাইকেইটা ৱার্ড বিজেপি আৰু মিত্রদলে লাভ কৰাটো নিশ্চিত৷

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন ৰেকর্ড সংখ্যাৰে জয়লাভৰ লক্ষ্য কৰি লোৱা বিজেপিয়ে এইবাৰ মন্ত্রী–বিধায়কৰ ব’হাগ বিহুৰ ছুটী বাতিল কৰিছে৷ প্রতিজন মন্ত্রীক দায়িত্ব ভগাই দিয়া হৈছে ৱার্ড৷ মন্ত্রী পীয়ূষ হাজৰিকাই এই সন্দর্ভত প্রকাশ কৰা মতে জি এম চি নির্বাচনত বিজেপি আৰু মিত্রদলে আটাইকেইখন আসনত জয়লাভ কৰিব৷ তেওঁ কয়– আমি ইতিমধ্যে তিনিটা ৱার্ডত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ৷ বাকী ৫৭টা ৱার্ডত জয়ৰ ব্যৱধান বৃদ্ধিৰ বাবেহে প্রচাৰ অভিযান জোৰদাৰ কৰি তোলা হৈছে৷

Featured